ETV Bharat / bharat

নতুন প্ৰযুক্তিৰে চুম্বকীয় অভিযানৰ বাবে ড্ৰোননিৰ্ভৰ মানৱবিহীন আকাশী যান

author img

By

Published : Oct 13, 2020, 1:48 PM IST

ভূগৰ্ভৰ জলৰ অৱস্থান নিৰ্ধাৰণ কৰা, খনিজ পদাৰ্থ আৰু হাইড্ৰ’কাৰ্বনৰ সন্ধান উলিওৱা আৰু ভূকম্পনৰ অঞ্চলসমূহ চিনাক্ত কৰাত প্ৰযুক্তিবিদ্যাই যথেষ্ট সহায় কৰে । বিভিন্ন কামত আমি চুম্বকীয় জৰীপৰ ব্যৱহাৰ কৰোঁ । কিছু বছৰৰ আগেয়ে আমি হেলিকপ্টাৰত মেগনেট’মিটাৰ ওলোমাই জৰীপ চলাইছিলোঁ । কিন্তু এই ব্যৱস্থা আছিল সময় আৰু ধনৰ ক্ষেত্ৰত ব্যয়বহুল । সেয়ে চুম্বকীয় অভিযানৰ বাবে এন জি আৰ আয়ে ড্ৰোননিৰ্ভৰ বা মানৱবিহীন আকাশী যান (ইউ এ ভি) এখন নিৰ্মাণ কৰিছে ।

ORIGINAL TITLE IN ENGLISH-DRONE-BASED MAGNETIC EXPLORATION
ড্ৰোন নিৰ্ভৰ চুম্বকীয় অভিযান

নিউজ ডেস্ক,13অক্টোবৰঃ ৰাষ্ট্ৰীয় ভৌগলিক গৱেষণা প্ৰতিষ্ঠান চমুকৈ এন জি আৰ আয়ে ভৌগলিক অভিযানৰ বাবে এক নতুন প্ৰযুক্তিৰ উদ্ভাৱন কৰিছে । এই প্ৰতিষ্ঠানটোৱে খনিজ পদাৰ্থ সন্ধানৰ বাবে ড্ৰোনৰ ওপৰত নিৰ্ভৰশীল চুম্বকীয় অভিযান, ভূতাত্বিক অৱস্থা নিৰ্ধাৰণ আৰু উপৰিভাগৰ মেপিঙৰ বাবে এক বিশেষ ব্যৱস্থাৰ পাতনি মেলিছে । এই সমগ্ৰ ব্যৱস্থাৰ ৰূপৰেখা তৈয়াৰ কৰিছে এন জি আৰ আয়ে নিজেই । এন জি আৰ আই-চি এই আই এৰৰ সঞ্চালক ড০ এম ভি তিৱাৰীৰ মতে এই প্ৰযুক্তিয়ে সময় ৰাহি কৰিব আৰু দুৰ্গম অঞ্চলত গৱেষণা সহজসাধ্য কৰি তুলিব । ১১ অক্টোবৰত প্ৰতিষ্ঠানটোৰ হীৰক জয়ন্তী উপলক্ষে ড০- ইনাড়ুৱে ড০ তিৱাৰীৰ এক সাক্ষাৎকাৰ গ্ৰহণ কৰিছে । তলত সাক্ষাৎকাৰটো আগবঢ়োৱা হ’ল ।

ভৌগলিক গৱেষণাৰ ক্ষেত্ৰত কিমান দূৰলৈকে প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে?

ভূগৰ্ভৰ জলৰ অৱস্থান নিৰ্ধাৰণ কৰা, খনিজ পদাৰ্থ আৰু হাইড্ৰ’কাৰ্বনৰ সন্ধান উলিওৱা আৰু ভূকম্পনৰ অঞ্চলসমূহ চিনাক্ত কৰাত প্ৰযুক্তিবিদ্যাই যথেষ্ট সহায় কৰে । বিভিন্ন কামত আমি চুম্বকীয় জৰীপৰ ব্যৱহাৰ কৰোঁ । কিছু বছৰৰ আগেয়ে আমি হেলিকপ্টাৰত মেগনেট’মিটাৰ ওলোমাই জৰীপ চলাইছিলোঁ । কিন্তু এই ব্যৱস্থা আছিল সময় আৰু ধনৰ ক্ষেত্ৰত ব্যয়বহুল । সেয়ে চুম্বকীয় অভিযানৰ বাবে এন জি আৰ আয়ে ড্ৰোননিৰ্ভৰ বা মানৱবিহীন আকাশী যান (ইউ এ ভি) এখন নিৰ্মাণ কৰিছে । এয়া ভাৰতবৰ্ষত প্ৰথম । হায়দৰাবাদৰ নিকটৱৰ্তী ইয়াচাৰামত আমি ইউ এ ভি-মেগনেট’মিটাৰ ব্যৱহাৰ কৰি চলোৱা জৰীপৰ পৰা সঠিক ফলাফল লাভ কৰিছোঁ । এই প্ৰযুক্তিৰ জৰিয়তে পাহাৰীয়া বা সাগৰীয় দুৰ্গম অঞ্চলত ভৌগলিক অভিযান চলোৱাটো সহজ হৈ পৰিছে ।

ছয় দশকজোৰা ভূকম্পনৰ অধ্যয়ন কেনেদৰে আগবাঢ়িছে?

ভূমিকম্পৰ বিষয়ে এতিয়াও বহু কথাই উদঘাটন কৰিবলৈ বাকী আছে । এতিয়া মাত্ৰ আমি জ’নসমূহ কম্পনৰ প্ৰাবল্য চিনাক্ত কৰিব পাৰিছোঁ । ভূমিকম্পৰ আগজানীন দিব পৰা প্ৰযুক্তিৰ উদ্ভাৱন এতিয়ালৈকে সম্ভৱ হৈ উঠা নাই । জি পি এছ, কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্নিঙে ভূকম্পনৰ অধ্যয়নত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

দেশত জলভাণ্ডাৰ দ্ৰুত গতিত হ্ৰাস পাইছে । আপোনাৰ অধ্যয়নৰ জৰিয়তে জল সংকট দূৰ কৰাৰ বাবে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি?

আটাইতকৈ তাৎক্ষণিক আৰু ফলপ্ৰসূ ব্যৱস্থাটো হ’ল য’ত ভূগৰ্ভস্থ জল হ্ৰাস পাইছে, তাত কৃত্ৰিমভাৱে পুনৰাই ভৰ্তি কৰা । এই প্ৰক্ৰিয়াটোৰ যোগেদি এন জি আৰ আয়ে চৌতুপালত ভূগৰ্ভৰ জলৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰিছে । উপৰিভাগত পানী ভূগৰ্ভৰ পৰা নে শিলাময় অঞ্চলৰ পৰা আহে সেয়া নিৰ্ধাৰণ কৰাটো জৰুৰী । এই সকলো দিশবোৰ অধ্যয়ন কৰাৰ পাছতহে বৰষুণৰ পানী সংৰক্ষণ কৰিব পাৰি ।

আপোনাৰ প্ৰতিষ্ঠানটোৱে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত কিবা গৱেষণা চলাই আছে নেকি?

অন্ধ্ৰ প্ৰদেশৰ কোভাড়াত পাৰমাণৱিক শক্তি কেন্দ্ৰ স্থাপনৰ বাবে সংশ্লিষ্ট বিভাগৰ মন্ত্ৰালয়ৰ আমি কাম কৰি ছোঁ । বৰ্তমান তেলেংগানাত আমাৰ কোনো প্ৰকল্প নাই । আমৰাবাদৰ ইউৰেনিয়াম প্ৰকল্পৰ সৈতে আমি জড়িত নাই । অৱশ্যে আমি ওড়িশা, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডত খনন কাৰ্য নিৰীক্ষণ কৰি আছোঁ ।

আপোনাৰ প্ৰতিষ্ঠানৰ ভৱিষ্যত দিনৰ প্ৰকল্পসমূহ কি কি?

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অংশ হিচাপে দেশৰ প্ৰাকৃতিক সম্পদৰাজিৰ সন্ধানৰ বাবে যন্ত্ৰ-পাতি আৰু প্ৰযুক্তিৰ বিকাশত আমি গুৰুত্ব প্ৰদান কৰিছোঁ ।

নৱ প্ৰজন্মৰ বাবে জিঅ’ফিজিক্সত কেৰিয়াৰ কেনেধৰণৰ?

এই ক্ষেত্ৰখনত যথেষ্ট সুযোগ আৰু সম্ভাৱনা আছে । কিছু বছৰ পূৰ্বে আই আই টি খৰগপুৰৰ ইণ্টিগ্ৰেটেড জিঅ’ফিজিক্সৰ এগৰাকী ছাত্ৰই কেম্পাছ প্লেছমেণ্টত শিক্ষানুষ্ঠানখনৰ ভিতৰতে দৰমহাৰ সৰ্বাধিক পেকেজ লাভ কৰিছি । বিদেশতো কেৰিয়াৰ গঢ়াৰ প্ৰচুৰ সুযোগ আছে । তেল, গেছ, পেট্ৰ’লিয়াম, কয়লা উদ্যোগত যথেষ্ট সুবিধা আছে । তদুপৰি এইখন ক্ষেত্ৰত ষ্টাৰ্ট-আপৰো অভাৱ নাই ।

লগতে পঢ়কঃৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামত ব্যাপক গাফিলতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.