ETV Bharat / bharat

'ষ্টাৰ কেম্পেইনাৰ' তালিকাৰ পৰা বাদ অনুৰাগ ঠাকুৰ, পৰবেশ বৰ্মা

অনুৰাগ ঠাকুৰ, পৰবেশ বৰ্মাক ষ্টাৰ কেম্পেইনাৰ তালিকাৰ পৰা বাদ দিবলৈ নিৰ্দেশ দিছে নিৰ্বাচনী আয়োগে ৷ দিল্লী নিৰ্বাচনত তেওঁলোকৰ বিতৰ্কিত মন্তব্যৰ পাচতে নিৰ্বাচনী আয়োগে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷

নিৰ্বাচনী আয়োগৰ নিৰ্দেশ
অনুৰাগ ঠাকুৰ, পৰবেশ বৰ্মা
author img

By

Published : Jan 29, 2020, 4:07 PM IST

নেশ্যনেল ডেস্ক, 29 জানুৱাৰী : অনুৰাগ ঠাকুৰ আৰু পৰবেশ বৰ্মাক দিল্লী বিধানসভা নিৰ্বাচনৰ ষ্টাৰ কেম্পেইনাৰ তালিকাৰ পৰা বাদ দিবলৈ নিৰ্বাচনী আয়োগে (EC) নিৰ্দেশ প্ৰদান কৰিছে ৷ দিল্লী নিৰ্বাচনত তেওঁলোকৰ বিতৰ্কিত মন্তব্যৰ পাচতে নিৰ্বাচনী আয়োগে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷ নিৰ্বাচনী প্ৰচাৰৰ সময়ত অনুৰাগ ঠাকুৰ আৰু পৰবেশ বৰ্মাই বিতৰ্কিত মন্তব্য কৰাৰ বাবে বুধবাৰে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ তালিকাৰ পৰা বাদ দিবলৈ নিৰ্দেশ প্ৰদান কৰা হয় ৷

ষ্টাৰ কেম্পেইনাৰৰ পৰা বাদ ঠাকুৰ, বৰ্মা
নিৰ্বাচনী আয়োগৰ নিৰ্দেশ

দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ঠাকুৰে এক উত্তেজনাপূৰ্ণ মন্তব্য আগবঢ়াইছিল ৷ CAA বিৰোধী প্ৰতিবাদকাৰী সকলৰ বিৰুদ্ধে মন্তব্য কৰি ঠাকুৰে কৈছিল যে, দেশদ্ৰোহীসকলক গুলীয়াব লাগে ৷

আনহাতে, পশ্চিম দিল্লীৰ সাংসদ বৰ্মাই মঙলবাৰে কৈছিল যে, কাশ্মীৰ পণ্ডিতসকলৰ সৈতে কাশ্মীৰত যি সংঘটিত হ'ল সেই একে কাণ্ড দিল্লীতো সংঘটিত হ'ব পাৰে ৷ CAA বিৰোধী শ্বাহীন বাগৰ প্ৰতিবাদকাৰীয়ে বিভিন্ন লোকৰ ঘৰত প্ৰৱেশ কৰি হত্যা আৰু ধৰ্ষণ কাণ্ডত লিপ্ত হ'ব বুলি মন্তব্য কৰে পৰবেশ বৰ্মাই ৷

আৰু পঢ়ক : শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মে-ডাম-মে-ফি

Intro:Body:

Election Commission orders removal of Anurag Thakur and Parvesh Verma from list of star campaigners till next notice.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.