ETV Bharat / bharat

অস্কাৰৰ বাবে নিৰ্বাচিত দীপা মেহতাৰ ফানি বয় - কানাডা টেলিফিল্ম

93 সংখ্যক একাডেমী এৱাৰ্ডৰ বাবে শ্ৰেষ্ঠ আন্ত:ৰাষ্ট্ৰীয় ছবিৰ শিতানত কানাডাৰ পৰা প্ৰখ্যাত ছবি নিৰ্মাতা দীপা মেহতাৰ আহিব লগা ছবি 'ফানি বয়'ক নিৰ্বাচন কৰা হৈছে ৷ মেহতাৰ এই ছবিখন লেখক শ্য়াম ছেলভাডুৰাইৰ একে নামৰ এখন উপন্যাসৰ অভিকৰণ ৷

আন্ত:ৰাষ্ট্ৰীয় ফিল্ম অস্কাৰৰ বাবে মনোনীত দীপা মেহতাৰ ফানি বয়

author img

By

Published : Oct 30, 2020, 7:27 PM IST

নেশ্যনেল ডেস্ক, 30 অক্টোবৰ: 93 সংখ্যক একাডেমী এৱাৰ্ডৰ বাবে শ্ৰেষ্ঠ আন্ত:ৰাষ্ট্ৰীয় ছবিৰ শিতানত কানাডাক প্ৰতিনিধিত্ব কৰিব প্ৰখ্যাত ছবি নিৰ্মাতা দীপা মেহতাৰ আহিব লগা ছবি ফানি বয়ে ৷ এই শিতানত মেহতাৰ এইয়া দ্বিতীয় প্ৰৱেশ ৷ মেহতাৰ এলিমেন্টছ ট্ৰিলজিৰ তৃতীয় খন ছবি ৱাটাৰ (পানী) এ 2007 বৰ্ষত আন্ত:ৰাষ্ট্ৰীয় ছবিৰ শিতানত অস্কাৰৰ বাবে মনোনীত হৈছিল ৷ এই ট্ৰিলজীৰ প্ৰথমখন ছবি আছিল আৰ্থ (মাটি) আৰু দ্বিতীয়খন ছবি আছিল ফায়াৰ (জুই) ৷

ফানি বয় শ্য়াম ছেলভাডুৰাইৰ 1994 চনৰ একে নামৰ এখন উপন্যাসৰ অভিকৰণ ৷ 1970 আৰু 1980 দশকৰ শ্ৰীলংকাত নিজৰ সহপাঠী ল'ৰা এজনৰ প্ৰতি আসক্ত হৈ পৰা আৰ্জি নামৰ এজন ল'ৰাৰ যৌন জাগৰনক বিষয় হিচাপে লৈ ছবিখন নিৰ্মাণ কৰা হৈছে ৷

কানাডা টেলিফিল্মৰ কাৰ্যকৰী নিৰ্দেশক ক্ৰিষ্টা ডিকেনচনে কয় যে মুঠ 18 খন চিনেমাক এই শিতানৰ বাবে নিৰ্বাচন কৰা হৈছে আৰু তেওঁলোক বিশ্বাসী যে 2007 বৰ্যত ৱাটাৰ ছবিখনে একাডেমীৰ সদস্য সকলক আকৃষ্ট কৰাৰ দৰে এইবাৰ ফানি বয়েও তেওঁলোকক আকৃষ্ট কৰিবলৈ সক্ষম হ'ব ৷

ছবিখনক মানৱতা আৰু আশাৰ বাহক হিছাপে আখ্যা দি মেহতাই কয় যে ফানি বয়ে বিভেদেৰে ভৰি পৰা পৃথিৱীখনক এক নতুন আশা প্ৰদান কৰিব ৷ চলিত মাহৰ আৰম্ভণিত এই কথা ঘোষণা কৰা হৈছিল যে ডিচেম্বৰ 10 তাৰিখে নিৰ্বাচিত কিছু চহৰৰ লগতে নেটফ্লিক্সত ছবিখনে মুক্তি লাভ কৰিব ৷

লগতে পঢ়ক: অষ্ট্ৰেলিয়াৰ জলবায়ু প্ৰভাৱৰ ওপৰত Disaster Arrangementsৰ 578 পৃষ্ঠাযোৰা প্ৰতিবেদন প্ৰকাশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.