ETV Bharat / bharat

‘ইটিভি ভাৰত’ক প্ৰশংসা মিছ ইণ্ডিয়াৰ - কানপুৰৰ আইআইটি ইণ্টাৰকলেজ ফেষ্ট-আতৰাংগী অনুষ্ঠান

‘এক ৰাষ্ট্ৰ,এক এপ’ নামে সংবাদ জগতত সংযোজিত হোৱা ইটিভি ভাৰত নিউজ এপক প্ৰশংসা 2018 বৰ্ষৰ ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড অনুকৃতি ভাছৰ ৷ ডিজিটেল প্লেটফৰ্মত মানুহৰ আশাৰ উৰ্দ্ধত কাম কৰিবলৈ সক্ষম হৈছে ‘এক ৰাষ্ট্ৰ,এক এপ’ নামে সংবাদ জগতত সংযোজিত হোৱা ইটিভি ভাৰতে ৷

‘ইটিভি ভাৰত’ক প্ৰশংসা মিছ ইণ্ডিয়াৰ
author img

By

Published : Oct 19, 2019, 6:37 PM IST

নিউজ ডেস্ক,19 অক্টোবৰ: ইটিভি ভাৰতৰ প্ৰশংসাত পঞ্চমুখ 2018 বৰ্ষৰ ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড অনুকৃতি ভাছ ৷ কানপুৰৰ আই আই টি ইণ্টাৰ কলেজ ফেষ্ট-আতৰাংগী অনুষ্ঠানত অংশগ্ৰহণ কৰি ইটিভি ভাৰতৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে অনুকৃতি ভাছ ৷ তত্ব সম্পন্ন বাতৰি ইত্যাদি প্ৰদান কৰাত ডিজিটেল মাধ্যমত জনসাধাৰণৰ আশাতকৈ যথেষ্ট উৰ্দ্ধত বুলি মন্তব্য কৰে মিছ ইণ্ডিয়া ৱৰ্ল্ডগৰাকীয়ে ৷

ইটিভি ভাৰত ক 2018 বৰ্ষৰ ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড অনুকৃতি ভাছৰ

বাতৰি পৰিৱেশনে হওক অথবা প্ৰৱন্ধ মূলক কাহিনীয়ে হওঁক সকলো দিশতে জনসাধাৰণৰ আশা পূৰণ কৰাত সফল হৈছে বুলি উল্লেখ কৰে অনুকৃতিয়ে ৷ এক বিশেষ সাক্ষাৎকাৰত তেওঁ লগতে কয় যে,ইটিভি ভাৰতৰ নিৰপেক্ষ লেখাৰ প্ৰতি যথেষ্ট আকৰ্ষিত হৈ নিজেই ইটিভি ভাৰত এপটো ডাউনল’ড কৰাই নহয় অন্যকো ডাউনল’ড কৰিবলৈ আহ্বান জনাইছে ৷

উল্লেখ্য যে, ইটিভি ভাৰত হৈছে একমাত্ৰ ডিজিটেল মাধ্যম য’ত দেশৰ 13 টা ভাষাত ‘এক ৰাষ্ট্ৰ এক এপ’ৰ নতুন বিষয় বস্তু লৈ জনসাধাৰণৰ মাজত আহিবলৈ সক্ষম হৈছে ৷ শেহতীয়াকৈ এখন নতুন তামিল ছবিত দেখা পোৱা যাব এইগৰাকী মডেলক ৷ আনহাতে যুৱ প্ৰজন্মক সদায় কষ্ট কৰিবলৈ আহ্বান জনায় অনুকৃতিয়ে কয় যে কষ্টৰ ফলতেই সফলতা পোৱা যায় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.