ETV Bharat / bharat

আজি ৰাজনাথ সিঙে উদ্ধোধন কৰিব আত্মনিৰ্ভৰ ভাৰত সপ্তাহ - নৰেন্দ্ৰ মোডী

ৰাজনাথ সিঙে 2024 চন পৰ্যন্ত পাতল যুদ্ধ বিমান,পৰিবহন বিমান,চাবমেৰিণ,ক্ৰুজৰ লগতে 101 ধৰণৰ অস্ত্ৰ আৰু সামৰিক সামগ্ৰী আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে ৷

Defence minister to launch 'Atmanirbhar Bharat Saptah' on Aug 11
আজি ৰাজনাথ সিঙে উদ্ধোধন কৰিব আত্মনিৰ্ভৰ ভাৰত সপ্তাহ
author img

By

Published : Aug 10, 2020, 10:41 AM IST

দিল্লী, 10 আগষ্ট : প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সোমবাৰে আত্মনিৰ্ভৰ ভাৰত সপ্তাহ উদ্ধোধন কৰিব ৷ সোমবাৰে বিয়লি 3.30 বজাত অনুষ্ঠিত হ’ব এই অনুষ্ঠান ৷ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে টুইটযোগে উল্লেখ কৰে কথা ৷

  • Raksha Mantri Shri @rajnathsingh will launch ‘Atma Nirbhar Bharat Saptah’ at 3.30 pm tomorrow. #AtmaNirbharBharat

    — रक्षा मंत्री कार्यालय/ RMO India (@DefenceMinIndia) August 9, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এটা অনলাইন অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এখন আত্মনিৰ্ভৰ ভাৰত স্থাপনৰ কথা উল্লেখ কৰে য’ত শিক্ষা,স্বাস্থ্যৰ লগতে খাদ্য,কাপোৰ আৰু বাসস্থানৰ বাবে প্ৰতিজন লোক আত্মনিৰ্ভৰ হ’ব ৷ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে,প্ৰধানমন্ত্ৰী 2017 চনত চম্পাৰণ সত্যাগ্ৰহৰ শতবাৰ্ষিকীত এখন নতুন ভাৰত নিৰ্মাণৰ কথা উল্লেখ কৰিছিল ৷ প্ৰধানমন্ত্ৰী প্ৰমাণ কৰি দিলে যে,আমি এখন নতুন ভাৰত প্ৰতিষ্ঠা কৰিবলৈ গৈ আছো ৷ নতুন ভাৰতত প্ৰতিজন লোক আত্মবিশ্বাসী হোৱাৰ লগতে আত্ম নিৰ্ভৰশীল হ’ব ৷

ৰাজনাথ সিঙে দেওবাৰে 2024 চন পৰ্যন্ত পাতল যুদ্ধ বিমান,পৰিবহন বিমান,চাবমেৰিণ,ক্ৰুজৰ লগতে 101 ধৰণৰ অস্ত্ৰ আৰু সামৰিক সামগ্ৰী আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে ৷ ঘৰুৱা উৎপাদন সামগ্ৰী উৎপাদন বৃদ্ধিৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷ অনলাইন অনুষ্ঠানটোত ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰীৰ "গণ্ডকী ভাৰত চ'ৰ'" অভিযানে স্বচ্চ ভাৰত অভিযানত এক নতুন দিশ প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰে ৷

লগতে পঢ়ক : নাও দুৰ্ঘটনা : কথমপি ৰক্ষা পৰিল কাজিৰঙাৰ বনকৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.