ছত্তিশগড়, ১৩ জুন : কোভিড -১৯ মহামাৰীৰ সময়ত ফেছ মাস্ক অতি প্রয়োজনীয় সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে আৰু বিভিন্ন ডিজাইনৰ ফেছ মাস্কৰ চাহিদা বৃদ্ধি পাব ধৰিছে । বৰ্তমান অত্যাধুনিক ফেছ মাস্কে টেপিং হাই ষ্ট্ৰিট ফেছন বেণ্ডটো স্থান লাভ কৰিছে ।
![Designer studio in Raipur joins COVID-19 fight, starts producing designer masks](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03:37_7557508_464_7557508_1591788755843.png)
ছত্তিশগড়ৰ ৰাজধানীৰ এগৰাকী মহিলাই কোভিড -১৯ মহামাৰীৰ বিৰুদ্ধে ব্যৱহাৰৰ বাবে বিভিন্ন ডিজাইনৰ ফেছ মাস্কৰ তৈয়াৰ কৰিছে ।
ছত্তিশগড়ৰ ৰায়পুৰ জিলাৰ ডিবি ডিজাইনাৰ ষ্টুডিঅ' পৰিচালক ডালি বডবানীয়ে বিভিন্ন ডিজাইনৰ অত্যাধুনিক ফেছ মাস্ক তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছে ।
![Designer studio in Raipur joins COVID-19 fight, starts producing designer masks](https://etvbharatimages.akamaized.net/etvbharat/prod-images/cg-rpr-designer-mask-spl-7203514_10062020001524_1006f_00000_859.jpg)
ইটিভি ভাৰতৰে এক বিশেষ সাক্ষাৎকাৰত কয় যে, বৰ্তমান ডিজাইনৰ কাপুৰৰ পৰিবৰ্তে গ্ৰাহকে অত্যাধুনিক ফেছ মাস্কহে বিচাৰিছে । দৰ্জি নিয়োগ তথা আমাৰ জীৱিকা নিৰ্বাহৰ বাবে আমি অত্যাধুনিক ফেছ মাস্ক তৈয়াৰ কৰাত গুৰুত্ব দিছো । আমি শিশু আৰু মহিলাৰ বাবে বিভিন্ন ডিজাইনৰ ফেছ মাস্ক তৈয়াৰ কৰিছো ।
![Designer studio in Raipur joins COVID-19 fight, starts producing designer masks](https://etvbharatimages.akamaized.net/etvbharat/prod-images/03:37_cg-rpr-designer-mask-spl-7203514_10062020001524_1006f_00000_273.jpg)
ছত্তিশগড় মেডিকেল কাউন্সিলৰ সদস্য ড০ ৰাকেশ গুপ্তা কয় যে,ক'ৰণা মহামাৰীৰ সময়ত সামাজিক দুৰত্ব তথা ফেছ মাস্ক সকলোতকৈ প্রয়োজনীয় হৈ পৰিছে ।বৰ্তমান পৰিস্থিতিত ডিজাইনৰ মাস্ক তৈয়াৰ কৰি জীৱিকা নিৰ্বাহৰ পথ বাছি লৈছে বহু লোকে ।
লগতে চাওকঃ তেলেংগানাৰ গান্ধী হাস্পতালৰ চিকিৎসৰ প্ৰতিবাদত গুৰুত্ব দিবলৈ আহ্বান বিজেপিৰ মুখপাত্ৰৰ