নেশ্যনেল ডেস্ক, 26 আগষ্ট : দিল্লী আৰক্ষীৰ বিশেষ শাখাই দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষকৰ ছাত্ৰ শ্বাৰ্জিল ইমামক ফ্ৰেব্ৰুৱাৰী মাহত উত্তৰ-পূৱ দিল্লীৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসমক দেশৰ অন্য ঠাইৰ পৰা বিচ্ছিন্ন কৰাৰ বিতৰ্কিত মন্তব্য কৰাৰ অপৰাধত দেশদ্ৰোহৰ অপৰাধত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে ৷
দেওবাৰে শ্বাৰ্জিলক অসমৰ পৰা দিল্লীলৈ প্ৰডাকশ্বন ৱাৰেন্টত উভতাই অনা হয় ৷ 21 জুলাইত শ্বাৰ্জিলক দিল্লী আৰক্ষীয়ে দেশৰ ৰাজধানীলৈ উভতাই অনাৰ প্ৰস্তুতি চলাই আছিল যদিও ইয়াৰ আগমুহুৰ্ততে অসমৰ কাৰাগাৰত থকা শ্বাৰ্জিল ইমামৰ শৰীৰত কৰ‘ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ৷
উল্লেখ্য যে, শ্বাৰ্জিল ইমাম 'কা' আৰু এন আৰ চি বিৰোধী প্ৰতিবাদীত অংশগ্ৰহণ কৰি উচতনিমূলক মন্তব্য কৰাৰ অভিযোগত UAPA ধাৰাৰ অধীনত অসম আৰক্ষীয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত গুৱাহাটী কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছিল ৷ তদুপৰি দিল্লী আৰক্ষীয়ে 25 জুলাইত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আয়োজন কৰা প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি উচতনিমূলক মন্তব্য কৰাৰ অপৰাধত বিভিন্ন স্থানত শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ চাৰ্জশ্বীট দাখিল কৰে ৷
লগতে পঢ়ক : কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে অধ্যক্ষা ছোনিয়া গান্ধীৰ ভাৰ্চুৱেল বৈঠক