নেশ্যনেল ডেস্ক, 18 ফেব্ৰুৱাৰীঃ ইটিভি ভাৰতলৈ দক্ষিণ এছিয়া ডিজিটেল মিডিয়া বঁটা 2019ৰ সৰ্বশ্ৰেষ্ঠ ডিজিটেল নিউজ ষ্টাৰ্ট আপ বঁটা ৷ ৱৰ্ল্ড এচোছিয়েচন অফ নিউজপেপাৰ এণ্ড পাবলিশ্বাৰচ (ৱান-ইফৰা)ৰ উদ্যোগত নতুন দিল্লীত মঙলবাৰে দুদিনীয়াকৈ আয়োজিত 9 সংখ্যক ডিজিটেল মিডিয়া ইণ্ডিয়া কনফাৰেন্স, 2020 অনুষ্ঠানত এই বঁটা প্ৰদান গ্ৰহণ কৰে ইটিভি ভাৰতৰ সঞ্চালক বিৰাথী চেৰকুৰীয়ে ৷
আৰম্ভ হোৱাৰ প্ৰথমটো বছৰতে ৰাম’জী গ্ৰুপৰ চেয়াৰমেন ৰাম’জী ৰাওৰ তত্বাৱধানত ডিজিটেল মিডিয়া জগতত ইটিভি ভাৰতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ডিজিটেল নিউজ মাধ্যম হিচাপে সৰ্বশ্ৰেষ্ঠ ৰূপত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে ৷
উল্লেখ্য যে ‘দ্য ৱায়াৰ ইংলিছে’ সৰ্বশ্ৰেষ্ঠ ডিজিটেল নিউজ ষ্টাৰ্ট আপ শাখাৰ সোণৰ পদক লাভ কৰাৰ বিপৰীতে ‘দ্য ফেডাৰেলে’ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে এই শাখাতে ইটিভি ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰে ৷ ৱান-ইফৰাই বিশ্বৰ 120 খন দেশৰ 3000তকৈ অধিক প্ৰকাশক গোষ্ঠী আৰু 18,000 প্ৰকাশকৰ প্ৰতিনিধিত্ব কৰে ৷ এই বঁটা স্বীকৃতিপ্ৰাপ্ত ডিজিটেল মিডিয়া আৰু ম’বাইল প্লেটফৰ্ম মাজত প্ৰদান কৰা হয় ৷
উল্লেখ্য যে ইটিভি ভাৰতে 13 চেপ্তেম্বৰ 2019 চনত নেডাৰলেণ্ডৰ আমষ্টাৰডামত ইন্টাৰনেশ্যনেল ব্ৰডকাষ্টিং কনভেনশ্বন 2019ৰ ইনোভেশ্বন বঁটা লাভ কৰিছিল ৷
ফেচবুক, ডাচ্চ টেলিকমকে ধৰি 180 টা প্ৰতিযোগীৰ ভিতৰত ইটিভি ভাৰতে ইন্টাৰনেশ্যনেল ব্ৰডকাষ্টিং কনভেনশ্বনৰ সৰ্বশ্ৰেষ্ঠ ‘নিউজ এপ’ হিচাপে পৰিগণিত হ’বলৈ সক্ষম হৈছে ৷ ইটিভি ভাৰত 2019 বৰ্ষৰ 20 মাৰ্চত শুভাৰম্ভণি কৰা হৈছিল ৷ ই দেশৰ পৰ্টেল সমূহৰ ভিতৰত এক অন্যতম বিশাল ডিডিঅ’ কেন্দ্ৰীক ম’বাইল এপৰূপে সাংবাদিকতা সেৱা আগবঢ়াই আছে ৷ ইটিভি ভাৰত সমগ্ৰ ভাৰতৰ 13 টা ভাষাক সাঙুৰি 28 খন ৰাজ্যক প্ৰতিনিধিত্ব কৰে ৷ ই অনৈক্যৰ মাজত ঐক্যতাৰ এক সুন্দৰ দৃষ্টান্ত দাঙি ধৰিছে ৷
আৰু পঢ়কঃফিল্মফেয়াৰৰ পিছত গুৱাহাটীত ক্ৰীড়াজগতৰ মহা বঁটা প্ৰদান অনুষ্ঠান