নিউজ ডেস্ক, 6 এপ্ৰিলঃ যিসময়ত সম্পূৰ্ণ দেশত লক ডাউন কাৰ্যকৰী হৈছে সেই সময়টো নিৰন্তৰ নিজ কৰ্তব্যত বৰ্তি আছে একাংশ লোক ৷ 25 মাৰ্চৰ পৰা বন্ধ হৈ পৰিছিল সকলো বিমান সেৱা ৷ সকলো ব্যৱসায়ীক বিমানো স্থগিত কৰা হৈছিল ৷ কিন্তু সেই সময়ছোৱাৰ পৰা বৰ্তমানলৈ 24 ঘন্টা নিজৰ দায়িত্ব পালন কৰি আছে ইন্দিৰা গান্ধি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰে ৷
দিল্লী এয়াৰ কাৰ্গ', কাষ্টম, গ্ৰাউণ্ড হেণ্ডলাৰ, ফ'ৰৱাৰদাৰ, কাষ্টম হাউছ এজেন্ট, ৰেগুলেটৰচ, আৰু ৰাজ্যখনৰ আৰক্ষী বাহিনী এক হৈ এই জৰুৰীকালীন সময়চোৱাটো প্ৰতিদিনে জনসাধাৰণৰ প্ৰাথমিক অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰি আহিছে ৷
![দিল্লী বিমান বন্দৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6680772_thumb.jpg)
25 মাৰ্চৰ পৰা 2 এপ্ৰিললৈ দিল্লী বিমান বন্দৰৰ কৰ্মচাৰীসকলে 30 খন বিমানৰ জৰিয়তে লক ডাউনৰ বাবে দেশত বন্দী হৈ থকা 5751 গৰাকী বিদেশী নাগৰিকক নিজ দেশলৈ স্থানান্তৰ কৰে ৷ একমাত্ৰ বিমান বন্দৰটোত কৰ্মৰত লোকসকলৰ বাবে এয়া সম্ভৱপৰ হৈ উঠে ৷
বিমান বন্দৰত কৰ্মৰত সকলো কৰ্মচাৰীয়ে দিনে-নিশাই নিজৰ কামত বৰ্তি হৈ আছে ৷ ইয়াৰোপৰি, ভাৰতলৈ অহা অথবা ভাৰতৰ বাহিৰলৈ যোৱা সকলো যাত্ৰীৰ খাদ্য আৰু থকা-শোৱাৰ প্ৰতিও সমানে সুবিধা প্ৰদান কৰিছে বিমান বন্দৰৰ কৰ্মচাৰীসকলে ৷