ETV Bharat / bharat

শ্ৰীলংকা বাহিনীৰ সৈতে কৰমৰ্দন নকৰে ইংলেণ্ড ক্ৰিকেট দলে

author img

By

Published : Mar 3, 2020, 2:26 PM IST

কৰ'ণা ভাইৰাছৰ বাবে সিংহলী বাহিনীৰ সৈতে কৰমৰ্দন কৰিবলৈ অস্বীকাৰ ইংলেণ্ড ক্ৰিকেট দলৰ৷ আগন্তুক শ্ৰীলংকা-ইংলেণ্ডৰ মাজৰ দুখন টেষ্ট মেচৰ বাবে ইংলেণ্ডৰ দলটো শ্ৰীলংকালৈ ৰাওনা হ’বলৈ সাজু হোৱাৰ সময়তে সংবাদ মাধ্যমে অধিনায়কগৰাকীক ভাইৰাছ সন্দৰ্ভত কৰা প্ৰশ্নত এইদৰে মত প্ৰকাশ কৰে ইংলেণ্ড ক্ৰিকেট দলৰ অধিনায়ক জ্যো ৰুটে৷

শ্ৰীলংকা বাহিনীৰ সৈতে কৰমৰ্দন নকৰে ইংলেণ্ড ক্ৰিকেট দলে
শ্ৰীলংকা বাহিনীৰ সৈতে কৰমৰ্দন নকৰে ইংলেণ্ড ক্ৰিকেট দলে

ইণ্টাৰনেশ্যনেল ডেস্ক, 3 মাৰ্চঃ কৰ'ণা ভাইৰাছ সন্দৰ্ভত সোমবাৰে ইংলেণ্ড ক্ৰিকেট দলৰ অধিনায়ক জ্যো ৰুটৰ বিস্ফোৰক মন্তব্য ৷ আগন্তুক শ্ৰীলংকা-ইংলেণ্ডৰ মাজৰ দুখন টেষ্ট মেচৰ বাবে ইংলেণ্ডৰ দলটো শ্ৰীলংকালৈ ৰাওনা হ’বলৈ সাজু হোৱাৰ সময়তে সংবাদ মাধ্যমে অধিনায়কগৰাকীক কৰ'ণা ভাইৰাছ সন্দৰ্ভত প্ৰশ্ন কৰে ৷ ভাইৰাছৰ বাবে তেওঁৰ দলৰ সদস্যই সিংহলী বাহিনীৰ সৈতে কৰমৰ্দন নকৰে বুলি তেওঁ মত প্ৰকাশ কৰে ৷

কৰমৰ্দনৰ সলনি ইজনে আনজনক হাতেৰে মুঠি বান্ধি আদৰণি জনাব বুলি অধিনায়ক ৰুটে জানিবলৈ দিয়ে ৷ তেওঁ দলটোক পৰিকল্পনা অনুসৰি আগবাঢ়িবলৈ দিছে যদিও শ্ৰীলংকা দলৰ কৰ্মকৰ্তাৰ সৈতে নিয়মিতভাৱে সম্পৰ্ক ৰক্ষা কৰিবলৈ আৰু উপদেশ অনুসৰি আগবাঢ়িবলৈ কয় ৷

উল্লেখ্য যে,কিছুসময় পূৰ্বে ইংলেণ্ড দলটোৱে দক্ষিণ আফ্ৰিকা ভ্ৰমণত গেষ্ট্ৰ’ৱেনটেৰিটিচ আৰু ফ্লু জাতীয় বেমাৰৰ সন্মুখীন হ’ব লগা হৈছিল ৷ শ্ৰীলংকা-ইংলেণ্ডৰ মাজৰ আগন্তুক টেষ্ট মেচ দুখনৰ বাবে শনিবাৰে শ্ৰীলংকাৰ কটুনায়কেত দুখন ৱাৰ্ম আপ মেচ অনুষ্ঠিত হ’ব৷ শ্ৰীলংকা-ইংলেণ্ডৰ মাজৰ এই শৃংখলা আগন্তুক আই.চি.চি বিশ্বকাপৰ এটা অংশ হ’ব ৷

ইফালে,চীনৰ য়ুহানত উৎপত্তি হোৱা কৰ'ণা ভাইৰাছৰ বাবে ইতিমধ্যে কেইবাখনো খেল স্থগিত ৰখা হৈছে ৷ বৰ্তমানলৈ 58 খন দেশৰ প্ৰায় 86,000 জন লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে আৰু 3000ৰো অধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৷

লগতে চাওকঃপৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ অহ্বান আলোচনাপন্থী আলফাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.