ETV Bharat / bharat

নিৰ্ভয়া কাণ্ডৰ 4 দোষীক ফাঁচীৰ নিৰ্দেশ দিল্লী আদালতৰ

author img

By

Published : Jan 7, 2020, 6:03 PM IST

নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীক ফাঁচীৰ নিৰ্দেশ দিল্লীৰ আদালতৰ ৷ 22 জানুৱাৰীত এই শাস্তিৰ নিৰ্দেশ ৷

দিল্লীৰ আদালতৰ নিৰ্দেশ
নিৰ্ভয়া কাণ্ডৰ 4 দোষীক ফাঁচীৰ নিৰ্দেশ

নেশ্বনেল ডেস্ক, 7 জানুৱাৰীঃ মঙলবাৰে দিল্লীৰ এখন আদালতে নিৰ্ভয়া ধৰ্ষণকাণ্ড আৰু হত্যা গোচৰৰ 4 দোষীক ফাঁচীৰ ৰায়দান কৰিছে ৷ অতিৰিক্ত সত্ৰ ন্যায়াধীশ সতীশ কুমাৰ অৰোৰাই এই ৰায়দান কৰাৰ লগতে 22 জানুৱাৰীৰ দিনা পুৱা 7 বজাত তিহাৰ জেলত 4 জন দোষীক ফাঁচী দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

দিল্লীৰ আদালতৰ নিৰ্দেশ
নিৰ্ভয়া কাণ্ডৰ 4 দোষীক ফাঁচীৰ নিৰ্দেশ

উল্লেখ্য যে, 2012 চনৰ 16 ডিচেম্বৰত 6 জন যুৱকে এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে হত্যা কৰিছিল ৷ অভিযুক্ত ছয়জনক আটক কৰাৰ লগতে ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছিল ৷ ইয়াৰে এজন অভিযুক্ত কিশোৰ হোৱা বাবে জুভেনাইল আদালতত হাজিৰ কৰোৱা হয় আৰু আন এজনে তিহাৰ জেলতে আত্মহত্যা কৰিছিল ৷

2013 চনতে এখন ট্ৰায়েল ক'ৰ্টে চাৰিজনক মৃত্যুদণ্ডৰ ৰায়দান কৰিছিল আৰু 2014 চনৰ মাৰ্চত দিল্লী উচ্চ ন্যায়ালয়ে এই ৰায়দানত সন্মতি প্ৰদান কৰিছিল ৷ আনহাতে, সেই বছৰৰে মে' মাহত উচ্চতম ন্যায়ালয়ে এই ৰায়দান অব্যাহত ৰাখিছিল আৰু পুনৰীক্ষণৰ আবেদন খাৰিজ কৰিছিল ৷ এই সম্পৰ্কত দিল্লী মহিলা আয়োগৰ সচিব স্বাতী মালিৱালে কয়, "দেশত বাস কৰা সকলো নিৰ্ভয়াৰ বাবে এয়া এক বৃহৎ জয় ৷ 7 বছৰে যুঁজ দি অহাৰ বাবে নিৰ্ভয়াৰ পৰিয়ালক মই অভিবাদন প্ৰদান কৰিছো ৷ কিন্তু এই লোকসকলক শাস্তি প্ৰদান কৰিবলৈ 7 বছৰৰ কিয় প্ৰয়োজন হ'ল ? শাস্তিৰ সময় কম হ'ব নোৱাৰে নেকি ?"

Intro:Body:

Nirbhaya LIVE

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.