ETV Bharat / bharat

বাৰ্ড ফ্লুৰ বাবে ধোনীয়ে বাতিল কৰিলে 2000 ক'লা কড়কনাথ কুকুৰাৰ অৰ্ডাৰ - dhonis 2000 black kadaknath chicks order cancelled amid bird flu

নিজৰ অৰ্গেনিক ফাৰ্মৰ বাবে দিয়া কড়কনাথ কুকুৰাৰ পোৱালীৰ অৰ্ডাৰ বাতিল ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ ৷ মধ্যপ্ৰদেশৰ ঝাবুৱা জিলাৰ কড়কনাথ কুকুৰাৰ ফাৰ্ম এখনত বাৰ্ড ফ্লুৰ সংক্ৰমণৰ পাছতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক গৰাকীয়ে এই অৰ্ডাৰ বাতিল কৰে ৷

Dhoni's 2,000 black 'Kadaknath' chicks order cancelled amid bird flu

author img

By

Published : Jan 13, 2021, 10:33 PM IST

নেশ্যনেল ডেস্ক,13 জানুৱাৰী: দেশৰ ভিন্ন প্ৰান্তত বাৰ্ড ফ্লুৰ সংক্ৰমণ হোৱাৰ মাজতে নিজৰ অৰ্গেনিক কুকুৰা ফাৰ্মৰ বাবে ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীয়ে অৰ্ডাৰ দিয়া 2000 কলা কড়কনাথ কুকুৰাৰ অৰ্ডাৰ বাতিল কৰিছে ৷ মধ্য প্ৰদেশৰ ঝাবুৱা জিলাৰ এখন কুকুৰা ফাৰ্মত কড়কনাথ প্ৰজাতিৰ কুকুৰাৰ শৰীৰত বাৰ্ড ফ্লুৰ সংক্ৰমণ ধৰা পৰাৰ পাছতে বুধবাৰে ক্ৰিকেটাৰ গৰাকীয়ে নিজৰ অৰ্ডাৰ বাতিল কৰে বুলি জানিব পৰা গৈছে ৷

ঠাণ্ডালা টেহচিলৰ অধীনৰ ৰুদিপাণ্ডা গাঁৱত অৱস্থিত এখন ফাৰ্মৰ পৰা কড়কনাথ কুকুৰাৰ পোৱালিসমূহ এই মাহতে ধোনীৰ ফাৰ্মলৈ প্ৰেৰণ কৰাৰ কথা আছিল ৷ ফাৰ্মখনৰ গৰাকী বিনোদ মেদাই কয় যে বিগত মাহত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ পৰা তেওঁ 2000 কড়কনাথ কুকুৰাৰ পোৱালিৰ এক অৰ্ডাৰ লাভ কৰিছিল, কিন্তু বতৰৰ প্ৰতিকূল অৱস্থাৰ বাবে কুকুৰাৰ পোৱালিসমূহ প্ৰেৰণ কৰিব পৰা ন'গল ৷

সম্পূৰ্ণৰূপে ক'লা বৰণৰ এই কড়কনাথ কুকুৰা নিম্ন পৰিমাণৰ কলেষ্ট্ৰল আৰু বেছি পৰিমাণে লো থকাৰ বাবে জনাজাত ৷ জিআই টেগ থকা ক'লা ৰঙৰ এই কুকুৰাবিধৰ বজাৰ মূল্যও অন্য প্ৰজাতিৰ কুকুৰাৰ তুলনাত যথেষ্ট বেছি ৷

লগতে পঢ়ক:800 কুকুৰাৰ মৃত্যুৰ পাছতে মহাৰাষ্ট্ৰত বাৰ্ড ফ্লু নিশ্চিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.