ETV Bharat / bharat

আজিৰে পৰা ‘লক ডাউন’ ঘোষণা ৰাজধানী দিল্লীত - দিল্লীত ‘লক্ ডাউন’ ঘোষণা

24 ঘন্টাৰ ভিতৰত ৰাজ্যখনত 113 গৰাকী ৰোগী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে,ইয়াৰ ভিতৰত 23 গৰাকী কৰ’ণাত আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে দিল্লীত ‘লক্ ডাউন’ ঘোষণা কৰা হৈছে ৷

Delhi is been locked down from today
আজিৰে পৰা ‘লক ডাউন’ ঘোষণা ৰাজধানী দিল্লীত
author img

By

Published : Mar 23, 2020, 8:16 AM IST

নেশ্যনেল ডেক্স,23 মাৰ্চঃ ৰজধানী দিল্লীত ক্ৰমাৎ তীব্ৰগতিত বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ 24 ঘন্টাৰ ভিতৰত ৰাজ্যখনত 113 গৰাকী ৰোগী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে,ইয়াৰ ভিতৰত 23 গৰাকী কৰ’ণাত আক্ৰান্ত বুলি চিনাক্ত কৰা হৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিততে দিল্লীত ‘লক্ ডাউন’ ঘোষণা কৰা হৈছে ৷ উল্লেখ্য যে,সমগ্ৰ দেশতে ইতিমধ্যে কৰ’ণাত আক্ৰান্তৰ সংখ্যা 360 লৈ বৃদ্ধি পাইছে যাৰ ভিতৰত 30 জন ৰোগী ৰাজধানী দিল্লীৰ ৷ 5 জন ৰোগী সম্পূৰ্ণৰূপে সুস্থ হোৱাৰ বিপৰীতে মৃত্যু হয় এগৰাকী মহিলাৰ ৷

ইয়াৰ সমান্তৰালকৈ,ৰাজধানীত চৰকাৰী ঠাইসমূহত মুঠ 959গৰাকী লোকক পৃথককৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ কৰ’ণাই ইতিমধ্যে সকলো লোকৰে মাজত আতংকৰ সৃষ্টি কৰিছে ৷ যাৰ ফলত বিগত কিছু দিনত ‘কেট্চ এম্বুলেঞ্চ’ সেৱাই মুঠ 103 টা কল গ্ৰহণ কৰিছে ৷ লগতে ‘ষ্টেট হেড কোৱাটাৰ কন্ট্ৰ‘ল ৰূম’ত মুঠ 405 টা কল আহে য’ত লোকসকলে নিজৰ লগতে পৰিয়ালবৰ্গক এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণৰ পৰা কেনেদৰে ৰক্ষা কৰিব পাৰে এই বিষয়ে জানিব বিচাৰিছে ৷ দিল্লীত সোমবাৰৰ পৰা ঘোষিত ‘লক ডাউন’ৰ বাবে ৰে’ল সেৱা, মেট্ৰ’ সেৱাৰ উপৰিও জৰুৰি সেৱাসমূহৰ বাহিৰো অন্যান্য সকলো সেৱা বন্ধ কৰি দিয়া হৈছে ৷

লগতে পঢ়ক-ৱৰ্ক ফ্ৰম হ'ম : গ্ৰাহকলৈ জিঅ'ৰ 251 টকাৰ প্লেন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.