ETV Bharat / bharat

175 বছৰীয়া 'fish medicine' অনুষ্ঠান আয়োজন নকৰিব : হাইদৰাবাদ NGO

কৰ'ণা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত 175 বছৰীয়া 'fish medicine' অনুষ্ঠান আয়োজন নকৰিবলৈ আহ্বান হাইদৰাবাদৰ বেচৰকাৰী সংস্থাৰ ৷

হাইদৰাবাদৰ বেচৰকাৰী সংস্থা
175 বছৰীয়া 'fish medicine' অনুষ্ঠান
author img

By

Published : May 5, 2020, 8:29 PM IST

নেশ্যনেল ডেস্ক, 5 মে' : শিশুৰ সুৰক্ষাৰ বাবে সেৱা আগবঢ়াই অহা এক বেচৰকাৰী সংস্থাই তেলেংগানা চৰকাৰক কৰ'ণা ভাইৰাছৰ বাবে অহা মাহত অনুষ্ঠিত হ'বলগা বাৰ্ষিক 'fish medicine' অনুষ্ঠান আয়োজন নকৰিবলৈ আহ্বান জনাইছে ৷

বালালা হাক্কুলা সংঘমে (BHS) কয় যে, হাপানি আৰু অন্যান্য় শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ বাবে জুনৰ প্ৰথম সপ্তাহত আয়োজন কৰা 'fish medicine' অনুষ্ঠান ৰাজ্যিক চৰকাৰে আয়োজন কৰাটো অনুচিত ৷

'Fish medicine' ক অবৈজ্ঞানিক বুলি দাবী কৰি BHS সভাপতি অচ্যুতা ৰাওয়ে কয় যে, বাথিনী ভাতৃদ্বয়ৰ এই অনুষ্ঠান আয়োজন কৰিবলৈ চৰকাৰে সুবিধা প্ৰদান কৰা অনুচিত কাৰণ এই ইভেন্টত অংশগ্ৰহণৰ বাবে বিভিন্ন ৰাজ্যৰ পৰা বহুসংখ্যক লোক আহি উপস্থিত হয় ৷

ৰাওয়ে কয়, "এই ইভেন্টত উপস্থিত হোৱা এজন লোকো COVID-19 আক্ৰান্ত হ'লে এই ৰোগ সকলোলৈ বিয়পিব ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এই ৰোগৰ ফলত অধিক আক্ৰান্ত হৈছে শিশু আৰু বয়োজ্যেষ্ঠ লোকসকল ৷"

উল্লেখ্য যে, এক দশক পূৰ্বে বাথিনী গাউড পৰিয়ালে 'fish prasadam' নামৰ ঔষধ আৰম্ভ কৰাৰ পাচতে দেশৰ বিভিন্ন অঞ্চলৰ পৰা এই ঔষধ গ্ৰহণ কৰিবৰ বাবে হাজাৰ হাজাৰ হাপানি ৰোগী আহি উপস্থিত হয় ৷

মৌচুমীৰ আৰম্ভণি সূচোৱা এই ঔষধ 'Mrigasira Karti' ৰ সময়ত বাথিনী গাউড পৰিয়ালে বিতৰণ কৰে ৷ এই অনুষ্ঠানক লৈ বহু বিবাদ সৃষ্টি হৈছে যদিও বহুলোকে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে এই অনুষ্ঠানত উপস্থিত হয় ৷ কিন্তু, যোৱা কিছু বছৰত এই অনুষ্ঠানত লোকৰ ভিৰ কম হোৱা পৰিলক্ষিত হৈছে ৷

জীৱিত শল মাছ হালধীয়া হাৰ্বেল পেষ্টৰ সৈতে ৰোগী সকলে গিলিব পাৰিলে ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যায় বুলি বিশ্বাস কৰা হয় ৷ এই কাৰ্য তিনি বছৰৰ বাবে কৰিব লাগে ৷ আনহাতে,নিৰামিষভোজীৰ বাবে এই ঔষধ গুড়ৰ সৈতে প্ৰদান কৰে পৰিয়ালটোৱে ৷

উল্লেখ্য যে, যোৱা 175 বছৰ ধৰি গাউড পৰিয়ালে এই ঔষধ বিনামূলীয়াকৈ বিতৰণ কৰি আহিছে ৷ তেওঁলোকে দাবী কৰে যে, এজন সাধুয়ে তেওঁলোকৰ পূৰ্বপুৰুষক এই ঔষধ প্ৰদান কৰিছিল আৰু বিনামূলীয়াকৈ ঔষধবিধ বিতৰণ কৰিবৰ বাবে শপত গ্ৰহণ কৰোৱাইছিল ৷

চহৰৰ মাজমজিয়াত আয়োজন কৰা এই অনুষ্ঠানৰ বাবে প্ৰতি বছৰে ৰাজ্য চৰকাৰে সকলো ধৰণৰ যাৱতীয়া যা-যোগাৰ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.