ETV Bharat / bharat

লক ডাউন 16: ৰাজ্য আৰু দেশৰ দিনটোৰ কিছু তথ্য - লক ডাউন 16

কোকৰাঝাৰ চহৰৰ পৰা পূৱ দিশে অৱস্থিত পুনদীবাৰী আৰু খুমগুৰি গাঁৱৰ ৰাইজে আৰ্থিক উপাৰ্জনৰ আন উৎসৰ লগতে এড়ী-মুগা পালনকো অন্তৰ্ভুক্ত কৰিছে ৷ পূৰ্বতে মাহে 15ৰ পৰা 20 হাজাৰ টকাকৈ এড়ীৰ পৰা উপাৰ্জন কৰে এই লোকসকলে ৷ লক্ ডাউনৰ ফলত যিখিনি অতিৰিক্ত আজৰি সময় পাইছে, সেই সময়খিনিও এড়ী উৎপাদনত ব্যয় কৰিছে লোকসকলে ৷ ফলত অধিক উৎপাদনমুখী হোৱা সম্ভাৱনাই এটা যোগাত্মক দিশ উদ্ভাসিত কৰিছে ৷

দিনটোৰ কিছু তথ্য
দিনটোৰ কিছু তথ্য
author img

By

Published : Apr 9, 2020, 10:18 PM IST

Updated : Apr 9, 2020, 10:28 PM IST

নিউজ ডেস্ক, 9 এপ্ৰিলঃ আজি 16 দিন অতিক্ৰম কৰিলে প্ৰধানমন্ত্ৰীৰ আহ্বানে ৷ ৰাজ্যত এই পৰ্যন্ত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 29 জন ৷ প্ৰতিজন ৰোগীৰ চিকিৎসা অব্যাহত ৰাখিছে দ্বিতীয়টো স্বাস্থ্যকৰ্মীৰ দলে ৷ এই সময়ছোৱাত ৰাজ্যজুৰি থকা বিজেপিৰ মন্ত্ৰী, বিধায়ক, সাংসদ, পঞ্চায়ত প্ৰতিনিধি, পৌৰসভা নগৰ সমিতিৰ প্ৰতিনিধিকে ধৰি মুঠ 28 হাজাৰ জনপ্ৰতিনিধিয়ে ৰাজ্যৰ 7 লাখ অসহায় লোকক সাহাৰ্য সামগ্ৰী বিতৰণ কৰা বুলি জানিবলৈ দিয়ে বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ বিপদৰ এই সময়ছোৱাত টীয়ক, নগাঁৱৰ পঞ্চায়তৰ প্ৰতিনিদিসকলে খাদ্য সামগ্ৰী বিতৰণত অনিয়ম কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ আনহাতে, একাংশ দুষ্ট চক্ৰৰ অপপ্ৰচাৰৰ বলি হৈ লখিমপুৰবাসীয়ে লক ডাউন ভংগ কৰি জিলাখনৰ বেংকসমূহলৈ গৈ শাৰী পাতি থিয় হৈ প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা 1000 টকালৈ বাট চায় ৷ ইপিনে কোকৰাঝাৰ চহৰৰ পৰা পূৱ দিশে অৱস্থিত পুনদীবাৰী আৰু খুমগুৰি গাঁৱৰ ৰাইজে উপাৰ্জনৰ আন উৎসৰ লগতে এড়ী-মুগা পালনকো অন্তৰ্ভুক্ত কৰিছে ৷ পূৰ্বতে মাহে 15ৰ পৰা 20 হাজাৰ টকাকৈ এড়ীৰ পৰা উপাৰ্জন কৰে এই লোকসকলে ৷ লক্ ডাউনৰ ফলত যিখিনি অতিৰিক্ত আজৰি সময় পাইছে, সেই সময়খিনিও এড়ী উৎপাদনত ব্যয় কৰিছে লোকসকলে, ফলত অধিক উৎপাদনমুখী হোৱাৰ সম্ভাৱনাই এটা যোগাত্মক দিশ উদ্ভাসিত কৰিছে ৷

দেশখনৰ সামগ্ৰিক পৰিৱেশ..

দিল্লীঃ ৰেপিদ টেষ্ট কিট অহাৰ লগে লগে ৰাজ্যখনত আৰম্ভ হ'ব COVID 19 ৰ ৰেপিদ টেষ্টিং ৷ এই পৰীক্ষণসমূহ প্ৰথমে চহৰখনৰ হ'টস্পট সমূহত কৰা হব বুলি নিৰ্দেশ প্ৰদান কৰে দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনে ৷ বৰ্তমানলৈ ৰাজ্যখনত COVID 19 ত আক্ৰান্তৰ সংখ্যা 669 গৰাকী ৷ ইয়াৰে 426 জন তবলিগী মাৰ্কাজৰ স'তে জড়িত ৷ দিল্লীৰ ষ্টেট কেন্সাৰ হাস্পতালৰ 21 গৰাকী চিকিৎসা কৰ্মী বৰ্তমানলৈ কৰ'ণাত আক্ৰান্ত ৷ ইতিমধ্যে হাস্পতালখনৰ 45 গৰাকী কৰ্মচাৰীক কোৱাৰান্টাইনলৈ প্ৰেৰণ কৰা হৈছে ৷ ৰাজ্যখনত বৰ্তমানলৈ কৰ'ণা পৰীক্ষণৰ বাবে 8 টা ব্যক্তিগত আৰু 7 টা চৰকাৰী লেৱৰটেৰী আছে ৷

মুম্বাইঃ চহৰখনত বুধবাৰে লক ডাউন ভংগ কাৰীৰ বাবে 464 টা গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷ বৰ্তমানলৈ 2850 জন লক ডাউন ভংগ কাৰীক আটক কৰিছে মহাৰাষ্ট্ৰ আৰক্ষীয়ে ৷ Bank of baroda য়ে বৃহস্পতিবাৰে ৰাইজৰ সুবিধাৰ্থে এখন ম'বাইল ATM উলিয়াই ৷ ৰাজ্যখনৰ কেবাটাও প্ৰান্তত এই মো'বাইল ATM ৰ পৰা সঁহাৰি পোৱা যাব ৷ আনহাতে কৰ'ণাত নিহত সকলৰ মৃতদেহসমূহ নিষ্কাষণ কৰা সকলৰ বাবে মুম্বাইৰ এটা বেচৰকাৰী সংস্থাই PPE প্ৰস্তুত কৰে ৷ BMC য়ে ইতিমধ্যে ৰাজ্যখনৰ 381 টা হ'টস্পট বিচাৰি উলিয়াইছে ৷

হাইদৰাবাদঃ COVID 19ৰ সংক্ৰমণ ৰোধৰ বাবে সাৰ্বজনিক স্থান, প্ৰতিষ্ঠান আৰু পথত পান, গুটখা ইত্যাদি খাই পিকোৱা অথবা যিকোনো ধৰনৰ গুটখা সেৱনত নিষেধাজ্ঞা জাৰি কৰিছে তেলেংগানা চৰকাৰে ৷ আনহাতে ৰাজ্যখনৰ Birla Institute of Technology & Science ৰ গৱেষকসকলে কৰ'ণা ৰোগীক চিকিৎসা প্ৰদান কৰি থকা সকলৰ বাবে non-hazardous and reusable 3D printed Face Shield উলিয়াই ৷ 40 টকাত বিক্ৰী কৰা হব একোখনকৈ ছীল্ড ৷ লক ডাউনৰ প্ৰায় অন্ত পৰি আহিছে যদিও হাইদৰাবাদত 12 টা হ'টস্পট চিনাক্ত কৰি উলিয়াইছে প্ৰশাসনে ৷

কলিকতাঃ কলিকতাত গৰম বন্ধৰ ছুটিসমূহ জুলাইৰ পৰিৱৰ্তে কিছু মাহ আগুৱাই দিয়াৰ পৰিকল্পনা কৰিছে চহৰখনৰ প্ৰায়সমূহ বিদ্যালয়ে ৷ আনহাতে, চহৰখনৰ M R Bangur হাস্পতালখন পৰিষ্কাৰ কৰি একমাত্ৰ কৰ'ণা হাস্পতাল বনোৱাৰ বাবে বুধবাৰ চিকিৎসালয়খনৰ ৰোগীক চহৰখনৰ কেবাখনো চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

আহমেদাবাদঃ গুজৰাটৰ 55 গৰাকী COVID 19 ত আক্ৰান্ত ৰোগীৰ ভিতৰত 50 গৰাকীয়ে আহমেদাবাদৰ বুলি জানিব পৰা গৈছে ৷ আহমেদাবাদ কালুপুৰ ৰে'লৱে ষ্টেচনে দেশখনৰ ভিতৰতে পোনপ্ৰথমে কেবাজনো লোকক চেনিটাইজ কৰিব পৰাকৈ এটা সুৰংগ সাজু কৰি উলিয়াইছে ৷

ছণ্ডিগড়ঃ 15 খনকৈ ব্যক্তিগত বিদ্যালয়ে এই সময়ছোৱাত মাচুল দাবী কৰাৰ বাবে পাঞ্জাবৰ শিক্ষা বিভাগে বিদ্যালয়সমূহৰ ওপৰত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে ৷ চৰকাৰৰ নিৰ্ৰ্দেশনা ভংগ কৰা 38 খন বিদ্যালয়ক ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে ৷ আনহাতে, জিলাখনৰ শিক্ষা বিষয়া অল্কা মেহৰাই বুধবাৰে সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত অন লাইন শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ অধ্যক্ষ সকলৰ স'তে আলোচনাত বহে ৷

Last Updated : Apr 9, 2020, 10:28 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.