ETV Bharat / bharat

ঠেলা গাড়ীৰে স্বামীৰ মৃতদেহ শ্মশানলৈ নিলে পত্নী-পুত্ৰই

author img

By

Published : Jul 19, 2020, 8:51 AM IST

কৰ্ণাটকৰ বেলাগাভীত সন্দেহজনক কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা এজন লোকৰ মৃতদেহ তেওঁৰ পত্নী আৰু পুত্ৰই এখন ঠেলি নিয়া বাহনেৰে শ্মশানলৈ লৈ যায়, কিয়নো কৰ'ণাতংকৰ বাবে পৰিয়ালটোৰ আত্মীয়ই তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল ৷ অৱশ্যে পাচত তেওঁ কৰ'ণা নিগেটিভ বুলি জানিব পৰা গৈছে ৷

Dead body of man taken to crematorium on pushcart by his widow
ঠেলা গাড়ীৰে স্বামীৰ মৃতদেহৰ শ্মশান যাত্ৰা কৰ্ণাটকৰ মহিলাৰ

নেশ্যনেল ডেস্ক, 19 জুলাই : কৰ্ণাটকৰ বেলাগাভীত এগৰাকী মহিলাই পুত্ৰৰ সৈতে মৃত স্বামীৰ মৃতদেহ এখন ঠেলাৰে শ্মশানলৈ লৈ যাবলৈ বাধ্য হয়, কিয়নো মহিলাগৰাকীৰ স্বামী কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সন্দেহত কোনো আত্মীয়ই ভয়তে সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল ৷

দুদিন পূৰ্বে নিজ বাসগৃহতে মৃত্যু হোৱা লোকজনৰ অন্তিম সৎকাৰত কেইজনমান আত্মীয়ৰ বাহিৰে পৰিয়ালৰ আন কোনো সদস্য উপস্থিত হোৱা নাছিল ৷ পাচত মৃত লোকজন কৰ'ণা নিগেটিভ বুলি জানিব পৰা যায় ৷

উল্লেখ্য যে, শুকুৰবাৰে ৰাজ্যখনত 3,693 টা নতুন সংক্ৰমণৰ ঘটনাৰ সৈতে মৃতকৰ সংখ্যা 115 গৰাকী হয় ৷ কৰ্ণাটক স্বাস্থ্য বিভাগে সদৰি কৰে এই কথা ৷ সম্প্ৰতি কৰ্ণাটকত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 55,115 গৰাকী, সুস্থ হৈছে 20,757 গৰাকী আৰু মৃত্যু হৈছে 1,147 গৰাকীৰ ৷

লগতে পঢ়ক : ৰাসায়নিক জাৱৰ নিষ্কাশন কৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈ চাৰি শ্ৰমিকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.