নিউজ ডেস্ক, 21 ডিচেম্বৰ : কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন ৷ 140খনকৈ দুটা ডিভিজনৰ মুঠ 280 খন আসনৰ বাবে 8টা পৰ্যায়ত শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে অনুষ্ঠিত হৈ যায় নিৰ্বাচন ৷
অনুচ্ছেদ 370 ভংগ কৰাৰ পিচতে কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা গণতান্ত্ৰিক অনুশীলন হৈছে জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন ৷
![জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন: জম্মু-কাশ্মীৰৰ প্ৰথমটো গণতান্ত্ৰিক অনুশীলন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9958583_asdr.jpg)
বিগত 28 নৱেম্বৰত আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া বিগত শনিবাৰে অন্ত পৰে ৷ সৰ্বমুঠ 51 শতাংশ ভোটদান দেখা পোৱা যায় এই নিৰ্বাচনত ৷ আনহাতে এয়া হৈছে অঞ্চলটোৰ প্ৰথমটো নিৰ্বাচন য'ত পাকিস্তানৰ পৰা অহা শৰণাৰ্থীয়ে ভোটদান কৰাৰ অধিকাৰ লাভ কৰে ৷
কেন্দ্ৰীয় শাসিত অঞ্চলটোত নতুন শাসনৰ লক্ষ্যৰে এই নিৰ্বাচন গাঁও পঞ্চায়ত আৰু খণ্ড উন্নয়ন পৰিষদৰ বাবে অনুষ্ঠিত কৰা হয় ৷ জিলা উন্নয়ন পৰিষদে জিলা পৰ্যায়ত সকলো উন্নয়নমুলক কাম-কাজৰ পৰিকল্পনা কৰাৰ লগতে মুলধন আৱন্টন দিব ৷ জিলা উন্নয়ন পৰিষদে জিলা পৰিকল্পনা আৰু উন্নয়ন বোৰ্ডসমূহৰ ঠাইত কাম কৰিব ৷
প্ৰতিখন জিলা উন্নয়ন পৰিষদত 14গৰাকী প্ৰত্যক্ষভাৱে নিৰ্বাচিত সদস্য নিযুক্ত কৰাৰ লগতে পাঁচখনকৈ ষ্টেণ্ডিং কমিটী; বিত্ত, উন্নয়ন, গড়কাপ্তানি, স্বাস্থ্য আৰু শিক্ষা আৰু বিকাশ বিভাগ থাকিব ৷
মুখ্যধাৰাৰ ৰাজনৈতিক দল পিডিপি, নেশ্বনেল কনফাৰেন্স আৰু পিপুলছ কনফাৰেন্স দলে বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটৰ বিৰুদ্ধে এই নিৰ্বাচনত অৱতীৰ্ণ হয় ৷ বিজেপি আৰু ইয়াৰ সহযোগী দলবোৰক ৰুধিবলৈ এইসমূহ দলে গুপকাৰ ঘোষণা পত্ৰ মিত্ৰজোঁট গঠন কৰাৰ লগতে 5 আগষ্টত ঘোষণা কৰা সিদ্ধান্তৰ পুনৰোদ্ধাৰৰ বাবে দাবী উত্থাপন কৰে ৷
গেৰুৱা দলটোৱে এই নিৰ্বাচনত জয়লাভৰ বাবে সকলো প্ৰচেষ্টা হাতত লোৱাৰ লগতে দলৰ বহুকেইগৰাকী শীৰ্ষ নেতাই ভোটাৰক আকৰ্ষণ কৰিবলৈ নিৰ্বাচনী প্ৰচাৰটো অংশগ্ৰহণ কৰে ৷
বিজেপিৰ বাবে এই নিৰ্বাচন এক প্ৰত্যাহ্বান কিয়নো অনুচ্ছেদ 370 বাতিল কৰি দুখনকৈ কেন্দ্ৰীয় শাসিত অঞ্চলত ভাগ কৰা পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ ৰাইজে বিজেপিৰ উন্নয়নৰ নীতিক কিদৰে আকোৱালি লয়, তাৰ ওপৰত সকলোৰে দৃষ্টি নিক্ষেপ থাকিব ৷
লগতে পঢ়ক : অস্ত্ৰ ত্যাগ কৰি মূলসূঁতিলৈ আহিল 64 গৰাকী বিদ্ৰোহী