নেশ্যনেল ডেস্ক, 9 মে' : বিহাৰৰ মন্ত্ৰী সঞ্জয় শৰ্মা ঝায়ে শনিবাৰে কয় যে, প্ৰব্ৰজনকাৰী শ্ৰমিকৰ ট্ৰেইনৰ টিকেটৰ নামত খৰছ কৰা টকা বিচাৰিছে দিল্লী চৰকাৰে ৷ সংবাদ মাধ্যমক প্ৰদান কৰা তথ্যত ঝায়ে কয়, তেওঁলোকক নিজৰ টকাৰে প্ৰেৰণ কৰা বুলি সকলোৰে পৰা প্ৰশংসা বুটলিবলৈ চেষ্টা কৰিছে যদিও বিহাৰ চৰকাৰক টকা বিচাৰিছে দিল্লীয়ে ৷
এক পত্ৰৰ জৰিয়তে এই টকা বিচাৰিছে বুলি মন্তব্য কৰে ঝায়ে ৷ ঝায়ে কয়, "দিল্লীৰ পৰা মুজফ্ফৰপুৰত উপস্থিত হোৱা 1,200 শ্ৰমিকৰ ভ্ৰমণৰ সকলো খৰছ দিল্লী চৰকাৰে বহন কৰিছে বুলি দিল্লীৰ এজন মন্ত্ৰীয়ে কৰা টুইট মই দেখিছো ৷ বিহাৰ চৰকাৰক টিকেটৰ টকা বিচাৰি প্ৰেৰণ কৰা পত্ৰ মোৰ ওচৰত আছে ৷"
একে সময়তে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জেইনে কয় যে, বিষয়টোক ৰাজনীতিকৰণ কৰা উচিত নহয় ৷
জেইনে কয়, "প্ৰব্ৰজনকাৰী শ্ৰমিকৰ পৰা টকা লোৱাটো উচিত নহয় ৷ তেওঁলোকক দুই মাহ ধৰি দিল্লীত আশ্ৰয় প্ৰদান কৰা হৈছিল ৷ এনে অৱস্থাত তেওঁলোকে টিকেটৰ মূল্য পৰিশোধ কৰিব নোৱাৰে ৷ ইয়াক লৈ ৰাজনীতিকৰণ কৰা উচিত নহয় ৷"