ETV Bharat / bharat

কেৰেলাৰ ভূমিস্খলনত মৃত্যুৰ সংখ্যা হৈছেগৈ ৫৫ গৰাকী

author img

By

Published : Aug 13, 2020, 12:23 AM IST

বৰ্তমানেও বাঢ়ি আছে কেৰেলাত সংঘটিত ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা । বুধবাৰেও ধ্বংস স্তুপৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু তিনিটা মৃতদেহ । ইদুক্কি জিলাৰ মুনাৰৰ সমীপৱৰ্তী পেট্টিমুডিত হোৱা এই ভয়াবহ ভূমিস্খলনত মৃত্যুৰ সংখ্যা হৈছেগৈ ৫৫ জন ।

Death toll in Kerala landslip goes up to 55
কেৰেলাৰ ভূমিস্খলনত মৃত্যুৰ সংখ্যা হৈছেগৈ ৫৫ গৰাকী

নিউজ ডেস্ক,১২ আগষ্ট: স্থানীয় প্ৰশাসনৰ লোকে সদৰি কৰা অনুসৰি বুধবাৰে ধ্বংস স্তুপৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু তিনিটা মৃতদেহ । ইদুক্কি জিলাৰ মুনাৰৰ সমীপৱৰ্তী পেট্টিমুডিত হোৱা ভয়াবহ ভূমিস্খলনত মৃত্যুৰ সংখ্যা হৈছেগৈ ৫৫ জন ।

স্থানীয় প্ৰশাসনৰ পৰা জানিব পৰা মতে, বৰ্তমানেও নিখোজ হৈ আছে আৰু ১৫জনকৈ ব্যক্তি । ইতিমধ্যে নিখোজ হৈ থকা লোক সকলৰ উদ্ধাৰৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ নেতৃত্বত ভূমি স্খলন সংঘটিত হোৱা অঞ্চলটোত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ।

'বৰ্তমানলৈকে আমি ৫৫জনৰ মৃতদেহ উদ্ধাৰ কৰিছো । আৰম্ভনিতে একেলগে ১২টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছিল । বৰ্তমানেও নিৰুদ্দেশ হৈ থকা বাকী ১৫ গৰাকীৰ সন্ধানত আমি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছো ।' ষষ্ঠ দিনৰ অভিযানৰ অন্তত ইদুক্কিৰ কালেক্টৰ এইচ দিনেচানে অভিযানৰ বাবে বতৰ অনুকুল বুলি কৈ উল্লেখ কৰিলে এইদৰে ।

শীৰ্ষ বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে, ৭ আগষ্টত সংঘটিত হোৱা এই ভূমিস্খলনত ৮২ জনতকৈ অধিক লোক গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈছে ।

উল্লেখ্য যে, জিলাখনৰ ৰাজমালাৰ সমীপত হোৱা এই ভূমিস্খলনত বহু শ্ৰমিকৰ ঘৰসমূহ পৰিণত হৈছে ধ্বংস স্তুপত আৰু তেতিয়াৰ পৰাই অঞ্চলটোত উদ্ধাৰ অভিযান অব্যাহত আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.