ETV Bharat / bharat

ধৰিত্ৰী দিৱস উপলক্ষে বলীউদ তাৰকাৰ বিশেষ পোষ্ট

author img

By

Published : Apr 22, 2020, 7:16 PM IST

ধৰিত্ৰী দিৱস উপলক্ষে বলীউদ তাৰকাৰ বিশেষ পোষ্ট ৷ চ'ছিয়েল মিডিয়াৰ জৰিয়তে বিভিন্ন পোষ্ট শ্বেয়াৰ তাৰকাসকলৰ ৷

চ'ছিয়েল মিডিয়া
ধৰিত্ৰী দিৱস উপলক্ষ্যে বলীউদ তাৰকাৰ বিশেষ পোষ্ট

নেশ্যনেল ডেস্ক, 22 এপ্ৰিল : সমগ্ৰ বিশ্বই ধৰিত্ৰী দিৱসৰ সোণালী জয়ন্তী পালন কৰাৰ সময়তে বলীউদৰ মোহময়ী অভিনেত্ৰী মাধুৰী দীক্ষিত নেনে, সোণাক্ষী সিন্হা,ভুমি পেডনেকাৰ,আলায়া এফ, দিয়া মিৰ্জা আৰু পূজা ভাটে ধৰিত্ৰীক বিশেষ ধৰণেৰে প্ৰশংসা আগবঢ়ায় ৷ চ'ছিয়েল মিডিয়াৰ জৰিয়তে অভিনেত্ৰীসকলে ফটো শ্বেয়াৰ কৰাৰ লগতে প্ৰকৃতি আৰু পৰিৱেশৰ সৈতে তেওঁলোকৰ সম্বন্ধৰ বিষয়েও সকলোকে আভাষ দিয়ে ৷

বলীউদৰ 'ধক ধক গাৰ্ল' মাধুৰীয়ে এক ভিডিঅ' শ্বেয়াৰ কৰে ৷ এই ভিডিঅ'টোত তেওঁক ঘন সেউজীয়া আৱৰেণৰে ঢকা এটা পথেৰে চাইকেল চলাই থকা প্ৰত্যক্ষ কৰা হৈছিল ৷ ইয়াৰোপৰি,তেওঁ ভিডিঅ'টোত লিখিছিল যে,লক ডাউনৰ ফলত পৃথিৱীখন পূৰ্বতকৈ বেছি সেউজীয়া আৰু স্বাস্থ্যকৰ হৈ উঠিল ৷

পৰিৱেশ সংৰক্ষণৰ পৃষ্ঠপোষকতা কৰা ভুমি পেডনেকাৰক বহু সময়ত মুম্বাইৰ সাগৰৰ তীৰ পৰিস্কাৰ কৰা দেখা পোৱা যায় ৷ এই অভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰামৰ জৰিয়তে ধৰিত্ৰী দিৱস উপলক্ষে এক বিশেষ কবিতা লিখে ৷

পেডনেকাৰে পৃথিৱীখন নিজৰ হাতত ধৰি থকা এখন আলোকচিত্ৰ তৈয়াৰ কৰাৰ লগতে কেপচন হিচাপে উল্লেখ কৰে,"সকলোলৈ ধৰিত্ৰী দিৱসৰ শুভেচ্ছা,আমাৰ পৃথিৱীখন আমাৰ ঘৰ ৷ ইয়াত মানুহ আৰু জীৱ-জন্তুয়ে একেলগে মৰমেৰে বাস কৰো ৷ ই আমাক পানী দিয়ে,খাদ্য দিয়ে আৰু খোজ কাঢ়িবৰ বাবে মাটি প্ৰদান কৰিছে ৷ ই আমাক উশাহৰ বাবে বায়ু আৰু গৰমৰ বাবে সূৰ্য প্ৰদান কৰিছে ৷ কিন্তু, এই পৃথিৱীখনক সুৰক্ষিত কৰিবলৈ মই কি কৰিছো ?"

'ডাবাং গাৰ্ল' সোণাক্ষী সিন্হাই এজোপা গছৰ তলত ছাঁ লৈ বহি থকা এখন ফটো শ্বেয়াৰ কৰে আৰু এটা কেপচন প্ৰদান কৰে ৷

'চড়ক' অভিনেত্ৰী পূজা ভাটে তেওঁৰ বাগিছাৰ কিছুমান গছৰ ফটো শ্বেয়াৰ কৰে আৰু সকলোকে ধৰিত্ৰী দিৱসৰ শুভেচ্ছা প্ৰদান কৰে ৷

আলয়া এফে নিজৰ অংকনশৈলী প্ৰদৰ্শন কৰি লিখে,"এয়া ধৰিত্ৰীলৈ মোৰ সৰুকৈ শ্ৰদ্ধা প্ৰদৰ্শন ৷" দিয়া মিৰ্জাইও এক বিশেষ ভিডিঅ' আপলোড কৰাৰ লগতে আমাৰ জন্মদিন সমূহৰ দৰেই এই দিনটোও পালন কৰিবলৈ সকলোকে আহ্বান জনায় ৷

উল্লেখ্য যে, প্ৰতিবছৰে 22 এপ্ৰিলৰ দিনা সমগ্ৰ বিশ্বব্যাপী প্ৰকৃতি আৰু প্ৰাণৰ উপস্থিতি পালন কৰিবৰ বাবে ধৰিত্ৰী দিৱসৰ আয়োজন কৰা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.