ETV Bharat / bharat

মৃত্যুদণ্ড অথবা যাবজ্জীৱন কাৰাদণ্ড

author img

By

Published : Dec 6, 2019, 8:48 PM IST

Updated : Dec 7, 2019, 11:57 AM IST

যৌন নিৰ্যাতন তথা ধৰ্ষণ কাণ্ডৰ অপৰাধীক বিভিন্ন ৰাষ্ট্ৰত বিভিন্ন ধৰণে শাস্তি প্ৰদান কৰা হয় ৷ শাস্তিসমূহ হ'ল :

বিভিন্ন ৰাষ্ট্ৰত যৌন নিৰ্যাতনৰ শাস্তি
মৃত্যুদণ্ড অথবা যাবজ্জীৱন কাৰাদণ্ড

বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত মহিলাৰ বিৰুদ্ধে যৌন নিৰ্যাতন তথা ধৰ্ষণ কাণ্ড সংঘটিত কৰা অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰতম শাস্তি গ্ৰহণ কৰা উচিত ৷ ইছলামিক ৰাষ্ট্ৰসমূহত এনে অপৰাধীসকলক মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ উপৰি শিলগুটি নিক্ষেপ কৰি হত্যা কৰা হয় ৷ কিছুমান ৰাষ্ট্ৰত আকৌ খৰতকীয়া বিচাৰ সম্পন্ন কৰি শাস্তি ঘোষণা কৰা হয় ৷ যৌন নিৰ্যাতনকাৰীসকলৰ বিৰুদ্ধে বিভিন্ন ৰাষ্ট্ৰসমূহে গ্ৰহণ কৰা পদক্ষেপসমূহ তলত উল্লেখ কৰা হ'ল :

উত্তৰ কোৰিয়া : কোনো ক্ষমাদান নকৰি ধৰ্ষণকাৰীক মৃত্যুদণ্ড ঘোষণা কৰা হয় ৷ গুলীচালনা কৰা এটা স্কোৱাডে অভিযুক্তৰ মগজু অথবা শৰীৰৰ অন্য অংগত গুলীয়াই হত্যা কৰে ৷

চীন : চীনত যৌন নিৰ্যাতন এক ভয়ানক অপৰাধ ৷ ন্যায়পালিকাই অতি খৰতকীয়াকৈ সমগ্ৰ বিষয়টো পৰীক্ষণ কৰাৰ লগতে তদন্ত সম্পূৰ্ণ কৰে ৷ অপৰাধীজনক পিছফালৰ পৰা গুলীয়াই হত্যা কৰা হয় ৷ বহু ঘটনাত লিংগ ছেদ কৰি দিয়া হয় ৷ কিন্তু অধিক সংখ্যক ঘটনাত ভুক্তভোগীগৰাকীয়ে লজ্জাবোধ কৰি মনে মনে থাকে ৷

ছৌদি আৰৱ : বিচাৰৰ কিছুদিনৰ ভিতৰতে শাস্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হয় ৷ এনে অপৰাধীক সামূহিকভাৱে শিৰচ্ছেদ কৰা হয় ৷ কেতিয়াবা শিলগুটি নিক্ষেপ কৰিও হত্যা কৰা হয় ৷

ইৰান : অপৰাধীক মৃত্যুদণ্ডৰ ৰায় দিয়া হয় ৷ গুলীয়াই অথবা ফাঁচিকাঠত ওলমাই হত্যা কৰা হয় ৷ ভুক্তভোগীগৰাকীয়ে সহমতি দিলে মৃত্যুদণ্ড বাতিল কৰা হয় আৰু ইয়াৰ পৰিৱৰ্তে বেতেৰে 100 কোব দিয়াৰ লগতে যাবজ্জীৱন কাৰাদণ্ড প্ৰদান কৰা হয় ৷

আফগানিস্তান : অপৰাধ সংঘটিত কৰাৰ 4 দিনৰ ভিতৰতে শাস্তি প্ৰদান কৰা হয় ৷ মগজুত গুলীয়াই অথবা ফাঁচিকাঠত ওলমাই অপৰাধীক মৃত্যুদণ্ড দিয়া হয় ৷ ভুক্তভোগীসকলে নিজে অপৰাধীক শাস্তি প্ৰদান কৰাৰো ব্যৱস্থা আছে ৷

আৰৱ, ইজিপ্ত : ফাঁচিকাঠত ওলমাই মৃত্যু দিয়া হয় ৷ আৰৱত 7 দিনৰ ভিতৰত শাস্তিৰ ব্যৱস্থা কৰা হয় ৷

পাকিস্তান : দলবদ্ধ ধৰ্ষণ, শিশুৰ ওপৰত যৌন নিৰ্যাতন অথবা বলাৎকাৰৰ কাণ্ডত জড়িতসকলক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয় ৷ মহিলাৰ অংগ প্ৰদৰ্শন কৰাৰ অপচেষ্টা কৰাসকলকো একে ধৰণৰ শাস্তি প্ৰদান কৰা হয় ৷

কিউবা : নিৰ্যাতনৰ সৈতে জড়িত আৰু 12 বছৰ অনুৰ্দ্ধ কন্যা শিশুক নিৰ্যাতন কৰাসকলক মৃত্যুদণ্ডৰ ৰায় দিয়া হয় ৷

ফ্ৰান্স : যৌন নিৰ্যাতনৰ সৈতে জড়িতক 15 বছৰৰ কাৰাদণ্ড প্ৰদান কৰা হয় ৷ অপৰাধৰ গভীৰতাৰ ওপৰত লক্ষ্য ৰাখি কাৰাদণ্ড 30 বছৰলৈ অথবা যাবজ্জীৱনলৈ বৃদ্ধি কৰা হয় ৷

ইজৰাইল : ধৰ্ষণকাৰীক 16 বছৰৰ কাৰাদণ্ড বিহা হয় ৷ কোনো ক্ষেত্ৰত যাবজ্জীৱন কাৰাদণ্ডও লাভ কৰিব পাৰে ৷ শাৰীৰিক নিৰ্যাতনৰ সৈতে জড়িত অন্য ঘটনাটো একে ধৰণৰ শাস্তি প্ৰদান কৰা হয় ৷

বাংলাদেশ :ধৰ্ষণকাৰীক যাবজ্জীৱন কাৰাদণ্ড প্ৰদান কৰা হয় ৷ বাংলাদেশত মৃত্যুদণ্ডৰ ৰায় অতি কম পৰিমাণে পৰিলক্ষিত হয় যদিও ভয়াবহ কাণ্ডত মৃত্যুদণ্ডও প্ৰদান কৰা হয় ৷

জাপান : 20 বছৰৰ কাৰাদণ্ড প্ৰদানৰ লগতে কোনো ক্ষেত্ৰত মৃত্যুদণ্ডও প্ৰদান কৰা হয় ৷

আমেৰিকা : আমেৰিকাত সংঘ আৰু ৰাজ্যিক আইন আছে ৷ সংঘ আইনৰ অধীনত ধৰ্ষণকাৰীয়ে 30 বছৰৰ কাৰাদণ্ড লাভ কৰে ৷ অপৰাধ স্বীকাৰ কৰাসকলক তিনি ধৰণে শাস্তি প্ৰদান কৰা হয় ৷ লুছিয়ানা আৰু ফ্ল'ৰিডাত শিশু নিৰ্যাতনকাৰীক মৃত্যুদণ্ড প্ৰদান কৰা হয় ৷

ন'ৰৱে : ঘটনাৰ ওপৰত নিৰ্ভৰ কৰি অপৰাধীজনে 4 বছৰৰ পৰা 20 বছৰলৈ কাৰাদণ্ড লাভ কৰে ৷ মহিলাগৰাকীৰ অনুমতি অবিহনে কোনো শাৰীৰিক কাৰ্যকলাপ কৰিলেই ইয়াক নিৰ্যাতন বুলি গণ্য কৰা হয় ৷

ৰাছিয়া : অপৰাধৰ ওপৰত লক্ষ্য ৰাখি 4 বছৰৰ পৰা 20 বছৰলৈ কাৰাদণ্ড বিহা হয় ৷ অপৰাধ সংঘটিত কৰাৰ 20 বছৰ পাচলৈকে এনে অপৰাধীয়ে নিযুক্তি লাভ কৰাৰ পৰা বিৰত থাকে ৷ কন্যা শিশু নিৰ্যাতনৰ ক্ষেত্ৰত শাস্তি গভীৰ হোৱা দেখা যায়৷

নেদাৰলেণ্ডছ : অপৰাধীক 4 বছৰৰ পৰা 15 বছৰলৈ কাৰাদণ্ড বিহা হয় ৷

Intro:Body:Conclusion:
Last Updated : Dec 7, 2019, 11:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.