ETV Bharat / bharat

দিল্লীত COVID-19ত আক্ৰান্তৰ সংখ্যা 56 হাজাৰলৈ বৃদ্ধি - ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী

দিল্লীত এদিনতে 3500ত কৈয়ো অধিক লোকৰ দেহত ধৰা পৰে COVID-19 । যিটো এই পৰ্যন্ত এদিনতে দিল্লীত পোৱা কৰ'ণা আক্ৰান্তৰ সংখ্যাৰ ভিতৰতে সৰ্বাধিক । ইয়াৰ পূৰ্বে সৰ্বাধিকভাৱে এদিনতে ধৰা পৰিছিল 3,137 গৰাকীৰ দেহত এই মহামাৰী ৷

দিল্লীত COVID-19ত আক্ৰান্তৰ সংখ্যা 56 হাজাৰলৈ বৃদ্ধি

author img

By

Published : Jun 21, 2020, 5:53 AM IST

নেশ্যনেল ডেস্ক, 21 জুনঃ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত দ্বিতীয় বাৰলৈ এদিনতে 3000ত কৈয়ো অধিক লোকৰ দেহত ধৰা পৰিছে COVID-19 । শনিবাৰৰ দিনটোত দিল্লীত ধৰা পৰে 3,630 গৰাকী লোকৰ দেহত এই মহামাৰী, যিটো এদিনতে দিল্লীত পোৱা কৰ'ণা আক্ৰান্তৰ সংখ্যাৰ ভিতৰতে সৰ্বাধিক । ইয়াৰ পূৰ্বে এদিনত ধৰা পৰা সৰ্বাধিক সংখ্যা আছিল 3,137 ৷ 19 জুনৰ দিনা অৰ্থাৎ এদিন পূৰ্বেই ধৰা পৰিছিল প্ৰথমবাৰলৈ এদিনতে তিনি সহস্ৰাধিক লোকৰ দেহত কৰ'ণা ভাইৰাছ ৷ আনহাতে দিল্লীৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি দিল্লীত বিগত 24 ঘণ্টাত মৃত্যু হৈছে 77 জন লোকৰ ৷

যাৰ ফলত ৰাজধানী ৰাজ্যখনত COVID-19 আক্ৰান্তৰ সংখ্যাই 56000 ৰ সীমা অতিক্ৰম কৰে । আনহাতে বৰ্তমানলৈ দিল্লীত এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে 2,112 গৰাকী লোক ।

দিল্লীৰ ৰাজ্যচৰকাৰে জনোৱা অনুসৰি বৰ্তমান দিল্লীৰ ৰাজ্যচৰকাৰে বাধ্যতামূলক প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইনৰ বোজা ল'ব নোৱাৰা হৈ পৰিছে ৷ চৰকাৰে জনোৱা মতে ই চহৰখনক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে ৷

স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্য খনত যদি প্ৰতিদিনে 3000 ৰ অধিক লোক সংক্ৰমিত হয়, তেন্তে জুনৰ 30 তাৰিখলৈ আক্ৰান্তৰ সংখ্যাই 1 লাখৰ সীমা অতিক্ৰম কৰিব আৰু তাৰ পৰৱৰ্তী এটা মাহৰ পাচত জুলাইত প্ৰায় 5.25 লাখ ৰোগ আক্ৰান্ত হ'ব ৷

আনহাতে কৰ'ণাত আক্ৰান্ত হোৱা দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দৰ জৈনৰ প্লাজমা থেৰাপিৰে চিকিৎসা চলি আছে মেক্স হাস্পতালত ৷ ইয়াৰ পূৰ্বে, ৰাজীৱ গান্ধী চুপাৰ স্পিছিয়েলিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল তেওঁক ৷ তাৰ পাচত স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক বদলি কৰা হৈছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.