ETV Bharat / bharat

এয়াৰলাইনছ সংস্থাক টিকট বিক্ৰী নকৰিবলৈ নিৰ্দেশনা

author img

By

Published : Apr 20, 2020, 11:04 AM IST

অসামৰিক বিমান পৰিবহনৰ মহানিৰ্দেশকে দেশৰ বিমান পৰিবহনকাৰী সংস্থাসমূহক এতিয়াই টিকট বিক্ৰী নকৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে । দেওবাৰে এক পত্ৰযোগে এই নিৰ্দেশনা জাৰী কৰে দেশৰ অসামৰিক বিমান পৰিবহন সেৱাৰ মহানিৰ্দেশকে ।

DGCA directs airlines to stop taking bookings
এয়াৰলাইনছ সংস্থাক টিকট বিক্ৰী নকৰিবলৈ নিৰ্দেশনা

নিউজ ডেস্ক, ২০ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ বাবে দেশব্যাপী লকডাউন বৃদ্ধি কৰাৰ সময়তে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন সংস্থাই গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । দেশৰ অসামৰিক বিমান পৰিবহন সেৱাৰ মহানিৰ্দেশকে দেওবাৰে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমান পৰিবহনৰ ক্ষেত্ৰত জাৰী কৰে এই নিৰ্দেশনা ।

দ্বিতীয়লানি লকডাউন শেষ হোৱাৰ পিচতে ৪ মে'ৰ পৰা আৰম্ভ হোৱাকৈ দেশৰ ব্যক্তিগত খণ্ডৰ যাত্ৰীবাহী বিমান পৰিবহনকাৰী সংস্থাসমূহে টিকট বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল । কিন্তু এনে অৱস্থাত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে দেশৰ সকলো বিমান পৰিবহনকাৰী সংস্থাক চৰকাৰে পৰৱৰ্তী নিৰ্দেশনা প্ৰদান নকৰা পৰ্যন্ত টিকট বিক্ৰী বন্ধ কৰি ৰাখিবলৈ নিৰ্দেশনা আগবঢ়ায় ।

ইয়াৰ পিচতেই দেওবাৰে অসামৰিক বিমান পৰিবহনৰ মহানিৰ্দেশকে এক বিজ্ঞপ্তি জাৰী কৰে । বিজ্ঞপ্তিটোত সকলো এয়াৰলাইছকে পৰৱৰ্তী নিৰ্দেশ প্ৰদান নকৰা পৰ্যন্ত টিকট বিক্ৰী বন্ধ কৰি ৰাখিবলৈ কোৱা হয় ।

লগতে পঢ়কঃ নন-কনটেইনমেন্ট এলেকাত 20 এপ্ৰিলৰ পৰা প্ৰদান কৰা হ'ব কিছু শিথিলতা : স্বাস্থ্য মন্ত্ৰণালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.