ETV Bharat / bharat

দিল্লীৰ বাৰা হিন্দু ৰাও হাস্পতালক কোভিড-১৯ হাস্পতাল হিচাপে ঘোষণা

author img

By

Published : Jun 14, 2020, 9:34 PM IST

স্বাস্থ্য মন্ত্ৰণালয়ৰ প্ৰধান সচিব বিক্ৰম দেৱ দত্তৰ আহ্বান মৰ্মে বাৰা হিন্দু ৰাও হাস্পতাল কৰ্তৃপক্ষই কোভিড-১৯ ৰোগীৰ বাবে প্ৰদান কৰে ১০০০ বিচনাযুক্ত হাস্পতালখন।

Bara Hindu Rao Hospital
Delhi's Bara Hindu Rao Hospital designated as COVID-19 hospital

নিউজ ডেস্ক, ১৪ জুনঃ দিল্লীৰ বাৰা হিন্দু ৰাও হাস্পতালক কোভিড-১৯ হাস্পতাল হিচাপে ঘোষণা উত্তৰ দিল্লী পৌৰ নিগমৰ। ৰাজধানী চহৰখনত দৈনিক দ্ৰুত গতিত বৃদ্ধি পোৱা কোভিড-১৯ ৰোগীৰ প্ৰতি লক্ষ্য় ৰাখি পৌৰ নিগমে বাৰা হিন্দু ৰাও হাস্পতালক কোভিড-১৯ হাস্পতাল হিচাপে ঘোষণা কৰে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ প্ৰধান সচিব বিক্ৰম দেৱ দত্তই বাৰা হিন্দু ৰাও হাস্পতালৰ পৰিদৰ্শকলৈ এখন পত্ৰ লিখি হাস্পতালখনৰ আটাইবোৰ বিচনা কোভিড ৰোগীৰ বাবে প্ৰদান কৰিবলৈ অনুৰোধ জনাইছিল। সেই অনুৰোধ মৰ্মে হাস্পতাল কৰ্তৃপক্ষই কোভিড-১৯ ৰোগীৰ বাবে প্ৰদান কৰে ১০০০ বিচনাযুক্ত হাস্পতালখন।

Delhi's Bara Hindu Rao Hospital designated as COVID-19 hospital
দিল্লীৰ বাৰা হিন্দু ৰাও হাস্পতালক কোভিড-১৯ হাস্পতাল হিচাপে ঘোষণা

উল্লেখ্য যে, দিল্লীত বৰ্তমানলৈকে ৩৮,৯৫৮ গৰাকীলৈ বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা। ইয়াৰে ২২,৭৪২ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে ১৪,৯৪৫ গৰাকী লোকে আৰোগ্য লাভ কৰিছে। আনহাতে, ৰাজধানী চহৰখনত এই মহামাৰীত মৃত্যুমুখত পৰিছে ১,২৭১ গৰাকী ব্য়ক্তি।

ৰাজধানী চহৰখনত কোভিড-১৯ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত লেফটেনেণ্ট গৱৰ্ণৰ অনিল বাইজাল, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু দিল্লী ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়াৰ সৈতে আলোচনাত মিলিত হয় কেন্দ্ৰীয় নেতৃবৃন্দ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধন আদিকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকে এই পৰ্যালোচনা বৈঠকত ।

লগতে পঢ়ক : কৰ’ণা যুদ্ধৰ মাজতে অসুস্থ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.