ETV Bharat / bharat

ক’ৰণা মুক্ত ধাৰাৱী: বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰশংসিত বিএমচি

author img

By

Published : Dec 26, 2020, 6:02 PM IST

এছিয়াৰ সৰ্ববৃহৎ বস্তি তথা অতি ঘন বসতিৰ অঞ্চলটোত ক’ৰণা সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত বৃহান মুম্বাই মিউনিচিপাল কৰ্পৰেছনৰ সফলতাক বৰ্তমান বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে উদাহৰণ হিচাপে দেখুৱাইছে ৷

Dharavi becoming Covid-19 free, no new Covid-19 cases since March
ক’ৰণা মুক্ত ধাৰাৱী : বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰশংসিত বিএমচি

নিউজ ডেস্ক, 26 ডিচেম্বৰ: মুম্বাইস্থিত এছিয়াৰ সৰ্ববৃহৎ বস্তি অঞ্চল ধাৰৱীত ক’ৰণা ভাইৰাছ নিয়ন্ত্ৰণ কৰা বিষয়টোৱে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৰ লাভ কৰিছে ৷ বিশ্ব স্বাস্থ্য সংস্থায়ো ধাৰৱীত ক’ৰণা ভাইৰাছ নিয়ন্ত্ৰণ কৰা ক্ষেত্ৰত বৃহান মুম্বাই মিউনিচিপাল কৰ্পৰেছনে গ্ৰহণ কৰা ভূমিকাক প্ৰশংসা কৰে ৷ পৃথিৱীৰ আটাইতকৈ ঘন বসতিৰ অঞ্চলটোত এপ্ৰিল মাহত প্ৰথমজন ক'ৰণা ৰোগী চিনাক্ত কৰাৰ পাছত ইয়াত দ্ৰুত গতিত বদ্ধি পাব ধৰিছিল ক’ৰণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা । অতি কম সময়ৰ ভিতৰতে মুম্বাইত ধাৰৱীক কৰ'ণা ভাইৰাছৰ হটস্পট হিচাপে চিহ্নিত কৰা হৈছিল ৷

ধাৰাৱীত এপ্ৰিল, মে মাহত ক্ৰমে 60 টাৰ পৰা 70 টা নতুন ঘটনা পোৱা গৈছিল ৷ অৱশেষত, বিএমচি আৰু ব্যক্তিগত চিকিৎসক সকলে অঞ্চলটোৰ লোকসকলক ৰাজপথলৈ উলিয়াই আনি ক’ভিড পৰীক্ষণ কৰিবলৈ লয় ৷ এই লোকসকলৰ সংস্পৰ্শলৈ অহা তথা সন্দেহজনক ৰোগী আৰু লোকসকলক সময় নিৰ্ধাৰিত চিকিৎসা প্ৰদান কৰাৰ লগতে বিএমচিয়ে কনটেইনমেন্ট জ'নৰ ভিতৰত থকা লোকসকলক ৰাখিবৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰে ৷

মুম্বাইৰ পৌৰসভা কৰ্মী, আৰক্ষী, স্বাস্থ্য কৰ্মী আৰু বেচৰকাৰী সংস্থাসমূহৰ কঠোৰ পৰিশ্ৰমৰ ফলত জুন জুলাই মাহলৈ অঞ্চলটোত ক’ৰণাত আক্ৰান্ত আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা প্ৰতিদিনে হ্ৰাস পাবলৈ ধৰে ৷ বিগত 24 ঘন্টাত ধাৰাৱী অঞ্চলত এটাও ক'ৰণা ভাইৰাছ সংক্ৰমণৰ ঘটনা পোহৰলৈ অহা নাই ৷ এছিয়াৰ সৰ্ববৃহৎ বস্তি তথা অতি ঘন বসতিৰ অঞ্চলটোত ক’ৰণা সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত বৃহান মুম্বাই মিউনিচিপাল কৰ্পৰেছনৰ সফলতাক বৰ্তমান বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে উদাহৰণ হিচাপে দেখুৱাইছে ৷

লগতে পঢ়ক : জম্মু-কাশ্মীৰত আয়ুষ্মান ভাৰত আঁচনিৰ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.