ETV Bharat / bharat

কুলগাম সংঘৰ্ষত নিহত দুই সন্ত্ৰাসবাদী

author img

By

Published : Oct 10, 2020, 9:06 AM IST

জম্মু-কাশ্মীৰৰ কুলগামত শনিবাৰে ৰাতিপুৱাৰ ভাগত সংঘটিত হোৱা সংঘৰ্ষত দুই সন্ত্ৰাসবাদী নিহত হোৱাৰ বাতৰি পোৱা গৈছে ৷

কুলগাম সংঘৰ্ষত নিহত দুই সন্ত্ৰাসবাদী
কুলগাম সংঘৰ্ষত নিহত দুই সন্ত্ৰাসবাদী

নিউজ ডেস্ক, 10 অক্টোবৰ : জম্মু-কাশ্মীৰৰ কুলগাম জিলাত শনিবাৰে ৰাতিপুৱাৰ ভাগত সংঘটিত হোৱা সংঘৰ্ষত দুই সন্ত্ৰাসবাদী নিহত হোৱাৰ তথ্য প্ৰকাশ কৰিছে কাশ্মীৰ আৰক্ষীয়ে ৷ জিলাখনৰ চিনগুম অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হৈছিল এই সংঘৰ্ষ ৷

কাশ্মীৰ আৰক্ষীয়ে টুইট কৰি এই তথ্য প্ৰকাশ কৰিছে ৷ সংঘৰ্ষত দুই অচিনাক্ত সন্ত্ৰাসবাদী নিহত হোৱা বুলি জনাইছে কাশ্মীৰ আৰক্ষীয়ে ৷

বিগত 7 অক্টোবৰতো ছোপিয়ান জিলাত সংঘটিত হোৱা সংঘৰ্ষত তিনিটা সন্ত্ৰাসবাদী নিহত হৈছিল ৷ আনহাতে জম্মু-কাশ্মীৰৰ গান্দেৰবল জিলাৰ বিজেপি কৰ্মী গুলাম কাদিৰ ৰাথাৰৰ ব্যক্তিগত সুৰক্ষা কৰ্মীৰ ওপৰত অচিনাক্ত সন্ত্ৰাসবাদীয়ে গুলিচালনা কৰিছিল ৷ এই ঘটনাৰ পিচতেই সেনাই এটা সন্ত্ৰাসবাদী নিধন কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক : জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত লিপ্ত সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.