ETV Bharat / bharat

''চৰকাৰে যদি মানুহৰ নিৰাপত্তাৰ দায়িত্ব ল'ব নোৱাৰে তেন্তে শাসনভাৰ চলোৱাৰ কোনো অধিকাৰ নাই''

author img

By

Published : Nov 7, 2019, 5:52 PM IST

প্ৰদূষণ এতিয়া মানুহৰ জীৱন মৃত্যুৰ প্ৰশ্ন হৈ পৰিছে ৷ চৰকাৰে যদি ইয়াৰ দায়িত্ব ল'ব নোৱাৰে তেন্তে চৰকাৰৰ শাসনত থকাৰ অধিকাৰ নাই ৷ চৰকাৰে কল্যাণকামী চৰকাৰৰ ধাৰণা পাহৰি গৈছে ৷ দিল্লী প্ৰদূষণ সন্দৰ্ভত এই মন্তব্য কৰিলে উচ্চতম ন্যয়ালয়ে ৷

দিল্লী প্ৰদীষণৰ সন্দৰ্ভত কঠোৰ উচ্চমত ন্যায়ালয়

নিউজ ডেক্স , 7 নৱেম্বৰঃ নষ্ট শস্য জ্বলন কাৰ্যৰ পৰা উৎপন্ন হোৱা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে পঞ্জাৱ চৰকাৰক কটাক্ষ কৰিলে উচ্চতম ন্যায়ালয়ে ৷ ন্যয়াধীশ অৰুণ মিশ্ৰ নেতৃত্বাধীন উচ্চতম ন্যায়ালয়ৰ বিশেষ কমিটিয়ে দিল্লী প্ৰদূষণ সন্দৰ্ভত কয় যে, এই ক্ষেত্ৰত গণতান্ত্ৰিক চৰকাৰখনে আৰু অধিক দায়িত্ব লোৱা প্ৰয়োজন আছিল ৷ এইটো বিষয় এতিয়া মানুহৰ জীৱন-মৃত্যুৰ প্ৰশ্ন হৈ পৰিছে ৷ চৰকাৰে কেনেকৈ দেশখনক 100 বছৰ পিছলৈ যাবলৈ দিব পাৰে বুলিও প্ৰশ্ন কৰে উচ্চতম ন্যয়ালয়ে ৷ কেন্দ্ৰীয় আৰু পাঞ্জাৱ চৰকাৰক অ-ব্যৱহৃত শস্য জলোৱাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে উচ্চতম ন্যয়ালয়ে কঠোৰ সমালোচনা কৰাৰ লগতে এই ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য কৰাৰ কথাও উল্লেখ কৰে ৷

উচ্চতম ন্যয়ালয়ে লগতে কয় য়ে, চৰকাৰে যদি মানুহৰ নিৰাপত্তাৰ দায়িত্ব ল'ব নোৱাৰে তেন্তে শাসনভাৰ চলোৱাৰ কোনো অধিকাৰ নাই ৷ বৰ্তমানৰ চৰকাৰে কল্যাণকামী চৰকাৰৰ ধাৰণাটো পাহৰি গৈছে ৷ ন্যায়াধীশ মিশ্ৰই দিল্লীৰ মুখ্য অধ্যক্ষক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ নিৰ্মাণ কাৰ্যৰ ক্ষেত্ৰত নিয়ম ভংগ কৰা সকলৰ বিৰুদ্ধেও কঠোৰ হ'বলৈ নিৰ্দেশ দিয়ে ন্যায়াধীশজনে ৷ হাৰিয়ানাৰ মুখ্য অধ্যক্ষজনক প্ৰদূষণ ৰোধৰ বাবে ইতিমধ্যে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰশ্ন কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ৷

উচ্চতম ন্যায়ালয়ে পাঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ দৰিদ্ৰ কৃষক সকলৰ বাবে নূন্যতম মূল্যত ৰেছন আগবঢ়াবলৈও নিৰ্দেশ দিয়ে ৷ বাছমতি চাউলৰ বাহিৰে আন সমূহ চাউলৰ বীজ প্ৰতি কুইণ্টলত 100 টকাকৈ দিবলৈ নিৰ্দেশ দিয়াৰ লগতে কৃষি কৰ্মৰ বাবে উন্নত প্ৰযুক্তিৰ যন্ত্ৰও যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে ৷

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে কয় যে , দিল্লীৰ প্ৰদূষণৰ মাত্ৰা হ্ৰাস হোৱাটো সুখৰ কথা যদিও আকৌ যাতে বৃদ্ধি নহয়, তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব ৷ আনহাতে উচ্চতম ন্যয়ালয়ে কৃষকক কম মূল্যত শস্য যোগান ধৰা সন্দৰ্ভত কৃষক সকলে মন্তব্য কৰে যে, উচ্চতম ন্যয়ালয়ে দিয়া নিৰ্দেশনা শীঘ্ৰে প্ৰযোজ্য কৰা উচিত ৷ প্ৰযোজ্য নোহোৱালৈকে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক তেঁওলোকে বিশ্বাস নকৰে বুলিও মন্তব্য কৰে ৷

লগতে পঢ়কঃ নলবাৰীত গণ প্ৰহাৰৰ ঘটনা: 24 ঘণ্টাৰ ভিতৰত আটক অভিযুক্ত

Intro:Body:

DELHI POLUTION 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.