নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ প্লাজমা থেৰাপীৰে নতুন দিল্লীৰ এখন ব্যক্তিগত হাস্পতালত সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে মহামাৰী COVID-19ত আক্ৰান্ত এগৰাকী ৪৯ বছৰীয়া ব্যক্তি । যাৰ বাবে দেওবাৰে ব্যক্তিগৰাকীক হাস্পতালৰ পৰা মুক্তি দিয়ে চিকিৎসকে।
![COVID-19](https://etvbharatimages.akamaized.net/etvbharat/prod-images/del-ndl-01-after-plazma-therepy-patient-released-vis-7205761_26042020153141_2604f_1587895301_404.jpg)
৪ এপ্ৰিলত COVID-19ত আক্ৰান্ত হোৱা ব্যক্তিজনক চিকিৎসাধীন সময়ত প্লাজমা থেৰাপী দিয়া বুলি সদৰী কৰে চিকিৎসকে । COVID-19 ৰ কিছুমান লক্ষ ধৰা পৰা পাচতে চিকিৎসালয়ত ভৰ্তি কৰাইছিল ব্যক্তিজনক ।
চিকিৎসালয়ত ভৰ্তি কৰোৱা কিছুদিন পাচতে ৰোগীজনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে যাৰ বাবে ৮ এপ্ৰিললৈ ভেণ্টিলেটৰ সহযোগত ৰখা হয় ব্যক্তিজনক । কিন্তু তাৰ পাচতো ব্যক্তিজনৰ দেহত কোনো সুস্থ হোৱাৰ লক্ষণ নেদেখি তেখেতৰ পৰিয়ালে প্লাজমা থেৰাপী বাবে প্ৰশাসন আৰু হাস্পতাল কৰ্তৃপক্ষক অনুৰোধ কৰে । যি ভাৰতত COVID-19ত আক্ৰান্ত ৰোগীসলকৰ বাবে পোণপ্ৰথম বাৰৰ বাবে চিকিৎসা পদ্ধতিত ব্যৱহাৰ হয় ।
ব্য়ক্তিজনক সংকটজনক অৱস্থাত ১৪ এপ্ৰিলৰ ৰাতিৰ পৰা প্লাজমা থেৰাপী দিয়া আৰম্ভ কৰে। তাৰ পাচতে ব্যক্তিজনৰ স্বাস্থ্যত কিছু পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছিল আৰু ১৮ এপ্ৰিলত পুৱা ব্যক্তিজনৰ পৰা ভেণ্টিলেটৰ গুচাই দিয়া হয়। আৰু তাৰ পাচতে ক্ৰমান্বয়ে সুস্থ হ'বলৈ ধৰে ব্যক্তিজন ।
আনহাতে, প্লাজমা থেৰাপী সন্দৰ্ভত মেক্স হেলথকেয়াৰৰ গ্ৰুপ ডাইৰেক্টৰে তথা চিকিৎসক ছন্দীপ বুধিৰাজে কয়,আমি সুখী যে থেৰাপীয়ে ৰোগীজনৰ লগত ভাল ফল দেখুৱালে । এটি নতুন জীৱন প্ৰদান কৰিলে । তাৰোপৰি মেক্স হেলথকেয়াৰৰ অধ্যক্ষ অভয় ছয়ে কয়,এই ধৰণৰ চিকিৎসাত সংকটজনক অৱস্থাত থকা COVID-19ৰোগীক তেখেতক ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ক্ষমতা প্ৰদান কৰে । \
লগতে চাওকঃ COVID-19ৰ পৰীক্ষা বঢ়াবলৈ নৰেন্দ্ৰ মোডীক ৰাহুল গান্ধীৰ আহ্বান