নিউজ ডেস্ক, ১১ এপ্ৰিলঃ শনিবাৰে দেশৰ ৰাজধানী দিল্লীৰ বায়ুৰ মানদণ্ড সূচক আছিল মধ্যমীয়া । Air Quality and Weather Forecasting and Research চমুকৈ SAFAR সদৰী কৰা অনুসৰি, শনিবাৰে ৰাজধানী দিল্লীৰ AQI 101ৰ পৰা PM10 আছিল গুণাগুন।
উল্লেখ্য যে, PM 2.5 তথা 03 সন্তোষজনক চিহ্নৰ ভিতৰত থকা বুলি ধৰা হয় ।
আনহাতে, উত্তৰ প্ৰদেশৰ নয়ডাত ১৯৫ আৰু হৰিয়ানাৰ গুৰুগ্ৰামত বায়ুৰ গুণাগুন ১০৬ স্তৰলৈ স্পৰ্শ কৰে বুলি জানিবলৈ দিয়ে ।
যাৰ পৰিপ্ৰেক্ষিতত সংবেদনশীল ব্যক্তিসকলৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে বুলি মন্তব্য কৰে SAFAR য়ে । সেয়হে সংবেদনশীল ব্যক্তিসকলক বহু সময় ধৰি পৰিশ্ৰম কৰা তথা গধুৰ বস্তু দাঙিবলৈ বাধা দিয়ে SAFAR য়ে ।