ETV Bharat / bharat

জম্মু-কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখা আৰু মেন্ধৰ ছেক্টৰৰ আকাশত উৰিছে দ্ৰোণ - পাকিস্তানে জম্মু-কাশ্মীৰত

এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে যে, পাকিস্তানে জম্মু-কাশ্মীৰত যুদ্ধবিৰতি উলংঘন কৰি থকাৰ মাজতে শনিবাৰে নিয়ন্ত্ৰণ ৰেখা আৰু মেন্ধৰ ছেক্টৰত দেখা গৈছে দ্ৰোণ ।

জম্মু-কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখা আৰু মেন্ধৰ ছেক্টৰৰ আকাশত উৰিছে দ্ৰোণ

author img

By

Published : Nov 22, 2020, 12:45 PM IST

নেশ্যনেল ডেস্ক, ২২ নৱেম্বৰ: জম্ম-কাশ্মীৰৰ আকাশত পুনৰ উৰিছে দ্ৰোণ । পুঞ্চ জিলাৰ কেইবাটাও ছেক্টৰত পাক সেনাই অপ্ৰৰোচিতভাৱে আক্ৰমণ কৰি থকাৰ সমান্তৰালকৈ শনিবাৰে জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখা আৰু মেন্ধৰ ছেক্টৰত দেখা গ'ল দ্ৰোণ । এক সূত্ৰই প্ৰকাশ কৰা মতে, শনিবাৰে নিশা দ্ৰোণ দেখা পোৱা গৈছিল । কিন্তু এই দ্ৰোণ পাকিস্তানী সেনাই আক্ৰমণৰ লক্ষ্যৰে ভাৰতৰ আকাশত উৰাইছিল নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

উল্লেখ্য যে, শুক্ৰবাৰে পাকিস্তানৰ ফালৰ পৰা অহা দুখন দ্ৰোণে আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰে । সীমা সুৰক্ষা বলৰ তথ্য অনুসৰি, দ্ৰোণ দুখন পাকিস্তানৰ ফালৰ পৰা আহিছিল আৰু শুক্ৰবাৰে সন্ধিয়া প্ৰায় ৬ বজাত ছাম্বা ছেক্টৰত আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰে আৰু ইয়াৰ পিছতে সীমা সুৰক্ষা বলৰ জোৱানে গুলীচালনা কৰে । সম্প্ৰতি সীমান্তত সুৰক্ষা ব্যৱস্থা পূৰ্বতকৈও অধিক কটকটীয়া কৰা হৈছে ।

লগতে পঢ়ক:মোডীৰ সাহসী পদক্ষেপক প্ৰশংসা আম্বানিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.