ETV Bharat / bharat

বাগদাদীৰ মৃত্যু আৰু আমেৰিকাৰ অভিযান !

আই এছ সন্ত্ৰাসবাদীয়ে চীন, ভাৰত, পেলেষ্টাইন, চোমালিয়া, ইজিপ্ত,ইৰাক,ইৰান, ফিলিপাইনচ, মৰক্কো আদি দেশসমূহৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে ৷ আইছিছৰ মুৰব্বী হিচাপে বাগদাদীৰ উত্থান আৰু জিঘাংসাৰ অমানৱীয় তথা ভয়াৱহতাৰ অৱতাৰণা তুলনাহীন ৷ বাগদাদীৰ হত্যাই ইছলামিক ষ্টেটৰ সন্ত্ৰাসবাদক শেষ কৰিব বুলি ভাবি লোৱাটো ভুল হ'ব ৷

author img

By

Published : Oct 31, 2019, 4:40 PM IST

Updated : Nov 1, 2019, 12:10 PM IST

বাগদাদীৰ মৃত্যু আৰু আমেৰিকাৰ অভিযান

নিউজ ডেস্ক,31অক্টোবৰঃ দীপান্বিতাৰ সময়তেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ঘোষণা কৰিলে ভাল খবৰটো ৷ আমেৰিকাই চলোৱা এক বিশেষ অভিযানত কুখ্যাত আইছিছ নেতা আবু বক্কৰ অল-বাগদাদী নিহত হয় ৷ চিৰিয়া আৰু ইৰাকক লৈ ইছলামিক ৰাষ্ট্ৰ গঠনৰ বাবে গঠিত আইছিছ সন্ত্ৰাসবাদীয়ে ইয়াৰ পৰিসৰ বৃদ্ধিৰ বাবে 2014 চনত "ইছলামিক ষ্টেট" নামেৰে নামকৰণ কৰিছিল ৷

আমেৰিকাই বাগদাদীৰ শিৰৰ মূল্য 2.5 কোটি মাৰ্কিন ডলাৰ ঘোষণা কৰিছিল ৷ ৰাছিয়াই চিৰিয়াৰ ৰাক্কাট চলোৱা অভিযানত বাগদাদীৰ মৃত্যু ঘটিব পাৰে বুলি ঘোষণা কৰিছিল যদিও ড'নাল্ড ট্ৰাম্পে বিশ্বাসত লোৱা নাছিল ৷ আমেৰিকাই ইছলামিক ষ্টেটৰ দুৰ্গ খহাবলৈ 'কুৰ্দ'সকলৰ সহায় লৈছিল ৷ আমেৰিকাই এই অভিযানত চিৰিয়াৰ ইডলীবত আত্মগোপন কৰি থকা বাগদাদীৰ বিৰুদ্ধে অভিযান চলাওঁতে ৰাছিয়া, ইৰাক আৰু তুৰষ্কৰ আকাশেৰে আঠখনকৈ সামৰিক হেলিকপ্টাৰ ব্যৱহাৰ কৰিছিল ৷ বাগদাদীয়ে অভিযানকাৰী দলৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ পলায়ন কৰে যদিও এটা সুৰংগত আৱদ্ধ হৈ নিজকে বোমাৰে উৰুৱাই দিয়ে ৷ ড'নাল্ড ট্ৰাম্পে এই অভিযান লাইভ চাই থকা বুলি দাবী কৰাৰ লগতে নিহত বাগদাদীৰ ডি এন এ পৰীক্ষাৰ 15 মিনিটৰ ব্যৱধানত বাগদাদী নিহত হোৱাটো ঘোষণা কৰে ৷ কিন্তু সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত আই এছ নেতা বাগদাদীৰ হত্যাই শেষ নহয় বুলি ধাৰণা কৰে ৷

9/11-ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাচত জৰ্জ বুশ্বে বিশাল ঘোষণা কৰি প্ৰতিশোধ লোৱাৰ সময় বুলি আমেৰিকাবাসীক আহ্বান জনাই কৈছিল "আমেৰিকা শান্তি প্ৰিয় কিন্তু, যেতিয়া ক্ৰোধান্বিত হয় ই হিংসাত্মক হৈ উঠিব পাৰে ৷ সংঘাত আনৰ চৰ্তত আৰম্ভ হৈছিল, ই সমাপ্তও হ'ব আমাৰ চৰ্তত ৷" আফগানিস্তান তালিবান আৰু ইয়াৰ সমৰ্থক অল কায়দাক নিঃশেষ কৰাৰ বাবে সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বজনীন যুদ্ধ আৰম্ভ হ'ল ৷ তালিবান ধ্বংসৰ পাচত পাকিস্তানে অল কায়দাৰ মুৰব্বী ওচামা বীন লাডেনৰ উদ্ধাৰত ব্ৰতী হ'ল ৷ 2011 চনত আমেৰিকাৰ ওবামা চৰকাৰে সদম্ভে ঘোষণা কৰিলে যে, সামৰিক অভিযানত লাডেন নিহত হ'ল ৷ ইফালে ড'নাল্ড ট্ৰাম্পে বাগদাদীৰ হত্যাক লাডেনৰ হত্যাতকৈ অধিক গুৰুত্বপূৰ্ণ বুলি তুলনা কৰা বিষয়টোৱে বিতৰ্কৰ সৃষ্টি কৰিলে ৷ এয়া অনস্বীকাৰ্য যে, আই এছ সন্ত্ৰাসবাদীয়ে শিপাই যোৱা বিষয়টোৱে আমেৰিকাত জোঁকাৰণি তুলিছে ৷

আই এছ সন্ত্ৰাসবাদীয়ে চীন, ভাৰত, পেলেষ্টাইন, চোমালিয়া, ইজিপ্ত,ইৰাক,ইৰান, ফিলিপাইনচ, মৰক্কো আদি দেশসমূহৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে ৷ আইছিছৰ মুৰব্বী হিচাপে বাগদাদীৰ উত্থান আৰু জিঘাংসাৰ অমানৱীয় তথা ভয়াৱহতাৰ অৱতাৰণা তুলনাহীন ৷ বাগদাদীৰ হত্যাই ইছলামিক ষ্টেটৰ সন্ত্ৰাসবাদক শেষ কৰিব বুলি ভাবি লোৱাটো ভুল হ'ব ৷ গণতন্ত্ৰ ধ্বংসৰ বাবে বাগদাদীয়ে জনোৱা আহ্বানৰ পাচত অধিক সন্ত্ৰাসবাদী সংগঠনৰ জন্ম পালে ৷ পাঁচ বছৰ পূৰ্বে গুজৰাট আৰু দেশৰ পশ্চিম অংশৰ একাংশ অঞ্চলক ইছলামিক ষ্টেটে গ্ৰাস কৰাৰ পৰিকল্পনা কৰিছিল ৷ ইছলামিক ষ্টেটৰ এই আক্ৰামক ভূমিকাত সঁহাৰি জনাইছিল অল কায়দাই ৷ অলকায়েদাই ম্যানমাৰ, বাংলাদেশ, কাশ্মীৰ আৰু অসমৰ বৃহৎ অঞ্চলত খোপনি পোতাৰ পৰিকল্পনা ঘোষণা কৰিছিল, যিটোৱে লাডেনৰ মৃত্যুৰ পাচতো অল কায়দা নিৰ্মূল নোহোৱাটো প্ৰমাণ কৰিছিল ৷

বাগদাদীৰ হত্যাৰ লগতে ইছলামিক খিলাফত শেষ হোৱা বুলি আমেৰিকাই ঘোষণা কৰিছে যদিও শ্ৰীলংকাত ইষ্টাৰৰ দিনটোত সংঘটিত ৰক্তপাতে আইছিছৰ উপস্থিতিক প্ৰমাণ কৰিছে ৷ বাগদাদীয়ে ঘৃণনীয় হিংসাত্মক কাৰ্যকলাপৰ পন্থাৰে যুৱকসকলক আকৃষ্ট কৰিবলৈ সক্ষম হৈছিল ৷ বাগদাদীৰ হত্যাই ৰাজনৈতিক স্থিতাৱস্থা বাহাল ৰখাত ড'নাল্ড ট্ৰাম্পক সহায় কৰিব পাৰে যদিও, বিশ্বৰ জনসাধাৰণৰ কোনো সহায় নহয় ৷ আমেৰিকাৰ আভ্যন্তৰীণ নিৰাপত্তা বিষয়ক কমিটিৰ অধ্যক্ষইও ইতিমধ্যে কৈছে যে, সন্ত্ৰাসবাদ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমেৰিকাৰ পন্থা ব্যৰ্থ হৈছে ৷ ট্ৰাম্পে বাগদাদী নিৰ্মূলৰ বাবে কায়ালা মূলাৰ অভিযান লৈ গুণানুকীৰ্তন কৰিলেও আগন্তুক সময়ত বাস্তৱ পৰিস্থিতিক উলায় কৰিব নোৱাৰে ৷

Intro:Body:

Baghdadi death article

Conclusion:
Last Updated : Nov 1, 2019, 12:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.