ETV Bharat / bharat

কেতিয়ালৈ সলনি হ'ব পাকিস্তানৰ চৰিত্ৰ ? - সন্ত্ৰাসবাদে জুৰুলা কৰা পাকিস্তান নিউজ

সন্ত্ৰাসবাদক প্ৰশ্ৰয় দি অহা পাকিস্তানক 2012 চনৰ পৰা চলিত বৰ্ষলৈ ইয়াৰ Grey Indexত ৰাখিছে FATFএ ৷ পাকিস্তানৰ ছায়া যুদ্ধনীতি আৰু তীব্ৰ আৰ্থিক সংকটক লৈ ETV Bharat ৰ এক বিশ্লেষণ ৷

কেতিয়ালৈ সলনি হ'ব পাকিস্তানৰ চৰিত্ৰ ?
author img

By

Published : Oct 23, 2019, 4:25 PM IST

ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ শাসক আৰু শাসকীয় দলে সদায় উদগনি যোগাই আহিছে সন্ত্ৰাসবাদক৷ যদিও সন্ত্ৰাসবাদৰ দ্বাৰা নিজেও পীড়িত হৈ আহিছে তথাপি প্ৰতিবেশী দেশখনৰ ভাৰতৰ বিৰুদ্ধে এয়াই হৈছে একমাত্ৰ উদ্দেশ্য ৷ বহুটো সমস্যাৰ সন্মুখীন হোৱাৰ পিচটো আজিলৈ পাকিস্তানে নিজৰ চিন্তাধাৰা সলনি কৰিব নোৱাৰিলে ৷ যাৰ বাবে পাকিস্তান আৰু পাকিস্তানৰ দ্বাৰা সমৰ্থিত সন্ত্ৰাসবাদ সমগ্ৰ উপ-মহাদেশখনৰ বাবে এক অভিশাপ হৈ দেখা দিছে ৷

বিগত বৰ্ষত Financial Action Task Force(FATF) এ পাকিস্তানৰ বাবে 27 টা দফাৰ এক কৰ্মসূচী প্ৰস্তুত কৰি সন্ত্ৰাসবাদক সমৰ্থন কৰা এইসমূহ সূচী বাতিল কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ পাকিস্তানে FATFৰ এই কৰ্মসূচীক কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত, FATFৰ সহযোগী এছিয়া প্ৰশান্তীয় গোটে চলিত বৰ্ষৰ আগষ্ট মাহত পাকিস্তানক Black Listed ঘোষণা কৰে ৷ ইয়াৰ পিচতেই FATFএ পাকিস্তানক Grey Indexৰ তালিকাভুক্ত কৰি 27 দফাযুক্ত কৰ্মসূচীৰ 22টাকৈ দফা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিবলৈ পুনৰ নিৰ্দেশ প্ৰদান কৰে যদিও FATFৰ নিৰ্দেশনাক সম্পূৰ্ণৰূপে আওকান কৰে পাকিস্তানে ৷ বাস্তৱত ইৰান আৰু উত্তৰ কোৰিয়াৰ ওপৰত গ্ৰহণ কৰা সিদ্ধান্তৰ বিপৰীতে পাকিস্তানৰ পুনৰ 4 মাহৰ সময়সীমা প্ৰদান কৰে FATFএ ৷ সংস্থাৰ অধ্যক্ষ গিয়াং মিন লীয়ে পাকিস্তানক 2020 চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত কৰ্মসূচীখন বলৱৎ কৰিবলৈ ইতিমধ্যেই সাৱধানবানী প্ৰদান কৰিছে ৷

37খন দেশৰ সদস্যভুক্ত আৰু দুটাকৈ আঞ্চলিক গোটৰ দ্বাৰা গঠিত FATFএ বিগত বৰ্ষত জুন মাহত চীনক সদস্যভুক্ত কৰাত অনুমোদন জনাইছিল ৷ FATFৰ নিয়ম অনুসৰি, ইয়াৰ যিকোনো তিনিটা সদস্যই যদিহে উমৈহতীয়া সিদ্ধান্তৰ প্ৰতি সমৰ্থন প্ৰদান নকৰে তেতিয়া FATFএ ইয়াৰ সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য ৷ চীন, তুৰ্কী আৰু মালেছিয়াৰ সহায়ত ইছলামাবাদৰ ওপৰত FATFএ আৰোপ কৰা প্ৰতিবন্ধকতাৰ প্ৰতি প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে পাকিস্তানে ৷ এতিয়া বিশ্ববাসীয়ে আগন্তুক চাৰিমাহৰ ভিতৰত সন্ত্ৰাসবাদ প্ৰতিৰোধ কৰিবলৈ পাকিস্তানে কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে অপেক্ষা কৰাৰ বাহিৰে বেলেগ কোনো উপায় নাই ৷ তিনি দশক পূৰ্বে অনুষ্ঠিত হোৱা G7 সন্মিলনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা হোৱা বেনামী ধনৰ লেনদেনে কিছুমান দেশৰ বেংকিং ব্যৱস্থা আৰু অৰ্থনৈতিক স্থিৰতাক বেয়াকৈ প্ৰভাৱিত কৰাটো চিনাক্ত হৈছিল ৷ পৰৱৰ্তী সময়ত এনেকুৱা অবৈধ ধনৰ লেনদেনৰ ওপৰত প্ৰতিবন্ধকতা লগাবলৈ G7ৰ অধীনত গঠন কৰা হৈছিল FATF সংস্থাক ৷

1990 চনত প্ৰথমলানি নিৰ্দেশনাৰে FATFএ স্থিৰ লক্ষ্যৰে নিজৰ কাৰ্যপ্ৰনালী আৰম্ভ কৰাৰ লগতে নিজাৱবীয়াকৈ তৈয়াৰ কৰা কৰ্মসূচী সময়ে সময়ে তৈয়াৰ কৰি আহিছে ৷ অবৈধ ধনৰ দ্বাৰা পৰিচালিত সন্ত্ৰাসবাদক কঠোৰ হাতেৰে প্ৰতিৰোধ কৰিবলৈ 2001 চনত FATFক ক্ষমতা প্ৰদান কৰা হৈছিল ৷ ফলস্বৰূপে 2012ৰ পৰা 2015 চনলৈ FATF জাৰি কৰা Grey Indexৰ শীৰ্ষস্থানত আছিল পাকিস্তান ৷ একেদৰেই চলিত বৰ্ষৰ জুন মাহৰ পুনৰ Grey Indexৰ শীৰ্ষস্থান দখল কৰে পাকিস্তানে ৷ সমগ্ৰ বিষয়টোৰ শুধৰণিৰ পৰিৱৰ্তে চlতুৰ পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ ধ্যান আঁতৰাবলৈ চেষ্টা কৰি আহিছে যদিও গুৰুতৰভাৱে বিফল হৈছে ৷ পাকিস্তানে জামাটুড ডাবা নামৰ সন্ত্ৰাসবাদী সংগঠনটো নিষিদ্ধ ঘোষণা কৰি এনেকুৱা দেখাই আছে যে, সন্ত্ৰাসবাদক ধন প্ৰদান কৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে ৷ ইয়াৰ বাহিৰেও বিষয়টো সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক আচহুৱা প্ৰচাৰ চলাই আহিছে পাকিস্তানে ৷

কিন্তু কম সময়ৰ ভিতৰতে পাকিস্তানৰ মিছলীয়া চৰিত্ৰ বিশ্ববাসীৰ আগত স্পষ্টৰূপত ধৰা পৰে ৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে জুলাই মাহত তেওঁৰ চৰকাৰেই পাকিস্তানত প্ৰথম আৰু একমাত্ৰ যিয়ে বিদ্ৰোহী সংগঠনবোৰক নিৰস্ত্ৰ নীতি গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছে বুলি ঘোষণা কৰিছিল ৷ ইমৰান খানে পাকিস্তানত 30ৰ পৰা 40 হাজাৰ সন্ত্ৰাসবাদী আছে বুলি এক আপত্তিজনক মন্তব্যৰে নিজৰ চৰিত্ৰ নিজেই উদঙাই দিয়ে ৷ পাকিস্তান চৰকাৰে বিশ্বত্ৰাস সন্ত্ৰাসবাদী মাছুদ আজহাৰৰ পেঞ্চন নীতি আবেদন গ্ৰহণ কৰি সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়াৰ অনন্য কৃতিত্বৰ অধিকাৰী হয় ৷

শেহতীয়াকৈ FATFৰ Grey Index সূচীৰ পৰা শ্ৰীলংকাকে ধৰি, টুনিছিয়া আৰু ইথিওপিয়াক আঁতৰাই দিয়াৰ লগতে মেগনোলিয়া আৰু জিম্বাবৱেক Grey Index সূচীত অন্তৰ্ভূক্ত কৰিছে৷ ভাৰতক হৰুৱাবলৈ পাকিস্তানে বিগত তিনিটা দশকযুৰি শীতল যুদ্ধৰ আশ্ৰয় লৈ মানসিক আৰু অৰ্থনৈতিকভাৱে আক্ৰমণ সংঘটিত কৰি আহিছে ৷ পাকিস্তানে সন্ত্ৰাসবাদী সংগঠনক ভাৰতত আক্ৰমণ সংঘটিত কৰিবলৈ ব্যৱহাৰ কৰি আহিছে ৷ যাৰ ফলস্বৰূপে দেশখনে ভীষণ অৰ্থনৈতিক সমস্যাৰে দেউলীয়া হৈ পৰিছে ৷

পাকিস্তানে নিজৰ বৈদেশিক নীতিত সন্ত্ৰাসবাদক অন্তৰ্ভূক্ত কৰাৰ ফলতেই দেশখনৰ এক-চতুৰ্থাংশ জনসংখ্যাই ভীষণ দৰিদ্ৰতাৰ সন্মুখীন হৈছে ৷ 40 মিলিয়ন টকাৰ ঋণ, 3 লাখ 40 হাজাৰ মিলিয়ন টকাৰ বিত্তীয় ঘাটি, এবছৰৰ ভিতৰত সৰ্বমুঠ ঘৰুৱা উৎপাদন 3300 মিলিয়নলৈ হ্ৰাস যাৰ বাবে জনমুৰি ঘৰুৱা উৎপাদন 8 শতাংশলৈ হ্ৰাস, 1 শতাংশতকৈয়ো কম কৃষি বিকাশ, মুদ্ৰাস্ফীতিৰ হাৰ 13ৰ পৰা 15 শতাংশলৈ বৃদ্ধি এই সকলোবোৰ দিশেই হৈছে পাকিস্তানৰ ধ্বংসমুখী অৰ্থনীতিৰ বাস্তৱিক প্ৰতিচ্ছবি ৷ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীধি সংস্থাই পাকিস্তানক প্ৰদান কৰা 600 বিলিয়ন ডলাৰ আৰ্থিক সাহাৰ্য পাকিস্তানৰ বাবে আশীৰ্বাদ নে অভিশাপ তাক লৈ পাকিস্তান এতিয়া চিন্তিত হৈ পৰিছে ৷ যদিহে পাকিস্তানে নিজকে আৰ্থিক পতনৰ পৰা উদ্ধাৰ কৰিব বিচাৰে তেতিয়াহ'লে নিজৰ অখণ্ডতা প্ৰমাণেৰে সন্ত্ৰাসবাদক পূঁজি যোগান ধৰা কাৰ্য বন্ধ কৰিব লাগিব ৷ পাকিস্তানে পুনৰাই বিশ্বক চলনা কৰিবলৈ চেষ্টা কৰিলে চিৰদিনৰ বাবেই ভয়ানক আৰ্থিক সংকটৰ ফালে গমন কৰি দেশখনৰ পতন নিজেই নিশ্চিত কৰিব ৷

Intro:Body:

বিগত বৰ্ষত FATFএ পাকিস্তানৰ বাবে 27 টা দফাৰ এক কৰ্মসূচী প্ৰস্তুত কৰি সন্ত্ৰাসবাদক সমৰ্থন কৰা এইসমূহ সূচী বাতিল কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ পাকিস্তানে FATFৰ এই কৰ্মসূচীক কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত, FATFৰ সহযোগী এছিয়া প্ৰশান্তীয় গোটে চলিত বৰ্ষৰ আগষ্ট মাহত পাকিস্তানক Black Listed ঘোষণা কৰে ৷ ইয়াৰ পিচতেই FATFএ পাকিস্তানক Grey Indexৰ তালিকাভুক্ত কৰি 27 দফাযুক্ত কৰ্মসূচীৰ 22টাকৈ দফা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিবলৈ পুনৰ নিৰ্দেশ প্ৰদান কৰে যদিও FATFৰ নিৰ্দেশনাক সম্পূৰ্ণৰূপে আওকান কৰে পাকিস্তানে ৷ বাস্তৱত ইৰান আৰু উত্তৰ কোৰিয়াৰ ওপৰত গ্ৰহণ কৰা সিদ্ধান্তৰ বিপৰীতে পাকিস্তানৰ পুনৰ 4 মাহৰ সময়সীমা প্ৰদান কৰে FATFএ ৷ সংস্থাৰ অধ্যক্ষ গিয়াং মিন লীয়ে পাকিস্তানক 2020 চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত কৰ্মসূচীখন বলৱৎ কৰিবলৈ ইতিমধ্যেই সাৱধানবানী প্ৰদান কৰিছে ৷ 

37খন দেশৰ সদস্যভুক্ত আৰু দুটাকৈ আঞ্চলিক গোটৰ দ্বাৰা গঠিত FATFএ বিগত বৰ্ষত জুন মাহত চীনক সদস্যভুক্ত কৰাত অনুমোদন জনাইছিল ৷ FATFৰ নিয়ম অনুসৰি, ইয়াৰ যিকোনো তিনিটা সদস্যই যদিহে উমৈহতীয়া সিদ্ধান্তৰ প্ৰতি সমৰ্থন প্ৰদান নকৰে তেতিয়া FATFএ ইয়াৰ সিদ্ধান্ত বাতিল কৰিবলৈ বাধ্য ৷ চীন, তুৰ্কী আৰু মালেছিয়াৰ সহায়ত ইছলামাবাদৰ ওপৰত FATFএ আৰোপ কৰা প্ৰতিবন্ধকতাৰ প্ৰতি প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে পাকিস্তানে ৷ এতিয়া বিশ্ববাসীয়ে আগন্তুক চাৰিমাহৰ ভিতৰত সন্ত্ৰাসবাদ প্ৰতিৰোধ কৰিবলৈ পাকিস্তানে কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে অপেক্ষা কৰাৰ বাহিৰে বেলেগ কোনো উপায় নাই ৷ তিনি দশক পূৰ্বে অনুষ্ঠিত হোৱা G7 সন্মিলনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা হোৱা বেনামী ধনৰ লেনদেনে কিছুমান দেশৰ বেংকিং ব্যৱস্থা আৰু অৰ্থনৈতিক স্থিৰতাক বেয়াকৈ প্ৰভাৱিত কৰাটো চিনাক্ত হৈছিল ৷ পৰৱৰ্তী সময়ত এনেকুৱা অবৈধ ধনৰ লেনদেনৰ ওপৰত প্ৰতিবন্ধকতা লগাবলৈ G7ৰ অধীনত গঠন কৰা হৈছিল FATF সংস্থাক ৷ 

1990 চনত প্ৰথমলানি নিৰ্দেশনাৰে FATFএ স্থিৰ লক্ষ্যৰে নিজৰ কাৰ্যপ্ৰনালী আৰম্ভ কৰাৰ লগতে নিজাৱবীয়াকৈ তৈয়াৰ কৰা কৰ্মসূচী সময়ে সময়ে তৈয়াৰ কৰি আহিছে ৷ অবৈধ ধনৰ দ্বাৰা পৰিচালিত সন্ত্ৰাসবাদক কঠোৰ হাতেৰে প্ৰতিৰোধ কৰিবলৈ 2001 চনত FATFক ক্ষমতা প্ৰদান কৰা হৈছিল ৷ ফলস্বৰূপে 2012ৰ পৰা 2015 চনলৈ FATF জাৰি কৰা Grey Indexৰ শীৰ্ষস্থানত আছিল পাকিস্তান ৷ একেদৰেই চলিত বৰ্ষৰ জুন মাহৰ পুনৰ Grey Indexৰ শীৰ্ষস্থান দখল কৰে পাকিস্তানে ৷ সমগ্ৰ বিষয়টোৰ শুধৰণিৰ পৰিৱৰ্তে চালাক পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ ধ্যান আঁতৰাবলৈ চেষ্টা কৰি আহিছে যদিও গুৰুতৰভাৱে বিফল হৈছে ৷ পাকিস্তানে জামাটুড ডাবা নামৰ সন্ত্ৰাসবাদী সংগঠনটো নিষিদ্ধ ঘোষণা কৰি এনেকুৱা দেখাই আছে যে, সন্ত্ৰাসবাদক ধন প্ৰদান কৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে ৷ ইয়াৰ বাহিৰেও বিষয়টো সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক আচহুৱা প্ৰচাৰ চলাই আহিছে পাকিস্তানে ৷ 

কিন্তু কম সময়ৰ ভিতৰতে পাকিস্তানৰ মিছলীয়া চৰিত্ৰ বিশ্ববাসীৰ আগত স্পষ্টৰূপত ধৰা পৰে ৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে জুলাই মাহত তেওঁৰ চৰকাৰেই পাকিস্তানত প্ৰথম আৰু একমাত্ৰ যিয়ে বিদ্ৰোহী সংগঠনবোৰক নিৰস্ত্ৰ নীতি গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছে বুলি ঘোষণা কৰিছিল ৷ ইমৰান খানে পাকিস্তানত 30ৰ পৰা 40 হাজাৰ সন্ত্ৰাসবাদী আছে বুলি এক আপত্তিজনক মন্তব্যৰে নিজৰ চৰিত্ৰ নিজেই উদঙাই দিয়ে ৷ পাকিস্তান চৰকাৰে বিশ্বত্ৰাস সন্ত্ৰাসবাদী মাছুদ আজহাৰৰ পেঞ্চন নীতি আবেদন গ্ৰহণ কৰি সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়াৰ অনন্য কৃতিত্বৰ অধিকাৰী হয় ৷ 

শেহতীয়াকৈ FATFৰ Grey Index সূচীৰ পৰা শ্ৰীলংকাকে ধৰি, টুনিছিয়া আৰু ইথিওপিয়াক আঁতৰাই দিয়াৰ লগতে মেগনোলিয়া আৰু জিম্বাবৱেক Grey Index সূচীত অন্তৰ্ভূক্ত কৰিছে৷ ভাৰতক হৰুৱাবলৈ পাকিস্তানে বিগত তিনিটা দশকযুৰি শীতল যুদ্ধৰ আশ্ৰয় লৈ মানসিক আৰু অৰ্থনৈতিকভাৱে আক্ৰমণ সংঘটিত কৰি আহিছে ৷ পাকিস্তানে সন্ত্ৰাসবাদী সংগঠনক ভাৰতত আক্ৰমণ সংঘটিত কৰিবলৈ ব্যৱহাৰ কৰি আহিছে ৷ যাৰ ফলস্বৰূপে দেশখনে ভীষণ অৰ্থনৈতিক সমস্যাৰে দেউলীয়া হৈ পৰিছে ৷ 

পাকিস্তানে নিজৰ বৈদেশিক নীতিত সন্ত্ৰাসবাদক অন্তৰ্ভূক্ত কৰাৰ ফলতেই দেশখনৰ এক-চতুৰ্থাংশ জনসংখ্যাই ভীষণ দৰিদ্ৰতাৰ সন্মুখীন হৈছে ৷ 40 মিলিয়ন টকাৰ ঋণ, 3 লাখ 40 হাজাৰ মিলিয়ন টকাৰ বিত্তীয় ঘাটি, এবছৰৰ ভিতৰত সৰ্বমুঠ ঘৰুৱা উৎপাদন 3300 মিলিয়নলৈ হ্ৰাস যাৰ বাবে জনমুৰি ঘৰুৱা উৎপাদন 8 শতাংশলৈ হ্ৰাস, 1 শতাংশতকৈয়ো কম কৃষি বিকাশ, মুদ্ৰাস্ফীতিৰ হাৰ 13ৰ পৰা 15 শতাংশলৈ বৃদ্ধি এই সকলোবোৰ দিশেই হৈছে পাকিস্তানৰ ধ্বংসমুখী অৰ্থনীতিৰ বাস্তৱিক প্ৰতিচ্ছবি ৷ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীধি সংস্থাই পাকিস্তানক প্ৰদান কৰা 600 বিলিয়ন ডলাৰ আৰ্থিক সাহাৰ্য পাকিস্তানৰ বাবে আশীৰ্বাদ নে অভিশাপ তাক লৈ পাকিস্তান এতিয়া চিন্তিত হৈ পৰিছে ৷ যদিহে পাকিস্তানে নিজকে আৰ্থিক পতনৰ পৰা উদ্ধাৰ কৰিব বিচাৰে তেতিয়াহ'লে নিজৰ অখণ্ডতা প্ৰমাণেৰে সন্ত্ৰাসবাদক পূঁজি যোগান ধৰা কাৰ্য বন্ধ কৰিব লাগিব ৷ পাকিস্তানে পুনৰাই বিশ্বক চলনা কৰিবলৈ চেষ্টা কৰিলে চিৰদিনৰ বাবেই ভয়ানক আৰ্থিক সংকটৰ ফালে গমন কৰি দেশখনৰ পতন নিশ্চিত কৰিব ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.