ETV Bharat / bharat

বিজয়া দশমীত চিকিমত উপস্থিত থাকিব প্ৰতিৰক্ষা মন্ত্ৰী

author img

By

Published : Oct 21, 2020, 5:18 PM IST

বিজয়া দশমীৰ দিনটোত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং চিকিম চিকিম ভ্ৰমণৰ কাৰ্যসূচী ৷ চীন সীমান্তৰ কাষত মোতায়েন কৰা এটা স্থানীয় ইউনিটত প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে শাস্ত্ৰ পূজা কৰাৰো সম্ভাৱনা আছে ৷

বিজয়া দশমীত চিকিমত উপস্থিত থাকিব প্ৰতিৰক্ষা মন্ত্ৰী
বিজয়া দশমীত চিকিমত উপস্থিত থাকিব প্ৰতিৰক্ষা মন্ত্ৰী

নেশ্যনেল ডেস্ক, 21 অক্টোবৰ: চীনৰ সৈতে সীমা বিবাদ চলি থকাৰ মাজতে বিজয়া দশমীৰ দিনটোত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ চিকিম ভ্ৰমণৰ কাৰ্যসূচী ৷ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চীনৰ পিপলছ্ লিবাৰেছন আৰ্মীৰ বিপক্ষে মোতায়েন কৰা সৈন্যৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে চিকিমত উপস্থিত হ'ব বুলি জানিব পৰা গৈছে ৷

প্ৰতিৰক্ষা সূত্ৰৰ পৰা জানিব পৰা মতে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকী অক্টোবৰ 23 আৰু 24 তাৰিখে চিকিমত উপস্থিত থাকিব ৷ সীমান্ত অঞ্চলৰ বাসিন্দা তথা সৈন্য সকলৰ বাবে যাতায়ত ব্যৱস্থা সুচল কৰাৰ উদ্দেশ্যে নিৰ্মান কৰা কেইটামান বিশেষ পথ আৰু কৌশলগত দলং উদ্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ৷

চীন সীমান্তৰ কাষত চিকিমত মোতায়েন কৰা এটা লোকেল ইউনিটত প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে শাস্ত্ৰ পূজা কৰিব ৷ এই পূজাত প্ৰতি বছৰে বিজয়া দশমীৰ দিনটোত হিন্দু ৰীতি অনুযায়ী সৈন্য সকলৰ অস্ত্ৰ শস্ত্ৰৰ পূজা কৰা হয় ৷ বিগত বৰ্ষত ভাৰতৰ প্ৰথম ৰাফেল যুদ্ধবিমান সংগ্ৰহৰ সময়ত তেওঁ ফ্ৰান্সত এই পূজা কৰিছিল ৷ চীনৰ আগ্ৰাসন ৰোধ কৰাৰ বাবে অধিক জোৱান আৰু টেংক মোতায়েন কৰা অঞ্চল সমূহো পৰিদৰ্শন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: কৰাচীত বোমা বিস্ফোৰণঃ 3জনৰ মৃত্যু, 15 জন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.