ETV Bharat / bharat

নিৰ্ভয়া কাণ্ড : ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব দিল্লী চৰকাৰ - hanging

মঙলবাৰে নিৰ্ভয়া গোচৰত অভিযুক্ত পৱন কুমাৰ গুপ্তাৰ ক্ষমা আবেদন নাকচ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ৷ ইয়াৰ পিচতেই দিল্লী চৰকাৰে গোচৰত অভিযুক্ত চাৰিওগৰাকীকে ফাঁচী দিয়াৰ দিন ধাৰ্য কৰিবৰ বাবে স্থানীয় আদালতৰ দাৰস্থ হয় ৷

নিৰ্ভয়া কাণ্ড : ন্যায়ালয়ৰ দাৰস্থ হ'ব দিল্লী চৰকাৰ

author img

By

Published : Mar 4, 2020, 5:15 PM IST

Updated : Mar 4, 2020, 6:07 PM IST

নিউজ ডেস্ক, 4 মাৰ্চ : বুধবাৰে নিৰ্ভয়া গোচৰক লৈ দিল্লীৰ এখন স্থানীয় আদালতৰ দাৰস্থ হয় দিল্লী চৰকাৰ ৷ নিৰ্ভয়া গোচৰৰ চাৰিওগৰাকী অভিযুক্তৰ ফাঁচীৰ দিন ধাৰ্য কৰিবলৈ এইদৰে আদালতৰ দাৰস্থ হয় দিল্লী চৰকাৰ ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মঙলবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে নিৰ্ভয়া গোচৰত অভিযুক্ত পৱন কুমাৰ গুপ্তাৰ ক্ষমা আবেদন নাকচ কৰে ৷

আদালতে ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখে মাৰ্চৰ 3 তাৰিখে নিৰ্ভয়া কাণ্ডৰ চাৰিওগৰাকী অভিযুক্তৰ ফাঁচীৰ দিন ধাৰ্য কৰিছিল ৷ কিন্তু অনিৰ্দিষ্ট কাৰণবশত আটাইকেইগৰাকী অভিযুক্তৰে ফাঁচীৰ দিন পিচুৱাই দিয়া হৈছিল ৷ বৃহস্পতিবাৰে অতিৰিক্ত সত্ৰ ন্যায়াধীশ ধৰ্মেন্দ্ৰ ৰাণাই সমগ্ৰ বিষয়টোৰ ওপৰত পুনৰ শুনানি গ্ৰহণ কৰিব ৷

ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে এই গোচৰত অভিযুক্ত মুকেশ কুমাৰ সিং, বিনয় শৰ্মা আৰু অক্ষয় কুমাৰ সিঙৰ ক্ষমা আবেদন ইতিমধ্যেই নাকচ কৰিছে ৷

Last Updated : Mar 4, 2020, 6:07 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.