ETV Bharat / bharat

ভাৰতীয় বায়ুসেনা কামাণ্ডাৰ সভাত ড্ৰ'ণ যুদ্ধ, গোপনীয় প্ৰকল্প চিতাৰ বিষয়ে আলোচনা

author img

By

Published : Nov 25, 2019, 11:10 PM IST

নতুন দিল্লীস্থিত বায়ুসেনা মুখ্যালয় "বায়ু ভৱন"ত দুদিনীয়াকৈ অনুষ্ঠিত হৈ যায় বায়ুসেনাৰ থ্ৰী-ষ্টাৰ অৰ্থাৎ কামাণ্ডাৰসকলৰ বাৰ্ষিক আলোচনাচক্ৰ ৷ সোমবাৰে অন্ত পৰা এই আলোচনাচক্ৰত বহুকেইটা বিষয়ৰ ওপৰত আলোকপাত হয় ৷ সঞ্জীৱ কুমাৰ বৰুৱাৰ প্ৰতিবেদন ৷

ভাৰতীয় বায়ুসেনা কামাণ্ডাৰ সভা

2019ৰ 14 ছেপ্টেম্বৰত ছৌদি আৰৱৰ আবকাইক আৰু খুৰাইছ জিলাৰ দুটাকৈ প্ৰধান তৈলখণ্ডত য়েমেনৰ সন্দেহজনক হাউথী বিদ্ৰোহীয়ে সংঘটিত কৰা ছাৰ্জিকেল ড্ৰ'ণ আক্ৰমণ ভাৰতীয় বায়ুসেনাৰ বাবেও চিন্তাৰ কাৰণ হৈ পৰিছে ৷ ছৌদিৰ তৈলক্ষেত্ৰত সংঘটিত আক্ৰমণে বিশ্বৰ তৈল বজাৰখনক হতচকিত কৰাই নহয়,বিশ্বৰ বহুটো প্ৰতিষ্ঠিত সুৰক্ষা ঘেৰাক লৈয়ো সন্দেহ উত্থাপন কৰে ৷ প্ৰায় 800 কিলোমিটাৰ দুৰত্বৰ পৰা এইসমূহ ড্ৰ'ণ পঠাই দিয়া হৈছিল ৷ তেতিয়ালৈকে কোনেও ভাৱিবই পৰা নাছিল যে, ইৰাণৰ দ্বাৰা সমৰ্থিত হাউথীসকলে অতিকে উন্নত মানদণ্ডৰ আক্ৰমণ সংঘটিত কৰিব ৷

ৰাষ্ট্ৰীয় ৰাজধানীস্থিত বায়ু ভৱনত দুদিনীয়াকৈ অনুষ্ঠিত হৈ যোৱা ভাৰতীয় বায়ু সেনাৰ কামাণ্ডাৰসকলৰ আলোচনাচক্ৰত এই বিষয়ে স্থান লাভ কৰে ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে দেশৰ শীৰ্ষ পৰ্যায়ৰ সেনা বিষয়া আৰু প্ৰতিৰক্ষা বিভাগৰ বিষয়াসকল এই আলোচনাচক্ৰত উপস্থিত থাকে ৷

সোমবাৰে আৰম্ভ হোৱা সভাত, উচ্চ-ক্ষমতাসম্পন্ন মানৱবিহীন আকাশী যান ওৰফে ড্ৰ'ণৰ প্ৰয়োজনীয়তা, ইয়াৰ প্ৰতিৰোধী উপায় আৰু দিশসমূহৰ সন্ধান আদি বিষয়ত আলোচনা কৰে শীৰ্ষ বায়ুসেনা বিষয়াসকলে ৷ ইয়াৰ উপৰিও ভাৰতৰ বিশেষৰূপে গোপনীয় "চিতা" প্ৰকল্পৰ লগতে ভাৰতক অতিকে বেছি ড্ৰ'ণ প্ৰদান কৰা ইজৰাইলৰ ভূমিকা আৰু ইয়াৰ ইজৰাইলী এয়াৰক্ৰাফ্ট ইণ্ডাষ্ট্ৰী (IAI)ৰ ওপৰত আলোকপাত কৰা হয় ৷

ইজৰাইলত নিৰ্মিত দুই মিটাৰ দীঘল প্ৰজেক্টাইল তথা 25 কিলোগ্ৰাম বিস্ফোৰক কঢ়িয়াব পৰা সক্ষমতাৰ হাৰোপ (Harop) ড্ৰ'ণ ভাৰতে ইতিমধ্যেই ব্যৱহাৰ কৰি আহিছে ৷ এই ড্ৰ'ণখনে আক্ৰমণ সংঘটিত কৰাৰ পূৰ্বেই নিৰ্ধাৰিত লক্ষ্যৰ ওপৰত অৱস্থান গ্ৰহণ কৰিব পাৰে ৷ ইয়াৰ ক্ষুদ্ৰ আকাৰে ইয়াক মাৰাত্মক কৰি তোলাৰ লগতে লক্ষ্য চিনাক্ত নহ'লে নাইবা মিছন বাতিল হ'লে ইয়াৰ ঘাটিলৈ পুনৰ ঘুৰি আহিব পাৰে ৷

ভাৰতীয় বায়ুসেনাই ব্যৱহাৰ কৰা চাৰ্ছাৰছ (Searchers) আৰু হেৰনছ (Herons) মূলত ইজৰাইলত নিৰ্মিত নিৰীক্ষণকাৰী (surveillance) আৰু পৰিদৰ্শণকাৰী (reconnaissance) ড্ৰ'ণ যাক ভাৰতীয় বায়ুসেনাই ব্যৱহাৰ কৰি আহিছে, কিন্তু প্ৰয়োজনত অস্ত্ৰৰে সুসজ্জিত কৰিব পৰাকৈ সক্ষম ৷ "Project Cheetah" ই ভাৰতীয় বায়ুসেনাৰ সকলো ড্ৰ'ণক অস্ত্ৰৰে সুসজ্জিত কৰি তোলা আৰু এনেকুৱা বহুটো ইউএভিৰ শীঘ্ৰে অধিগ্ৰহণত গুৰুত্ব প্ৰদান দিয়া হৈছে ৷

এই বিশেষ প্ৰকল্পৰ দ্বাৰা ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষা ক্ষেত্ৰখনত অধিক গুৰুত্ব প্ৰদান কৰি, এনেকুৱা সশস্ত্ৰ আক্ৰমণকাৰী ড্ৰ'ণসমূহ নিৰীক্ষণ, চোৰাং তথ্য আহৰণৰ লগতে শত্ৰুপক্ষৰ লক্ষ্যত নিৰ্ঘাট আঘাত হানিবলৈ ব্যৱহাৰ কৰিব পৰা যাব ৷ ইয়াক চৰকাৰী পক্ষত আনুসংগিক ধ্বংসৰ লগতে নিৰাপত্তাকৰ্মীৰ লগতে সৈনিকৰ জীৱনৰ নিৰাপত্তাৰ বিপদ আশংকা কমোৱাৰ বাবে চোৱা-চিতা কৰা হৈছে ৷

2004 চনৰ পৰা আমেৰিকাৰ সৈন্যবাহিনীয়ে আফগানিস্তান আৰু পাকিস্তানৰ নিৰ্ধাৰিত সন্ত্ৰাসবাদৰ ঘাটিৰ ওপৰত সংঘটিত কৰা এৰিয়েল ড্ৰ'ণ আক্ৰমণৰ দ্বাৰা 8000 সন্ত্ৰাসবাদী নিধন কৰাৰ লগতে অসামৰিক লোকৰ মৃত্যুক লৈ বিতৰ্কিত হৈ পৰাক লৈ ভাৰতীয় বায়ুসেনাই শিক্ষা ল'ব পাৰে ৷ একেসময়তে ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষাৰ বাবে ড্ৰ'ণৰ ব্যৱহাৰে বিতৰ্কৰ সৃষ্টি কৰিব পাৰে কিয়নো ভাৰতৰ দৰে দেশত অসামৰিক লক্ষ্যস্থানত এনেকুৱা বিস্ফোৰক অস্ত্ৰৰ ব্যৱহাৰে ফিৰিঙতিৰ পৰা খাণ্ডৱদাহৰ সৃষ্টি কৰিব পাৰে ৷

আলোচনাত ভাৰতীয় স্থলসেনাৰ সৈতে যুটীয়াভাৱে বিগত মাহত সম্পন্ন হোৱা হিমগিৰি অনুশীলনৰ পৰা লাভ কৰা প্ৰশিক্ষণ তথা কৃতিত্বৰ ওপৰতো বিশদৰূপে বৰ্ণনা কৰা হয় ৷ এই অভিযানত ভাৰতীয় বায়ুসেনাৰ বিমানেৰে ভাৰতীয় স্থলসেনাৰ জোৱানৰ (Rapid Injection) আৰু পৰিবহণৰ লগতে অৰুণাচল প্ৰদেশৰ কঠিন পাহাৰীয়া উচ্চতাত সম্পন্ন কৰা অভিযানে ভৱিষ্যতে চীনৰ সৈতে হ'ব পৰা যিকোনো ধৰণৰ বিবাদৰ এক প্ৰতীকি ৰূপ উপস্থাপন কৰা হৈছিল ৷

সঞ্জীৱ কুমাৰ বৰুৱা, নতুন দিল্লী

Intro:Body:

ভাৰতীয় বায়ুসেনা কামাণ্ডাৰ সভাত ড্ৰ'ণ যুদ্ধ, গোপনীয় প্ৰকল্প চিতাৰ বিষয়ে আলোচনা 

সঞ্জীৱ কুমাৰ বৰুৱা, নতুন দিল্লী 

নতুন দিল্লীস্থিত বায়ুসেনা মুখ্যালয় "বায়ু ভৱন"ত দুদিনীয়াকৈ অনুষ্ঠিত হৈ যায় বায়ুসেনাৰ থ্ৰী-ষ্টাৰ অৰ্থাৎ কামাণ্ডাৰসকলৰ বাৰ্ষিক আলোচনাচক্ৰ ৷ সোমবাৰে অন্ত পৰা এই আলোচনাচক্ৰত বহুকেইটা বিষয়ৰ ওপৰত আলোকপাত হয় ৷ সঞ্জীৱ কুমাৰ বৰুৱাৰ প্ৰতিবেদন ৷ 

2019ৰ 14 ছেপ্টেম্বৰত ছৌদি আৰৱৰ আবকাইক আৰু খুৰাইছ জিলাৰ দুটাকৈ প্ৰধান তৈলখণ্ডত য়েমেনৰ সন্দেহজনক হাউথী বিদ্ৰোহীয়ে সংঘটিত কৰা ছাৰ্জিকেল ড্ৰ'ণ আক্ৰমণ ভাৰতীয় বায়ুসেনাৰ বাবেও চিন্তাৰ কাৰণ হৈ পৰিছে ৷ ছৌদিৰ তৈলক্ষেত্ৰত সংঘটিত আক্ৰমণে বিশ্বৰ তৈল বজাৰখনক চকিত কৰাই নহয়, বিশ্বৰ বহুটো প্ৰতিষ্ঠিত সুৰক্ষা ঘেৰাক লৈয়ো সন্দেহ উত্থাপন কৰে ৷ প্ৰায় 800 কিলোমিটাৰ দুৰত্বৰ পৰা এইসমূহ ড্ৰ'ণ পঠাই দিয়া হৈছিল ৷ তেতিয়ালৈকে কোনেও ভাবিবই পৰা নাছিল যে, ইৰাণৰ দ্বাৰা সমৰ্থিত হাউথীসকলে অতিকে উন্নত মানদণ্ডৰ আক্ৰমণ সংঘটিত কৰিব ৷ 

ৰাষ্ট্ৰীয় ৰাজধানীস্থিত বায়ু ভৱনত দুদিনীয়াকৈ অনুষ্ঠিত হৈ যোৱা ভাৰতীয় বায়ু সেনাৰ কামাণ্ডাৰসকলৰ আলোচনাচক্ৰত এই বিষয়ে স্থান লাভ কৰে ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে দেশৰ শীৰ্ষ পৰ্যায়ৰ সেনা বিষয়া আৰু প্ৰতিৰক্ষা বিভাগৰ বিষয়াসকল এই আলোচনাচক্ৰত উপস্থিত থাকে ৷ 

সোমবাৰে আৰম্ভ হোৱা সভাত, উচ্চ-ক্ষমতাসম্পন্ন মানৱবিহীন আকাশী যান ওৰফে ড্ৰ'ণৰ প্ৰয়োজনীয়তা, ইয়াৰ প্ৰতিৰোধী উপায় আৰু দিশসমূহৰ সন্ধান আদি বিষয়ত আলোচনা কৰে শীৰ্ষ বায়ুসেনা বিষয়াসকলে ৷ ইয়াৰ উপৰিও ভাৰতৰ বিশেষৰূপে গোপনীয় "চিতা" প্ৰকল্পৰ লগতে ভাৰতক অতিকে বেছি ড্ৰ'ণ প্ৰদান কৰা ইজৰাইলৰ ভূমিকা আৰু ইয়াৰ ইজৰাইলী এয়াৰক্ৰাফ্ট ইণ্ডাষ্ট্ৰী (IAI)ৰ ওপৰত আলোকপাত কৰা হয় ৷ 

ইজৰাইলত নিৰ্মিত দুই মিটাৰ দীঘল প্ৰজেক্টাইল তথা 25 কিলোগ্ৰাম বিস্ফোৰক কঢ়িয়াব পৰা সক্ষমতাৰ হাৰোপ (Harop) ড্ৰ'ণ ভাৰতে ইতিমধ্যেই ব্যৱহাৰ কৰি আহিছে ৷ এই ড্ৰ'ণখনে আক্ৰমণ সংঘটিত কৰাৰ পূৰ্বেই নিৰ্ধাৰিত লক্ষ্যৰ ওপৰত অৱস্থান গ্ৰহণ কৰিব পাৰে ৷ ইয়াৰ ক্ষুদ্ৰ আকাৰে ইয়াক মাৰাত্মক কৰি তোলাৰ লগতে লক্ষ্য চিনাক্ত নহ'লে নাইবা মিছন বাতিল হ'লে ইয়াৰ ঘাটিলৈ পুনৰ ঘুৰি আহিব পাৰে ৷ 

ভাৰতীয় বায়ুসেনাই ব্যৱহাৰ কৰা চাৰ্ছাৰছ (Searchers) আৰু হেৰনছ (Herons) মুলত ইজৰাইলত নিৰ্মিত নিৰীক্ষণকাৰী (surveillance) আৰু পৰিদৰ্শণকাৰী (reconnaissance) ড্ৰ'ণ যাক ভাৰতীয় বায়ুসেনাই ব্যৱহাৰ কৰি আহিছে, কিন্তু প্ৰয়োজনত অস্ত্ৰৰে সুসজ্জিত কৰিব পৰাকৈ সক্ষম ৷ "Project Cheetah" ই ভাৰতীয় বায়ুসেনাৰ সকলো ড্ৰ'ণক অস্ত্ৰৰে সুসজ্জিত কৰি তোলা আৰু এনেকুৱা বহুটো ইউএভিৰ শীঘ্ৰে অধিগ্ৰহণত গুৰুত্ব প্ৰদান দিয়া হৈছে ৷ 

এই বিশেষ প্ৰকল্পৰ দ্বাৰা ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষা ক্ষেত্ৰখনত অধিক গুৰুত্ব প্ৰদান কৰি, এনেকুৱা সশস্ত্ৰ আক্ৰমণকাৰী ড্ৰ'ণসমূহ নিৰীক্ষণ, চোৰাং তথ্য আহৰণৰ লগতে শত্ৰুপক্ষৰ লক্ষ্যত নিৰ্ঘাট আঘাত হানিবলৈ ব্যৱহাৰ কৰিব পৰা যাব ৷ ইয়াক চৰকাৰী পক্ষত আনুসংগিক ধ্বংসৰ লগতে নিৰাপত্তাকৰ্মীৰ লগতে সৈনিকৰ জীৱনৰ নিৰাপত্তাৰ ৰিস্ক কমোৱাৰ বাবে চোৱা-চিতা কৰা হৈছে ৷ 

2004 চনৰ পৰা আমেৰিকাৰ সৈন্যবাহিনীয়ে আফগানিস্তান আৰু পাকিস্তানৰ নিৰ্ধাৰিত সন্ত্ৰাসবাদৰ ঘাটিৰ ওপৰত সংঘটিত কৰা এৰিয়েল ড্ৰ'ণ আক্ৰমণৰ দ্বাৰা 8000 সন্ত্ৰাসবাদী নিধন কৰাৰ লগতে অসামৰিক লোকৰ মৃত্যুক লৈ বিতৰ্কিত হৈ পৰাক লৈ ভাৰতীয় বায়ুসেনাই শিক্ষা ল'ব পাৰে ৷ একেসময়তে ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষাৰ বাবে ড্ৰ'ণৰ ব্যৱহাৰে বিতৰ্কৰ সৃষ্টি কৰিব পাৰে কিয়নো ভাৰতৰ দৰে দেশত অসামৰিক লক্ষ্যস্থানত এনেকুৱা বিস্ফোৰক অস্ত্ৰৰ ব্যৱহাৰে ফিৰিঙতিৰ পৰা খাণ্ডৱদাহৰ সৃষ্টি কৰিব পাৰে ৷ 

আলোচনাত ভাৰতীয় স্থলসেনাৰ সৈতে যুটীয়াভাৱে বিগত মাহত সম্পন্ন হোৱা হিমগিৰি অনুশীলনৰ পৰা লাভ কৰা প্ৰশিক্ষণ তথা কৃতিত্বৰ ওপৰতো বিশদৰূপে বৰ্ণনা কৰা হয় ৷ এই অভিযানত ভাৰতীয় বায়ুসেনাৰ বিমানেৰে ভাৰতীয় স্থলসেনাৰ জোৱানৰ (rapid injection) আৰু পৰিবহণৰ লগতে অৰুণাচল প্ৰদেশৰ কঠিন পাহাৰীয়া উচ্চতাত সম্পন্ন কৰা অভিযানে ভৱিষ্যতে চীনৰ সৈতে হ'বপৰা যিকোনোধৰণৰ বিবাদৰ এক প্ৰতীকি ৰূপ উপস্থাপন কৰা হৈছিল ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.