ETV Bharat / bharat

খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আটক কংগ্ৰেছৰ সদস্য

author img

By

Published : Jun 29, 2020, 1:15 PM IST

"যিটো সময়ত দেশত জমগণ আৰ্থিক সংকটত ভূগি আছে, যিটো সময়ত হাজাৰ হাজাৰ লোক সংস্থাপনহীন হৈছে, তেনে সময়তেই কেন্দ্ৰীয় চৰকাৰে মূল্যবৃদ্ধিৰে দেশবাসীৰ ওপৰত বোজা জাপি দিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য কম যদিও দেশত ধাৰাবাহিকবাৱে ইয়াৰ মূল্য বৃদ্ধি হৈ আছে ।"-চৌধুৰী অনিল কুমাৰ

protesting against hike in fuel prices
DPCC members detained while protesting against hike in fuel prices

নিউজ ডেস্ক, ২৯ জুনঃ পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি দিল্লীত আটক হ'ল দিল্লী প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মী। বিগত ২১ দিনে দেশত ধাৰাবাহিকভাৱে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈ থকাৰ বিৰুদ্ধে দিল্লীৰ আই পি কলেজৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল দিল্লী প্ৰদেশ কংগ্ৰেছে।

DPCC members detained while protesting against hike in fuel prices
খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আটক কংগ্ৰেছৰ সদস্য

"জনতাই কেতিয়াও আৰক্ষীৰ এই ব্যৱহাৰ সহ্য নকৰে। প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে যদি বিচাৰে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰে। কিন্তু কংগ্ৰেছৰ নেতা-কৰ্মীসকলে ৰাইজৰ হকে মাত মাতি যাব।" আৰক্ষীয়ে আটক কৰাৰ সময়ত এই কথা উল্লেখ কৰে দিল্লী প্ৰদেশ কংগ্ৰেছৰ সভাপতি চৌধুৰী অনিল কুমাৰে।

যিটো সময়ত দেশত জমগণ আৰ্থিক সংকটত ভূগি আছে, যিটো সময়ত হাজাৰ হাজাৰ লোক সংস্থাপনহীন হৈছে, তেনে সময়তেই কেন্দ্ৰীয় চৰকাৰে মূল্যবৃদ্ধিৰে দেশবাসীৰ ওপৰত বোজা জাপি দিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য কম যদিও দেশত ধাৰাবাহিকবাৱে ইয়াৰ মূল্য বৃদ্ধি হৈ আছে বুলি চৌধুৰী অনিল কুমাৰে প্ৰকাশ কৰে।

উল্লেখ্য যে, ৭ জুনৰ পৰা প্ৰতিদিনে বৃদ্ধি হৈ আছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য । সোমবাৰৰ দিনটোত দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লত ৫ পইচাকৈ বৃদ্ধি হৈ ৮০.৪৩ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ১৩ পইচা বৃদ্ধি হৈ ৮০.৫৩ টকা হয়। বিগত কেইবাদিন ধৰি ৰাজধানী চহৰখনত পেট্ৰ'লৰ তুলনাত অধিক হৈ আছে ডিজেলৰ মূল্য।

পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধিক কংগ্ৰেছে জনসাধাৰণৰ প্ৰতি অন্যায় বুলি অভিহিত কৰিছে। শীঘ্ৰে এই মূল্যবৃদ্ধি বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনাই কংগ্ৰেছ দলৰ নেতা-কৰ্মীসকলে।

লগতে চাওকঃ বিশ্বত এক কোটি অতিক্ৰম ক'ৰণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.