ETV Bharat / bharat

শ্বহীদ চুবেদাৰ ৰাজেশ কুমাৰৰ স্মৃতিত উদ্যান অথবা বিদ্যালয় নিৰ্মাণৰ আহ্বান কন্যাৰ

author img

By

Published : Sep 4, 2020, 1:56 PM IST

জম্মু-কাশ্মীৰত দেশৰ বাবে প্ৰাণ আহুতি দিয়া চুবেদাৰ ৰাজেশ কুমাৰৰ কন্যাৰ বিশেষ আহ্বান। শ্বহীদ চুবেদাৰ ৰাজেশ কুমাৰৰ স্মৃতিত উদ্যান অথবা বিদ্যালয় নিৰ্মাণৰ অনুৰোধ জনালে কন্যাই।

শ্বহীদ চুবেদাৰ ৰাজেশ কুমাৰৰ স্মৃতিত উদ্যান অথবা বিদ্যালয় নিৰ্মাণৰ আহ্বান কন্যাৰ
শ্বহীদ চুবেদাৰ ৰাজেশ কুমাৰৰ স্মৃতিত উদ্যান অথবা বিদ্যালয় নিৰ্মাণৰ আহ্বান কন্যাৰ

নেশ্যনেল ডেস্ক, ৪ ছেপ্টেম্বৰ: মাতৃভূমিৰ সুৰক্ষাৰ স্বাৰ্থত আত্মবলিদান দিয়া চুবেদাৰ ৰাজেশ কুমাৰৰ স্মৃতি সজীৱ কৰি ৰখাৰ প্ৰয়াস কন্যাৰ । পিতৃৰ ত্যাগৰ স্মৃতিত উদ্যান অথবা বিদ্যালয় নিৰ্মাণৰ আহ্বান জনালে কন্যাই । জম্মু-কাশ্মীৰৰ ৰজৌৰী জিলাত পাকিস্তানী সেনাৰ গুলীত প্ৰাণ হেৰুৱাইছিল চুবেদাৰ ৰাজেশ কুমাৰে । শ্বহীদ সেনাজনৰ কন্যাই মন্তব্য কৰিছে পিতৃৰ স্মৃতিত চৰকাৰে, তোৰণ, উদ্যান অথবা বিদ্যালয় নিৰ্মাণ কৰিব বুলি আশাবাদী ।

পাকিস্তানী সেনাৰ আক্ৰমণত প্ৰাণ আহুতি দিয়া এছ এ টি এ ৰেজিমেণ্ট৬০ৰ চুবেদাৰ ৰাজেশ কুমাৰৰ বৃহস্পতিবাবে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন হয় । সেনা জোৱানগৰাকীৰ জন্মস্থান পঞ্জাৱৰ হোছিয়াৰপুৰ জিলাৰ কালিচপুৰ গাঁৱত পৰিয়ালৰ লগতে বহু লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । বুধবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে চুবেদাৰগৰাকীৰ শোকসন্তপ্ত পৰিয়ালটিলৈ সমবেদনা জ্ঞাপন কৰি ৫০লাখ টকা আগবঢ়োৱাৰ লগতে চৰকাৰী চাকৰি প্ৰদানৰ আশ্বাস দিয়ে। শ্বহীদ সেনা জোৱানজনৰ পিতৃ ৰামচন্দ্ৰও সেনা জোৱান হিচাপে কৰ্মৰত আছিল ।

লগতে পঢ়ক : সমাগত বিশ্বকৰ্মা পূজা: মৃৎ শিল্পীসকলৰ মাজত পূৰ্বৰ দৰে নাই উছাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.