ৰাঁচী, 1 নৱেম্বৰ: শুকুৰবাৰে মুখ্যনিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই ঘোষণা কৰিলে আগন্তক ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দিন ৷ ৰাজ্যখনত 30 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ পাঁচটা পৰ্যায়ত এই নিৰ্বাচন অনুষ্ঠিত হব ৷ 30 নৱেম্বৰত, 13টা সমষ্টিক সামৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হব ৷ ইয়াৰ পাছতেই 7, 12 ,16, আৰু 20 ডিচেম্বৰত ক্ৰমে দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্যায়ত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হব ৷ ভোটগ্ৰহণৰ পাছতেই 23 ডিচেম্বৰত ঘোষণা কৰা হব ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ উল্লেখযোগ্য যে, মুঠ 81খন আসন থকা ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচন 2014 চনটো 5টা পৰ্যায়ত অনুষ্ঠিত হৈছিল য'ত 66.6 শতাংশ লোকে ভোটদান কৰিছিল আৰু 31.3 শতাংশ ভোট লাভ কৰি 37 খন আসনেৰে বিজেপি দলে চৰকাৰ গঠন কৰিছিল ৷ ইফালে, বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে ৰাজ্যখনত ইতিমধ্যে নিৰ্বাচনী আচৰণ বিধি বলৱৎ কৰা হৈছে ৷
ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা : পাঁচটা পৰ্যায়ত অনুষ্ঠিত হব ভোট গ্ৰহণ
মুখ্যনিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই কৰিলে ঘোষণা ৷ 30 নৱেম্বৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ 23 ডিচেম্বৰত ঘোষণা হব ফলাফল ৷ ৰাজ্যখনত বলৱৎ হল নিৰ্বাচনী আচৰণ বিধি ৷
ৰাঁচী, 1 নৱেম্বৰ: শুকুৰবাৰে মুখ্যনিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই ঘোষণা কৰিলে আগন্তক ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দিন ৷ ৰাজ্যখনত 30 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ পাঁচটা পৰ্যায়ত এই নিৰ্বাচন অনুষ্ঠিত হব ৷ 30 নৱেম্বৰত, 13টা সমষ্টিক সামৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হব ৷ ইয়াৰ পাছতেই 7, 12 ,16, আৰু 20 ডিচেম্বৰত ক্ৰমে দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্যায়ত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হব ৷ ভোটগ্ৰহণৰ পাছতেই 23 ডিচেম্বৰত ঘোষণা কৰা হব ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ উল্লেখযোগ্য যে, মুঠ 81খন আসন থকা ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচন 2014 চনটো 5টা পৰ্যায়ত অনুষ্ঠিত হৈছিল য'ত 66.6 শতাংশ লোকে ভোটদান কৰিছিল আৰু 31.3 শতাংশ ভোট লাভ কৰি 37 খন আসনেৰে বিজেপি দলে চৰকাৰ গঠন কৰিছিল ৷ ইফালে, বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে ৰাজ্যখনত ইতিমধ্যে নিৰ্বাচনী আচৰণ বিধি বলৱৎ কৰা হৈছে ৷
Election Commission announced dates in jharkhand
Conclusion: