তেজপুৰ, 27এপ্ৰিল : ভাৰতীয় সেনাবাহিনীৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী লেঃ জেনেৰেল এম এম নাৰাভানৰ অৰুণাচল প্ৰদেশৰ ভাৰত চীন সীমান্ত পৰিদৰ্শন ৷ তিনিদিনীয়া কাৰ্যসূচীৰে উপস্থিত হোৱা সেনা বিষয়া গৰাকীয়ে 24ৰ পৰা 26 এপ্ৰিললৈ সীমান্তৰ নিৰাপত্তা সম্পৰ্কীয় দিশটো পৰিদৰ্শন কৰে ৷ এই ভ্ৰমণ কালত তেজপুৰ গজৰাজ কৰৰ জি অ চি লেঃ জেনেৰেল মনোজ পাণ্ডে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডাৰ গৰাকীৰ লগত উপস্থিত আছিল৷
সেনা বিষয়াজনৰ এই ভ্ৰমণত বিভিন্ন সেনা বিষয়াৰ লগত অপাৰেচনৰ গতিবিধিৰ ওপৰত পৰ্যালোচনা কৰে ৷আনহাতে সেনাবিষয়া গৰাকীয়ে তেওঁৰ এই সময়চোৱাত টাৱাঙৰ 1962 চনৰ যুদ্ধত প্ৰাণ আহুতি দিয়া বীৰ সৈনিক সকলৰ স্মৃতি বিজৰিত যুদ্ধ স্মাৰকত জোৱান সকলক সন্মান প্ৰদৰ্শন কৰে ৷
উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশৰ এই অঞ্চল সমূহ চীনে দাবী কৰি থকা সময়তে এইদৰে সেনা বিষয়া সকলে নিয়মীয়া পৰিদৰ্শনে বিশেষ তাৎপৰ্য বহন কৰিছে ৷