ETV Bharat / bharat

সোণৰ অলংকাৰত হলমাৰ্কিং কৰাটো বাধ্যতামূলক

author img

By

Published : Jul 27, 2020, 7:41 PM IST

মহামাৰী COVID-19 ৰ সংকটৰ বাবেই ২০২১ চনৰ ১ জুনলৈকে সোণৰ অলংকাৰ তথা কলাকৃতি সমূহৰ হলমাৰ্কিং কৰাটো বাধ্যতামূলক কৰা সময়সীমা বঢ়াই দিয়ে বুলি জানিবলৈ দিয়ে উপভোক্তা মন্ত্ৰী ৰামবিলাস পাছৱানে ।

সোণৰ অলংকাৰ হলমাৰ্কিং
সোণৰ অলংকাৰ হলমাৰ্কিং

নিউজ ডেস্ক, ২৭ জুলাইঃ মহামাৰী COVID-19 সংকটৰ বাবেই সোণৰ অলংকাৰ তথা সোণৰ দ্বাৰা প্ৰস্তুত কৰা কলাকৃতি সমূহৰ বাধ্যমূলক হলমাৰ্কৰ ম্যাদ পুনৰ চাৰি মাহৰ তথা ২০২১ চনৰ ১ জুনলৈ বঢ়াই দিয়া হৈছে বুলি সোমবাৰে সদৰি কৰে উপভোক্তা মন্ত্ৰী ৰামবিলাস পাছৱানে ।

সোণৰ অলংকাৰ হলমাৰ্কিং
সোণৰ অলংকাৰৰ হলমাৰ্কিং কৰাটো বাধ্যতামূলক কৰাৰ সময়সীমা বৃদ্ধি উপভোক্তা মন্ত্ৰী

কেন্দ্ৰীয় চৰকাৰে বিগত বৰ্ষৰ নবেম্বৰ মাহত ঘোষণা কৰিছি যে ১৫ জানুৱাৰী ২০২১ চনৰ পৰা দেশৰ সকলো ঠাইতে সোণৰ অলংকাৰ তথা সোণৰে প্ৰস্তুত কৰা কলাকৃতি সমূহত হলমাৰ্কিং কৰাতো বাধ্যতামূলক কৰিব । চৰকাৰে সোণৰ অলংকাৰ সমূহৰ হলমাৰ্কিং স্থানন্তৰ কৰা তথা Bureau of Indian Standards (BIS) ৰ সৈতে পঞ্জীয়ন কৰিবলৈ জুৱেলাৰ্ছ সকলক ১ বছৰকৈ অধিক সময় দিয়ে ।

সোণৰ হলমাৰ্কিং মূল্যৱান ধাতুটিৰ বিশুদ্ধতাৰ প্ৰমাণপত্ৰ । Bureau of Indian Standards য়ে ২০০০ চনৰ এপ্ৰিল মাহৰ পৰা সোণৰ অলংকাৰত হলমাৰ্কিং কৰাটো বাধ্যতামূলক কৰিবলৈ অভিযান আৰম্ভ কৰিছে । আৰু বৰ্তমান পৰ্যন্ত প্ৰায় ৪০ শতাংশ অলংকাৰ হলমাৰ্ক কৰা হয় বুলিও জানিবলৈ দিয়ে ।

লগতে চাওকঃ দেউতাকৰ স্মৃতিয়ে আমনি কৰিছে অমিতাভ বচ্চনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.