ETV Bharat / bharat

দিল্লীৰ হাস্পতালসমূহত দিল্লীবাসীৰহে কৰা হ'ব চিকিৎসাঃ অৰবিন্দ কেজৰিৱাল

দিল্লীত ৰাজ্য চৰকাৰ দ্বাৰা নিৰ্মাণ কৰা আৰু ব্যক্তিগত হাস্পতালত কেৱল COVID-19 ত আক্ৰান্ত দিল্লীবাসীৰহে চিকিৎসা কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । কেবিনেটৰ সৈতে হোৱা বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

দিল্লী
দিল্লীৰ হাস্পতালসমূহত কেৱল COVID-19 ত আক্ৰান্ত দিল্লীবাসীৰহে কৰা হ'ব চিকিৎসাঃ অৰবিন্দ কেজৰিৱাল
author img

By

Published : Jun 7, 2020, 2:55 PM IST

নিউজ ডেস্ক, ৭ জুনঃ দিল্লীৰ হাস্পতালসমূহত কেৱল COVID-19 ত আক্ৰান্ত দিল্লীবাসীকহে চিকিৎসা কৰা হ'ব । দেওবাৰে সংবাদমেল সম্বোধন কৰি এই কথা জনায় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । ডাঃ মহেশ বৰ্মা কমিটীয়ে দিল্লীৰ হাস্পতালসমূহত যিসকল দিল্লীৰ বাসিন্দা COVID-19 আক্ৰান্ত হয় সেইসকলৰহে চিকিৎসা হ'ব, হাস্পতালসমূহে আৰু বহিঃৰাজ্যৰ লোকসকলৰ চিকিৎসা প্ৰদানৰ বাবে সমৰ্থ নহয় বুলি সদৰী কৰিছিল । তাৰ পাচতে দিল্লী চৰকাৰে ডাঃ মহেশ বৰ্মা কমিটীৰ এই মন্তব্য সন্দৰ্ভত দিল্লী সাধাৰণ নাগৰিকৰ পৰা মন্তব্য বিচাৰে ।

দিল্লী
দিল্লীৰ হাস্পতালসমূহত কেৱল COVID-19 ত আক্ৰান্ত দিল্লীবাসীৰহে কৰা হ'ব চিকিৎসাঃ অৰবিন্দ কেজৰিৱাল

দেওবাৰে বিষয় সন্দৰ্ভতে মুখ্যমন্ত্ৰী আৱাসগৃহত দিল্লী কেবিনেটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । বৈঠকতে দিল্লীৰ চৰকাৰ দ্বাৰা নিৰ্মাণ কৰা হাস্পতাল আৰু ব্যক্তিগত হাস্পতালসমূহত কেৱল COVID-19 ত আক্ৰান্ত দিল্লীবাসীৰ চিকিৎসা কৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰ দ্বাৰা নিৰ্মাণ কৰা হাস্পতালত সকলো ৰোগীকে চিকিৎসা কৰা হ'ব বুলি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.