ETV Bharat / bharat

4 জুলাইত মুকলি হ'ব ঐতিহাসিক জামা মছজিদ - লকডাউন

জামা মছজিদৰ শ্বাহী ইমাম, চৈয়দ আহমেদ বুখাৰীয়ে জনোৱামতে, অহা 4 জুলাইৰ পৰা মছজিদটো নামাজৰ বাবে মুকলি কৰা হ'ব ৷

4 জুলাইত মুকলি হ'ব ঐতিহাসিক জামা মছজিদ
4 জুলাইত মুকলি হ'ব ঐতিহাসিক জামা মছজিদ
author img

By

Published : Jun 30, 2020, 3:38 PM IST

নিউজ ডেস্ক, 30 জুন : দিল্লীত কোভিড-19ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পিচৰে পৰাই বন্ধ হৈ থকা ঐতিহাসিক জামা মছজিদ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মছজিদ কৰ্তৃপক্ষই ৷ মছজিদৰ শ্বাহী ইমাম, চৈয়দ আহমেদ বুখাৰীয়ে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, 4 জুলাইৰ পৰা নামাজৰ বাবে মুকলি হ'ব ঐতিহাসিক মছজিদটো ৷ বিগত 11 জুনত মছজিদটো 30 জুনলৈকে বন্ধ থাকিব বুলি ঘোষণা কৰা হৈছিল ৷

ইয়াৰ পূৰ্বে 8 জুনত মছজিদটো দুমাহৰ অন্তত মুকলি কৰা হৈছিল ৷ বুখাৰীয়ে প্ৰকাশ কৰা অনুসৰি, সাধাৰণ ৰাইজ আৰু বিশেষজ্ঞৰ পৰা লোৱা সিদ্ধান্তৰ ভিত্তিতে মছজিদটো মুকলি কৰিবলৈ লোৱা হৈছে ৷ আনলক 1.0ত সকলোবোৰেই মুকলি কৰি দিয়া হৈছিল ৷ আমি কোভিড-19ৰ শংকা কম আৰু নিৰাপত্তাৰ দিশটো বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি নামাজৰ বাবে মছজিদটো মুকলি কৰাৰ সিদ্ধান্ত লৈছো ৷

অৱশ্যে মছজিদ কৰ্তৃপক্ষই কোভিড-19 ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দুৰত্ব, নিৰাপত্তাজনিত পোচাক আৰু ছেনিটাইজেশ্বনৰ দিশটো আগত ৰাখিহে নামাজ পঢ়িবলৈ অনুমতি প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, শ্বাহী ইমামগৰাকীৰ ব্যক্তিগত সচিব, অমনউল্লাহ নামৰ লোকজনৰ চলিত মাহৰ আৰম্ভনিতে কোভিড-19ৰ ফলত মৃত্যু হৈছিল আৰু তাৰ পিচতে সাধাৰণ ৰাইজক নিজ গৃহতে নামাজ পঢ়িবলৈ আহ্বান কৰা হৈছিল ৷ অৱশ্যে লকডাউনৰ মাজতো মছজিদটোত কিছুসংখ্যক ব্যক্তিৰ দ্বাৰা পাঁচবাৰকৈ নামাজ পঢ়া হৈছিল ৷

লগতে পঢ়কঃ নিজ দেশলৈ উভতিল 18 গৰাকী বাংলাদেশী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.