ETV Bharat / bharat

হিমাচল প্ৰদেশৰ হোম-ষ্টে মডেলৰ প্ৰশংসা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

author img

By

Published : Dec 27, 2020, 10:36 PM IST

হিমাচলৰ জয়ৰাম চৰকাৰৰ কাৰ্যকালৰ 3 বছৰ সম্পূৰ্ণ হোৱাত আয়োজিত এক অনুষ্ঠানত ভিডিঅ‘ কনফাৰেঞ্চৰ জৰিয়তে ৰাজনাথ সিঙে কয় যে, হিমাচলৰ মুঠ বাসিন্দা প্ৰায় 70 লাখ; কিন্তু ৰাজ্যখনৰ ৰাইজে পৰ্যটকসকলৰ বাবে নিজৰ দুৱাৰ খুলি দিছে ৷

defence minister rajnath singh praised home-stay model of himachal during jairam government three years program
হিমাচল প্ৰদেশৰ হোম-ষ্টে মডেলৰ প্ৰশংসা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

নিউজ ডেস্ক, 27 ডিচেম্বৰ : হিমাচল প্ৰদেশৰ হোম-ষ্টে মডেলৰ প্ৰশংসা কৰি ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, পৰ্যটনৰ এই মডেল সফল প্ৰমাণিত হৈছে আৰু দেশৰ অন্য ৰাজ্য সমূহেও ইয়াক গ্ৰহণ কৰা উচিত ৷ উল্লেখ্য যে, হিমাচল প্ৰদেশত আজিৰ সময়ত 80 হাজাৰতকৈও অধিক হোম-ষ্টে উপলব্ধ আছে ৷

হিমাচলৰ জয়ৰাম চৰকাৰৰ কাৰ্যকালৰ 3 বছৰ সম্পূৰ্ণ হোৱাত আয়োজিত এক অনুষ্ঠানত ভিডিঅ‘ কনফাৰেঞ্চৰ জৰিয়তে ৰাজনাথ সিঙে কয় যে, হিমাচলৰ মুঠ বাসিন্দা প্ৰায় 70 লাখ; কিন্তু ৰাজ্যখনৰ ৰাইজে পৰ্যটকসকলৰ বাবে নিজৰ দুৱাৰ খুলি দিছে ৷ ইয়াৰ সুফল এয়াই যে, এটা বছৰত ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ তিনি গুণ অধিক পৰ্যটকক আশ্ৰয় দিয়াৰ ক্ষমতাৰ সৃষ্টি হৈছে ৷

আনহাতে ৰাজনাথ সিঙে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয় যে, ইউ.পি.এ. চৰকাৰে হিমাচলৰ বিষয়ে একোয়ে ভৱা নাছিল ৷ কংগ্ৰেছে হিমাচলক কেৱল এখন পাহাৰীয়া ৰাজ্যৰ দৃষ্টিৰে চালে আৰু হিমাচলৰ উন্নয়নৰ বাবে মুঠ 20 হাজাৰ কোটি টকা প্ৰদান কৰিছিল ৷ কিন্তু বিজেপি চৰকাৰে হিমাচলৰ আৰ্থিক আৰু সামৰিক মহত্বক গুৰুত্ব দি কংগ্ৰেছে প্ৰদান কৰা আৰ্থিক সাহাৰ্যৰ তিনি গুণ অধিক ধন হিমাচলক প্ৰদান কৰিছে ৷

তদুপৰি তেখেতে হিমাচল প্ৰদেশক বীৰ ভূমি আখ্যা দি হিমাচলৰ প্ৰায় সংখ্যক পৰিয়ালৰ পৰা দেশমাতৃৰ সেৱাত বৰ্তমান নিয়োজিত হৈ অথবা প্ৰাক্তন সেনা জোৱান আছে ৷

লগতে পঢ়ক: সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ জালত বিস্ফোৰক সামগ্ৰীসহ সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.