ETV Bharat / bharat

দিল্লী আৰক্ষীৰ কনিষ্টবলৰ দেহত কৰ'ণা ভাইৰাছ - মহামাৰী

দিল্লী আৰক্ষীৰ তিলক বিহাৰ আৰক্ষী চকীৰ এগৰাকী কনিষ্টবলৰ দেহত পোৱা গৈছে কোভিড-১৯ৰ ভাইৰাছ কৰ'ণা । ইয়াৰ পিচতেই আৰক্ষী চকীত কৰ্মৰত ৭০ গৰাকীকৈ কৰ্মচাৰীক ১৪ দিনৰ বাবে আছুতীয়াকৈ থাকিবলৈ নিৰ্দেশনা প্ৰদান কৰা হয় ।

দিল্লী আৰক্ষীৰ কনিষ্টবলৰ দেহত কৰ'ণা ভাইৰাছ

author img

By

Published : Apr 23, 2020, 9:24 AM IST

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ দিল্লী আৰক্ষীৰ তিলক বিহাৰ আৰক্ষী চকীত কৰ্মৰত ৭০ গৰাকীকৈ কৰ্মচাৰীক আছুতীয়াকৈ থাকিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে দিল্লী গৃহ বিভাগে । আৰক্ষী চকীখনত কৰ্মৰত এগৰাকী আৰক্ষী কনিষ্টবলৰ দেহত কৰ'ণা ভাইৰাছ সৃষ্ট কোভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পিচতেই এই নিৰ্দেশনা প্ৰদান কৰা হয় । সেই অনুসৰি, আৰক্ষী চকীখনত কৰ্মৰত ৭০ গৰাকী বিষয়া-জোৱানক ১৪ দিনৰ বাবে আছুতীয়াকৈ থাকিবলৈ কোৱা হৈছে ।

সহকাৰী আৰক্ষী আয়ুক্ত প্ৰমোদ কুশৱাহাই প্ৰকাশ কৰা অনুসৰি, লোধি কলনী আৰক্ষী থানাৰ অন্তৰ্গত এগৰাকী কনিষ্টবল কোভিড-১৯ পজিটিভ ধৰা পৰে । সেই ফালৰ পৰা জোৱানজন কৰ্মৰত তিলক বিহাৰ চকীৰ আটাইকেইগৰাকী বিষয়া কৰ্মচাৰীকে এতিয়া ১৪ দিনৰ বাবে আছুতীয়াকৈ থাকিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে । আৰক্ষীয়ে কনিষ্টবল গৰাকীৰ সংস্পৰ্শলৈ অহা সকলো লোকৰে তথ্য সংগ্ৰহৰ কাম ইতিমধ্যে আৰম্ভ কৰি দিয়া বুলিও আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে ।

বৰ্তমান সময়লৈকে দিল্লীত ২১৫৬ গৰাকী কোভিড-১৯ পজিটিভ পোৱা গৈছে আৰু ৪৭ গৰাকী মৃত্যুমুখত পৰিছে ।

লগতে পঢ়কঃ লকডাউন প্ৰয়োগ কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত আক্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.