ETV Bharat / bharat

COVID-19ত আক্ৰান্ত ৰোগীৰ বাবে DSGMCৰ বিনামূলীয়া এম্বুলেঞ্চ সেৱা

author img

By

Published : Jul 15, 2020, 3:03 PM IST

দিল্লীৰ শিখ গুৰুদ্বাৰ প্ৰৱন্ধক কমিটিয়ে COVID-19ত আক্ৰান্ত ৰোগীৰ বাবে আগবঢ়াইছে বিনামূলীয়া এম্বুলেঞ্চ সেৱা । ৰাজধানী দিল্লীৰ বিভিন্ন অঞ্চলত ১২ খনকৈ বিনামূলীয়া এম্বুলেঞ্চ সেৱা উপলব্ধ হ'ব বুলি সদৰি কৰে কমিটিখনে ।

 DSGMC ৰ বিনামূলীয়া এম্বুলেঞ্চ সেৱা
DSGMC ৰ বিনামূলীয়া এম্বুলেঞ্চ সেৱা

নিউজ ডেস্ক, ১৫ জুলাইঃ মহামাৰী COVID-19 ৰ ৰোগীৰ বাবে বিনামূলীয়া এম্বুলেঞ্চৰ যোগান ধৰে দিল্লীৰ শিখ গুৰুদ্বাৰ প্ৰৱন্ধক কমিটিয়ে । গুৰু হৰ কৃষ্ণ চাহিব জী প্ৰকাশ পূৰবৰ COVID-19 ত আক্ৰান্ত ৰোগীসকলে লাভ কৰিব এই সেৱা ।

 DSGMC ৰ বিনামূলীয়া এম্বুলেঞ্চ সেৱা
COVID-19 ত আক্ৰান্ত ৰোগীৰ বাবে DSGMC ৰ বিনামূলীয়া এম্বুলেঞ্চ সেৱা

দিল্লীৰ শিখ গুৰুদ্বাৰ প্ৰৱন্ধক কমিটিৰ অধ্যক্ষ মনৰোঞ্জন সিঙে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি,ৰাজধানী দিল্লীৰ বিভিন্ন অঞ্চলত মুঠ ১২ খন বিনামূলীয়া এম্বুলেঞ্চৰ যোগান ধৰিব কিমিটিখনে । লগতে আগন্তুক দিনত এম্বুলেঞ্চল পৰিমাণ বৃদ্ধি কৰা হ'ব বুলি মত প্ৰকাশ কৰাৰ লগতে COVID-19ৰ বিৰুদ্ধে যেতিয়ালৈকে এই যুঁজ চলে তেতিয়ালৈকে এই সেৱা উপলব্ধ থাকিব বুলিও উল্লেখ কৰে শিখ গুৰুদ্বাৰ প্ৰৱন্ধক কমিটিয়ে ।

এই বিনামূলীয়া এম্বুলেঞ্চ সেৱাৰ বাবে গুৰুদ্বাৰ কমিটিৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাই ৰোগীসকলক । এই এম্বুলেঞ্চ সেৱা ২৪x৭ উপলব্ধ থাকিব বুলি মত প্ৰকাশ কৰে ।

ৰাজধানী দিল্লীত মহামাৰী COVID-19ৰ সংখ্যা ১,১৫,৩৪৬ গৰাকীলৈ বৃদ্ধি পায় । তাৰ ভিতৰত ৯৩,২৩৬ গৰাকী ৰোগী আৰোগ্য হৈ উঠাৰ বিপৰীতে এই ভাইৰাছ আক্ৰান্ত হৈ মৃত্যু হৈছে ৩,৪৪৬ গৰাকী লোকৰ ।

লগতে পঢ়কঃ বলপূৰ্বক ৰাজহুৱা বিল দখলত নামিছে ছাত্ৰ নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.