ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ বিজেপি বিধায়িনী দলৰ নেতৃত্বত দেবেন্দ্ৰ ফাড়নাৱিছ

author img

By

Published : Oct 30, 2019, 3:14 PM IST

Updated : Oct 30, 2019, 5:00 PM IST

মহাৰাষ্ট্ৰৰ বিজেপি বিধায়িনী দলে মুম্বাইত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ এই বৈঠকতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাৱিছক দলৰ নেতৃত্বৰ দায়িত্ব অৰ্পন কৰা হয় ৷

মহাৰাষ্ট্ৰৰ শক্তি বিতৰণ সংঘৰ্ষ

নেশ্বনেল ডেস্ক, 30 অক্টোবৰ : বুধবাৰে মহাৰাষ্ট্ৰৰ বিজেপি বিধায়িনী দলে মুম্বাইত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ এই বৈঠকতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাৱিছক দলৰ নেতৃত্বৰ দায়িত্ব অৰ্পন কৰা হয় ৷

বিধানসভাৰ নেতৃত্বৰ দায়িত্বত থকা ফাড়নাৱিছে মঙলবাৰে মন্তব্য কৰিছিল যে, তেওঁ অহা 5 বছৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিব ৷ তেওঁ লগতে জানিবলৈ দিয়ে যে, এই বৈঠকত বিজেপি সভাপতি অমিত শ্বাহ উপস্থিত নাথাকে ৷ উল্লেখ্য যে, মঙলবাৰে বিজেপিয়ে কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ আৰু সাধাৰণ সভাপতি অবিনাশ ৰায় খান্নাক মহাৰাষ্ট্ৰ বিধায়িনী দলৰ বৈঠকৰ বাবে কেন্দ্ৰীয় নিৰীক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিছিল ৷

বিজেপিৰ বিধায়িনী দলৰ বৈঠক
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাৱিছ

সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত মহাৰাষ্ট্ৰৰ 288 আসনৰ ভিতৰত বিজেপিয়ে 105 খন আসন দখল কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে, শিৱসেনাই দখল কৰিছিল 56 খনকৈ আসন ৷

মহাৰাষ্ট্ৰত বৰ্তমান মুখ্যমন্ত্ৰীৰ পদক লৈ অৰিয়া-অৰি চলি থকাৰ সময়তে ফাড়নাৱিছে মন্তব্য কৰে, "মই অমিত শ্বাহৰ সৈতে নিশ্চিত হৈছো যে, মুখ্যমন্ত্ৰী পদত প্ৰতিটো দলে (বিজেপি আৰু শিৱসেনা) 2 বছৰ 6 মাহৰ বাবে দায়িত্ব লাভ কৰিব বুলি লোকসভা নিৰ্বাচনৰ পূৰ্বে মিত্ৰজোঁট গঠন কৰোতে বিজেপিয়ে কোনো নিশ্চিতি প্ৰদান কৰা নাছিল ৷"

Intro:Body:Conclusion:
Last Updated : Oct 30, 2019, 5:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.