ETV Bharat / bharat

দিল্লী চৰকাৰৰ স্বাস্থ্য সম্বন্ধীয় নিৰ্দেশনা: ৰাইজক ঘৰৰ ভিতৰত থাকিবলৈ পৰামৰ্শ - ৰাইজক ঘৰৰ ভিতৰত থাকিৰ পৰামৰ্শ

সোমবাৰেও ডাঠ কুঁৱলীয়ে আৱৰি থাকিল দিল্লীৰ আকাশ ৷ দিল্লীত বায়ু প্ৰদূষণ সূচী (Air Quality Index) বিপদজনক হৈ থকাৰ বাবে স্বাস্থ্য বিভাগৰ প্ৰধান সঞ্চালকে কিছু স্বাস্থ্য সম্বন্ধীয় নিৰ্দেশনা জাৰি কৰিছে ৷ এই নিৰ্দেশনাত প্ৰধানকৈ ৰাইজক ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷

স্বাস্থ্য বিভাগৰ প্ৰধান সঞ্চালৰ বায়ু প্ৰদূষণক লৈ নিৰ্দেশনা
author img

By

Published : Nov 4, 2019, 8:26 PM IST

নতুন দিল্লী, 4 নৱেম্বৰ: সৰ্বকালৰ অভিলেখ ভংগ কৰি দিল্লী-এন চি আৰ অঞ্চলত বায়ু প্ৰদূষণ সূচী (Air Quality Index)য়ে স্পৰ্শ কৰিলে 999 ৰ অংক ৷ ই হৈছে তিনি বছৰৰ সৰ্বাধিক, যাৰ বাবে দিল্লীৰ বতাহক ইতিমধ্যে বিপদজনক বুলি ঘোষণা কৰা হৈছে ৷ সোমবাৰে স্বাস্থ্য বিভাগৰ প্ৰধান সঞ্চালকে কিছু স্বাস্থ্য সম্বন্ধীয় নিৰ্দেশনা জাৰি কৰিছে ৷ এই নিৰ্দেশনাত প্ৰধানকৈ ৰাইজক ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷

স্বাস্থ্য বিভাগৰ প্ৰধান সঞ্চালৰ বায়ু প্ৰদূষণক লৈ নিৰ্দেশনা

ই টিভিক দিয়া এক সাক্ষাৎকাৰত প্ৰধান সঞ্চালক ডাঃ অশোক কুমাৰে কয় যে, ‘আমি এখন স্বাস্থ্য সম্বন্ধীয় নিৰ্দেশনা জাৰি কৰিছো যাৰ দ্বাৰা সাধাৰণ জনতা উপকৃত হ'ব ৷ এই নিৰ্দেশনাত বিশেষকৈ দুৰ্বল লোকসকলক যিমান পাৰে সিমান সতৰ্কতা অৱলম্বন কৰিবলৈ কোৱা হৈছে ৷ নিজক স্বাস্থ্যবান কৰি ৰাখিবলৈ তেঁওলোকে যিমান পাৰে প্ৰদূৰ্ষণৰ সংস্পৰ্শলৈ নাহিব’ বুলি পৰামৰ্শ আগবঢ়োৱা হৈছে ৷

বায়ু প্ৰদূৰ্ষণৰ স্তৰ দিল্লীত গম্ভীৰ হৈ পৰাৰ লগে লগে ই বহু লোকৰ বাবে ৰোগৰ কাৰণ হৈ পৰিব বুলি অনুমান কৰা হৈছে ৷ এই প্ৰদূষণে মানুহৰ বাবে শ্বাস প্ৰশ্বাস জনিত ৰোগৰ কাৰণ হ'ব ৷ অতি কম সময়ৰ বাবে এই প্ৰদূষিত বায়ুত উশাহ-নিশাহ ল'লেও ৰাইজৰ ক্ষতি হ'ব বুলি আশংকা কৰা হৈছে ৷ বৃদ্ধ, 5 বছৰৰ তলৰ শিশু আৰু গৰ্ভাৱতী মহিলা সকলক এি বায়ুৱে বিশেষভাবে ক্ষতি কৰিব ৷
এই নিৰ্দেশনাত ৰাইজক ৰন্ধন কাৰ্যৰ বাবে ধোঁৱা বিহীন ইন্ধনৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে ৷ ইয়াৰ লগতে সোমবাৰৰ পৰা দিল্লীত কাৰ্যকৰী কৰা হ'ল যুগ্ম-অযুগ্ম সংখ্যাৰ সূ্ত্ৰ ৷ ৰাজধানীত বাহন চলাচল কৰাৰ ক্ষেত্ৰত 15 নৱেম্বৰলৈ বাহাল থাকিব এই ব্যৱস্থা ৷ 4 নৱেম্বৰত যুগ্ম-অযুগ্ম সংখ্যাৰ সূত্ৰৰ আৰম্ভণি হোৱা বাবে সোমবাৰে দিল্লীৰ ৰাজপথত কেৱল যুগ্ম নম্বৰৰ বাহনহে দেখা যাব ৷ পুৱা 8 বজাৰ পৰা দিল্লীত কাৰ্যকৰী কৰা হৈছে যুগ্ম-অযুগ্ম সংখ্যাৰ নিয়ম ৷

লগতে পঢ়ক: দিল্লীত কাৰ্যকৰী কৰা হ'ল যুগ্ম-অযুগ্ম সংখ্যাৰ সূত্ৰ

উল্লেখযোগ্য যে, দেওবাৰে দিল্লীৰ আকাশ নিম্ন দৃশ্যমানৰ হোৱা বাবে বিমান চলাচলত প্ৰভাৱ পৰা দেখা গ'ল ৷ 32 খনকৈ বিমানৰ গতিপথ সলনি কৰিলে দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই ৷ নতুনকৈ ঘোষণা কৰা বিমানৰ সময় তথা অন্যান্য তথ্য সন্দৰ্ভত বিমানবন্দৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈও যাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে ৷ দেশৰ ৰাজধানীত বায়ুৰ গুণগত মানদণ্ড নিকৃষ্ট পৰ্যায়ৰ বুলি ঘোষণা হোৱাৰ পাচতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিমানবন্দৰ কৰ্তৃপক্ষই ৷ ডাঠ কুঁৱলীয়ে দিল্লীৰ বায়ুমণ্ডল আৱৰি ধৰাৰ লগতে দিল্লীবাসীয়ে স্বাস্থ্যজনিত সমস্যাতো ভুগিছে ৷ আনহাতে, দেওবাৰৰ পুৱা 10 বজাৰ পৰা দিল্লীত বায়ু প্ৰদূষণৰ সূচী (Air Quality Index) সৰ্বাধিক 625 হোৱা পৰিলক্ষিত হয় ৷ উল্লেখ্য যে, 500 তকৈ অধিক বায়ু প্ৰদূষণৰ সূচী হ'লে ইয়াক 'গম্ভীৰ তথা জৰুৰীকালীন' বুলি গণ্য কৰা হয় ৷ ধীৰপুৰত 509, দিল্লী বিশ্ববিদ্যালয়ত 591, বিখ্যাত চান্দনী চৌকত 432 আৰু লোধী অঞ্চলত 537 বায়ু প্ৰদূষণৰ সূচী (AQI) প্ৰত্যক্ষ কৰা হৈছে ৷

Intro:New Delhi: Admitting that pollution in the national capital is very high and toxic, the Director General of Health Service (DGHS) on Monday has issued an advisory suggesting people to stay indore.

Body:Talking to ETV Bharat, DGHS Dr Ashok Kumar said that the pollution level in the national capital is very high.

"We have asked the general public, through advisory, to adopt maximum precautions to stay fit," said Kumar.

The health advisory issued by DGHS said that the air pollution had reached at severe level in Delhi. "It may result morbidity among the exposed people," the advisory said.

The air pollution can harm and cause respiratory illness in healthy people on prolonged exposure and even pronounced respiratory or other serious illness in vulnerable population even on short exposure, the advisory said.

"Vulnerable means elderly, children below five years of age, pregnant women, persons with poor nutritional status," the DGHS in its advisory said.

Conclusion:Asking the people to remain indore, the advisory further asked the people to uae clean smokeless fuel gas or electricity for cooking and heating purpose.

"Use public transportation," the DGHS advisory further said.

Smoke envelops New Delhi and the NCR for last several days causing several health hazards to the people. Health department reports suggests pollution level in Delhi and it's surrounding areas peaked to a three year high.

On Sunday, according to the central pollution control board, the national capital's 24 hour average air quality index (AQI) stood at 494, which is highest since November 6, 2016 when it was 497.

All Government and and private schools have been shut in Delhi, Noda, Greater Noida, Faridabad, Gurugram and Meerut till Tuesday.

Experts opined that the situation is unlikely to improve unless there is a rainfall.

end.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.