ETV Bharat / bharat

ৰাহুল গান্ধীৰে বাৰ্তালাপ কৰা শ্ৰমিকৰ সৈতে মিলিত হ'ল ইটিভি ভাৰত

author img

By

Published : May 25, 2020, 3:30 PM IST

যিসকল প্ৰব্ৰজিত শ্ৰমিকৰ সৈতে ৰাহুল গান্ধীয়ে বাৰ্তালাপ কৰাৰ এটা ভিডিঅ' প্ৰকাশ পাইছিল সেই শ্ৰমিকৰে ইটিভি ভাৰতৰ বাৰ্তালাপ ৷ শ্ৰমিকসকলৰ ঝাঁছীস্থিত ঘৰত উপস্থিত হয় ইটিভি ভাৰত ৷

প্ৰব্ৰজিত শ্ৰমিক
ৰাহুল গান্ধীৰে বাৰ্তালাপ কৰা শ্ৰমিকৰ সৈতে মিলিত হ'ল ইটিভি ভাৰত

নেশ্যনেল ডেস্ক, 25 মে': শনিবাৰে প্ৰকাশ পাইছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰব্ৰজিত শ্ৰমিকৰ এটা দলৰ সৈতে বাৰ্তালাপ কৰাৰ ভিডিঅ' ৷ সেই ভিডিঅ'ত থকা শ্ৰমিকসকলৰে দুজনৰ ঝাঁছীস্থিত ঘৰত উপস্থিত হয় ইটিভি ভাৰত ৷

ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপ কৰি ৰাজকুমাৰ নামৰ লোকজনে কয়, "দিল্লীত আমি খোজকাঢ়ি থাকোতে কিছুলোকে কয় যে, ৰাহুল গান্ধীয়ে সেই স্থান ভ্ৰমণ কৰিব ৷ ইয়াৰ 10 মিনিট পাচতে ৰাহুল গান্ধী সেই স্থানত উপস্থিত হয় আৰু আমাৰ সৈতে ফুটপাথত বহে ৷ তেওঁ সুধিলে আমি কিয় ঘৰলৈ ওলাইছো আৰু কি কি সমস্যাৰ সন্মুখীন হৈছো ৷ আমাৰ আৰ্থিক অনাটন সম্পৰ্কত তেওঁক জনালো ৷ আমাৰ লগত কথা পতাৰ পাচতে গান্ধীয়ে 14 জনৰ বাবে গাড়ীৰ সুবিধা কৰি দিয়ে আৰু ঘৰলৈ পঠাই দিয়ে ৷"

একেটা পৰিয়ালৰে ৰামসাক্ষীয়ে কয়, "হাৰিয়ানাৰ পৰা নিজামুদ্দিন আমি খোজকাঢ়ি আহি উপস্থিত হ'লো ৷ আমি তাত শ্ৰমিক হিচাপে কাম কৰিছিলো ৷ আমাৰ ঘৰৰ গৰাকীয়ে ঘৰভাড়া খুজিছিল কিন্তু আমাৰ হাতত টকা নাছিল ৷ যেতিয়া ৰাহুল গান্ধীয়ে আমাক লগ পালে তেওঁ আমাক সহায় কৰিব বিচাৰিলে আৰু আমি গ্ৰহণ কৰিলো ৷"

উল্লেখ্য যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰব্ৰজিত শ্ৰমিকৰ এটা দলৰ সৈতে বাৰ্তালাপ কৰাৰ এটা ভিডিঅ' শনিবাৰে কংগ্ৰেছে মুকলি কৰিছিল ৷ প্ৰায় এঘন্টা সময়ৰ বাবে তেওঁ শ্ৰমিকসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে গাড়ীৰ সুবিধা কৰি নিজ স্থানলৈ প্ৰেৰণ কৰিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.