ETV Bharat / bharat

জম্মু-কাশ্মীৰত এতিয়াও স্বাভাৱিক হোৱা নাই যোগাযোগ ব্যৱস্থা - 370 অনুচ্ছেদ বাতিল

জম্মু-কাশ্মীৰত ব্যাহত যোগাযোগ ব্যৱস্থাই অতিক্ৰম কৰিলে 17 দিন ৷ আপোনজনৰ সৈতে সংযোগ স্থাপন কৰিবলৈ ব্যাকুল কাশ্মীৰৰ জনসাধাৰণ ৷

জম্মু-কাশ্মীৰত ব্যাহত সংযোগ ব্যৱস্থাই অতিক্ৰম কৰিলে 17 দিন
author img

By

Published : Aug 22, 2019, 2:38 PM IST

নেচনেল ডেক্স, 22 আগষ্ট: যোৱা 5 আগষ্টত 370 অনুচ্ছেদ বাতিলৰ পাছত কাশ্মীৰ উপত্যকাত মবাইল-টেলিফোন আৰু ইন্টাৰনেটৰ সংযোগ সেৱাৰ ওপৰত বলৱৎ কৰা নিষেধাজ্ঞা কেন্দ্ৰীয় চৰকাৰে সাময়িক ভাৱে বাতিল কৰাৰ পাছত এতিয়াও বহি:বিশ্বৰে সংযোগ নাই কাশ্মীৰৰ অধিকাংশ অঞ্চলৰ ৷ নৱ কেন্দ্ৰীয় শাসিত অঞ্চল কাশ্মীৰৰ মুখ্য চহৰ শ্ৰীনগৰত বহি:বিশ্ব তথা পৰিয়ালৰ লোকৰ সৈতে এতিয়াও সংযোগ স্থাপন কৰিব পৰা নাই চহৰখনৰ বাসিন্দা সকলে ৷

বুধবাৰে শ্ৰীনগৰৰ বি এ চেনেলৰ কাৰ্যালয়ৰ আগত অপেক্ষাৰত অৱস্থাত বিলাল আহমেদ নামৰ এগৰাকী বাসিন্দাই কয় "এইবোৰ সকলো মিছা ৷ যোৱা তিনি-চাৰিদিনৰ পৰা টেলিফোন চাৰ্ভিছ পুনৰ কাৰ্যক্ষম হোৱাৰ সময়ৰ বিষয়ে জানিবলৈ মোৰ ইয়ালৈ অহা-যোৱা চলি আছে ৷ চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে সংযোগ ব্যৱস্থা পুনৰ স্থাপন কৰা হোৱা নাই বৰঞ্চ সংযোগ পুনৰ স্থাপন কৰি দিয়াৰ নামত বি এ চেনেলৰ কৰ্মচাৰীয়ে ওলোটাই আমাৰ পৰা ধনহে দাবী কৰিছে ৷ বিষয়া-কৰ্মচাৰী সকলে নিজেও নাজানে উপত্যকাত কেতিয়া পুনৰ সংযোগ ব্যৱস্থা সূচল হ'ব" ৷ সংযোগ ব্যৱস্থা ব্যাহত হোৱাৰ ফলত অঞ্চলটোৰ বাসিন্দাসকল কাশ্মীৰৰ বাহিৰত থকা নিজৰ আত্মীয়ৰ পৰা সম্পূৰ্ণ ৰূপে সংযোগ বিচিন্ন হৈ পৰিছে,যাৰ ফলত এতিয়া ভীষণ শংকা-আৰু ভয়ৰ মাজত দিন কটাব লগীয়া হৈছে কাশ্মীৰবাসীয়ে ৷

আন এজন স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি বুধবাৰে লেণ্ডলাইন টেলিফন লাইন পুনৰ কাৰ্যক্ষম হ'ব বুলি তেওঁলোকক খবৰ দিয়া হৈছিল যাৰ ফলত শতাধিক মানুহে বি এচ এন এল কাৰ্যালয়ৰ সন্মুখত ভিৰ কৰিছিল কিন্তু পাছত লেণ্ডলাইনে কাম নকৰা বুলি বি এচ এন এলৰ সূত্ৰই জানিবলৈ দিয়ে ৷ চৰকাৰক অতি সোনকালে কাশ্মীৰত সংযোগ ব্যৱস্থা পুনৰ স্থাপনৰ অনুৰোধ কৰিছে অঞ্চলটোৰ জনসাধাৰণে ৷ এইদৰেই এতিয়া সংযোগ অবিহনে সংঘৰ্ষ কৰিব লগা হৈছে কাশ্মীৰৰ জনসাধাৰণে ৷

Intro:Body:

blank for JK

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.