ETV Bharat / bharat

দিল্লী ৰে'ল ষ্টেশ্যনৰ পৰা ৫০৪ ডাল স্বৰ্ণ দণ্ড জব্দ

author img

By

Published : Aug 29, 2020, 4:49 PM IST

দিল্লী ৰে'ল আৰক্ষীৰ জালত অবৈধ সোণ সৰবৰাহকাৰী । ধৃত ৮ টা সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে ৫০৪ ডাল স্বৰ্ণদণ্ড জব্দ কৰে । নকল পৰিচয় পত্ৰ লৈ ভাৰত-ম্যানমাৰ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল ।

দিল্লী ৰে'ল ষ্টেশ্যনত অবৈধভাৱে সৰবৰাহ কৰা ৫০৪ডাল স্বৰ্ণ দণ্ড জব্দ

নেশ্যনেল ডেস্ক, ২৯আগষ্টঃ অবৈধভাৱে সোণ সৰবৰাহ কৰি ৰঙাঘৰৰ আলহী হ'ল ৮ টা সৰবৰাহকাৰী । দিল্লীত সংঘটিত হৈছে এই ঘটনা । শুক্ৰবাৰে দিল্লী ৰে'ল ষ্টেশ্যনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীকেইটাক । আৰক্ষীয়ে সৰবৰাহকাৰীৰ পৰা ৫০৪ ডাল স্বৰ্ণ দণ্ড জব্দ কৰে । শুক্ৰবাৰে ডিব্ৰুগড়-নতুনদিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছেৰে নতুন দিল্লীলৈ গৈছিল । নতুন দিল্লী ৰে'ল ষ্টেশ্যনত ৮ জন যাত্ৰীক সোণ সৰবৰাহৰ সন্দেহত ৰে'ল আৰক্ষীয়ে আবদ্ধ কৰি ৰাখে । পিছত আৰক্ষীয়ে ৫০৪ডাল বিদেশী মূলৰ স্বৰ্ণদণ্ড জব্দ কৰে । জব্দকৃত সোণখিনিৰ ওজন ৮৩.৬২১ কিল'গ্ৰাম আৰু ইয়াৰ আনুমানিক মূল্য ৪২.৮৯ কোটি টকা । অবৈধ সোণ সৰবৰাহত সুবিধাজনক হোৱাকৈ প্ৰস্তুত কৰা পোছাক পৰিধান কৰি কাপোৰৰ মাজত সোণ লুকুৱাই আনিছিল । নকল পৰিচয় পত্ৰ লগত লৈ ভাৰত-ম্যানমাৰ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল সৰবৰাহকাৰীকেইটাই । এই কথা প্ৰকাশ কৰিছে ডাইৰেক্ট'ৰেট অৱ ৰেভিনিউ ইণ্টেলিজেন্সে । সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.